মৃত্যুৰ বিভীষিকাই আজি পৃথিৱী কঁপায়—ড° প্ৰতুল বৰ্মন

মৃত্যুৰ বিভীষিকাই আজি পৃথিৱী কঁপায়,
মানুহৰ অহমিকা আজি লাজতে লুকায়

আকাশক জয় কৰি কিৰিলি পাৰিব খোজা
অহংকাৰৰ আজি নাই যে বিলাই৷

পৃথিৱী মানেই মাথো মানুহ নহয় আৰু
মানুহ বুলিলেই শ্ৰেষ্ঠ নহয়
মানুহেই মানুহক ধ্বংস কৰিব খোজে
এইয়া জানো আসুৰিক তৃপ্তি নহয়?
মানুহেই পৃথিৱীক ভৃত্য কৰিব খোজে
এইয়া জানো শাস্তিৰ যোগ্য নহয়?

আমি কৰিব লাগিব এই পণ
আমি জিকিব লাগিব এই ৰণ
অদেখা-অজানা নিষ্ঠুৰ শতৰুক
একতাৰ শকতিয়ে কৰিব লাগিব নিধন৷
ৰুষ্ট পৃথিৱীক তুষ্ট কৰিবলে আত্মবিশ্লষণ আছে প্ৰয়োজন৷
ইজনে সিজনৰ শুভকামনাৰে মানৱতাৰ কৰোঁ মহা আয়োজন৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!