মেঘৰ কথাৰে ( মাধুৰিমা ঘৰফলীয়া )
ৰাতি ক’ৰবাত শেৱালি ফুলিছিল চাগৈ, শেৱালিৰ গোন্ধ এটা চাৰিওফালে মলমলাই আছে। সেই গোন্ধটোতে মতলীয়া হৈয়ে নে আন কিবা কাৰণত জানো শালিকীকেইজনীমানে চোতালতে কেৰকেৰাই নাচি আছে। অদূৰৰ পানী এডোঙাত ঠেং চাফা কৰি কৰি হাঁহকেইজনীমানে বিয়নী মেল পাতিছে। বাৰাণ্ডাত পাটি এখনত উবুৰি খাই মেঘে এইবোৰকে লক্ষ্য কৰি আছে।
মেঘৰ মন বেয়া। বেয়া মানে দুবাৰমান উচুপি উচুপি কান্দিলেও। কিন্তু কোনেও উমানকে নাপালে আচলতে সি কিয় কান্দিছে! এই যে গম নাপালে এইটো দুখে মেঘক আৰু জুৰুলা কৰিলে। আইতাক নহ’লেও অন্তত মাকজনীয়েতো বুজি পাব লাগিছিল! নাই কোনেও তাক গুৰুত্বই নিদিলে। সি এতিয়াহে বুজি পাইছে তেওঁলোকে তাক ভালপাওঁ বুলি এনেইহে কয়। নহ’লে জানো…
কালি আবেলিলৈকে মেঘৰ মনটো ভালেই আছিল। বায়েকৰ সৈতে খেলিছিল, মাক-দেউতাকক হাঁহি হাঁহি নিজৰ ভাষাত কথা কৈছিল, আইতাকৰ মেকুৰীৰ নেজহেন চুলিখিনি ঘটালি দিছিল। দুপৰীয়া সময়তে ঘটা অঘটন এটা দেখিতো মেঘৰ সুখবোৰে শালিকী চৰাইৰ দৰে জঁপিয়াই উঠিছিল।
দুপৰীয়া সেইটো অঘটন বুলিয়ে ক’ব লাগিব। মেঘে চকু মেলাৰ পৰা দেখি আহিছে আইতাক ঘৰৰ ৰাণীৰ দৰে থাকে। সকলোৱে আইতাকৰ কথা আখৰে আখৰে পালন কৰে। আনকি দেউতাকৰ দৰে ওখ ডাঙৰ মানুহ এটাকো আইতাকে গালি পাৰি পাৰি মাত নাইকিয়া কৰি দিব পাৰে। সেইহেন প্ৰতাপী আইতাকক তাৰ তৃতীয় শ্ৰেণীত পঢ়া বায়েকে দুচাট দিলে কম ডাঙৰ কথা নে!
ঘটনাটো আৰম্ভণি ঘটিছিল পুৱাৰ ৰ’দজাকৰ পৰা। ৰ’দজাক ওলোৱাৰ লগে লগে গৰম বাঢ়ি আহিছিল। সিহঁত দুটাক খুৱাই-বোৱাই আইতাকৰ হাতত গতাই মাক স্কুললৈ গ’ল। দুপৰীয়ালৈকে বিশেষ একো প্ৰতিক্ৰিয়া দেখা নাছিল। কিন্তু মাক স্কুলৰ পৰা অহাৰ লগে লগে বায়েকৰ মুখখন ফুলি উঠিল। মাকে বহু দেৰি সোধাৰ পাছতো একো উত্তৰ নোপোৱাত আইতাকেই সুধিলে- হয়নে আমাৰ আইদেউৰ মুখখন বা কিয় ফুলিছে?
আইতাকৰ প্ৰশ্নটোৱে যেন আবেগ এখিনিত ফুটাহে কৰি দিলে। বায়েকে উচুপি উচুপি ক’বলৈ ধৰিলে- তোৰ আজিকালি অলপ বেছি ভেম হৈছে। তই বেয়া হৈ গৈছ।
– আয়ৈ মইনো কেনেকৈ বেয়া হ’লোঁ হয়নে?
– বেছি কথা নক’বি… বুলি কৈ বায়েকে হাতত লৈ থকা বিচনীখনেৰে আইতাকৰ টিকাতে দুচাট দি দিলে।
– তই আজিকালি ভাইটিক বেছি মৰম কৰ। আজি তই ভাইটিক বিচনীৰে বেছিকৈ বিচি আছিলি। মোক বিচি নিদিলিয়েই!
– এস মই দুয়োটাকে সমানে বিচি আছিলোঁ দেই।
টিকা মোহাৰি মোহাৰি আইতাকে দিয়া কৈফিয়ৎ শুনি বায়েক সুখী নহ’লেও মেঘ সুখী হৈছিল। আৰু লগতে বায়েকলৈ পুতৌ জাগিছিল। বেচেৰী বায়েকজনীক আজিকালি সকলোৱে তাতকৈ কম মৰম কৰে!
পিছে মেঘৰ সেইটো ভ্ৰম পণ্ড হ’বলৈ বেছি সময় নালাগিল।
গধূলি পঢ়াৰ সময়ত মেঘৰ সৈতে খেলিবলৈ নাপাই থেনথেনাই থকা বায়েকক আইতাকে দম দি ক’লে
– কালিলৈ পৰীক্ষা যদি ভাল নহয় ভায়েৰক কিন্তু সেই বেজী দিয়া ডাক্তৰজনৰ ওচৰত একেবাৰে থৈ আহিমগৈ!
ঘটং!
ক’ৰবাত যেন আকাশখনহে খহি পৰিল। মাকৰ কোলাত সোমাই টোপনিজনীৰ সৈতে ধেমালি কৰি থকা মেঘৰ তেনেকুৱা যেনেই লাগিল। সি লগে লগে মাকলৈ চালে কি জানো মাকে প্ৰতিবাদৰ সুৰত কিবা এষাৰ কয়েই! নাই, মাকে এটা শব্দও উচ্চাৰণ নকৰিলে।
আচৰিত!
তাতোকৈ আচৰিত কথা তাক ইমান মৰম কৰা আইতাকজনী কেনেকৈ ইমান নিষ্ঠুৰ হ’ব পাৰিলে! সেইজনী বায়েকৰ মগজুৰ সৈতে তাক বাজী লগালে যিজনী বায়েকে বিস্কুট এখন চুৰ কৰি খালেও ধৰা পৰে! নাই বায়েকৰ মগজুৰ ওপৰত মেঘৰ অকনো ভৰসা নাই। তাৰ অৰ্থ এইটোৱেই হ’ল যে সি সেই ডাক্তৰজনৰ ওচৰত থাকিবগৈ লাগিব। তাকো একেবাৰে! মাকৰ কোলা, মাকৰ গাৰ সেই খৰিকাজাঁই ফুলৰ দৰে গোন্ধটো, দেউতাক, বায়েক সকলোকে এৰি সি সেই বেয়া মানুহজনৰ কাষলৈ যাবগৈ লাগিব যিজনে সপোনতো বেজী দেখুৱাই তাক ভয় খুৱাই কন্দুৱাই দিয়ে। আস! কি যে এক ভয়ংকৰ দিনে তাৰ বাবে অপেক্ষা কৰি আছে!
চিন্তাতে কালি ৰাতিটো তাৰ ভালকৈ টোপনি নাহিল। আগতেও এনেকৈ দুবাৰমান টোপনি নহাত মাকে টোপনিজনীক কাণ চেপা এটা দি ধৰি আনিছিলগৈ। পিছে কালি মাকে টোপনিজনী বিচাৰি যোৱাটো দূৰৰে কথা, যাম বুলি তাক আশাও নিদিলে। মাকবোৰ ইমান সহজে সলনি হৈ যায় নে!
– আয়ৈ আমাৰ পেন্দুকণাটো অথনিৰে পৰা অকলেই খেলি আছে। আকাশে-পাতালে মনটো ঘূৰাই লৈ ফুৰা মেঘক খৰিকাজাঁইৰ গোন্ধটোৱে সাৱটি ধৰিলে। অত দেৰি থুপাই ৰখা শোকখিনি পাৰ ভাঙি ওলাই অহাত সি উচুপি উঠিল।
– অ’ মোৰ সোনগুটিটো নাপায় নহয় কান্দিব। মাজনী মোৰ বাবে পীৰা এখন আনাচোন!
মাকৰ পাছৰ বাক্যষাৰে মেঘক শংকিত কৰি তুলিলে। মাজনী বুলি মাতিছে মানে বায়েক স্কুলৰ পৰা আহিল। মানে এই যে সি মাকৰ কোলাত সোমাইছে এয়াই চাগৈ শেষবাৰৰ বাবে সোমাইছে! মহাৰাণী আইতাকৰ কথাটো কোনেও আওকাণ কৰিব নোৱাৰে আৰু বায়েকৰো যে পৰীক্ষা বেয়া হৈছে সেয়া খাটাং। মানে সি যাবই লাগিব! মেঘৰ চিঞৰি চিঞৰি কান্দিবলৈ মন গ’ল। তেনেতে বায়েক ওলালহি। তাই মাকক পীৰাখন গতাই মেঘলৈ চালে। মেঘৰ এনে লাগিল তাই যেন বৰ দুখেৰে তালৈ চাইছে। মৰতীজনীয়ে ভালকৈ নপঢ়িব আৰু শাস্তি খাবগৈ লাগিব সি। প্ৰচণ্ড খঙ এটাই মেঘৰ মুখখন ৰঙা কৰি পেলালে। বায়েকে আকৌ সেইখন মুখতে টপৰ টপৰকৈ চুমা দুটা খাই দিলে।
– মা..
বায়েকৰ মাত শুনি মেঘে কাণ থিয় কৰি ৰ’ল।
– হমম..
– আইতাই কৈছিল মোৰ পৰীক্ষা বেয়া হ’লে বোলে ভাইটিক ডাক্তৰ খুৰাক দি দিব? সঁচাকৈয়ে নেকি মা?
আবেলিৰ বেলিটো আহি মাকৰ মুখত আচাৰ খাই পৰিল। বেলিটোৰ দৰেই ধুনীয়া হাঁহি এটা মুখত ওলমাই মাকে এইবাৰ বায়েককো কোলালৈ টানি আনি আনিলে। মেঘৰ বুকুৰ মাজত ইতিমধ্যে ৰে’ল এখন চলিবলৈ আৰম্ভ কৰিলে। মাকে মাজনীৰ গালত চুমা এটা খাই ক’লে
– আইতাই এনেয়েহে কৈছে। তোমালোক দুটাক কোনেও মোৰ কাষৰ পৰা আঁতৰাই নিনিয়ে নহয়। নিবও নোৱাৰে।
সঁচা!!!
মাকৰ কথাষাৰ শুনিয়েই চোতালত টেপটেপাই থকা হাঁহকেইজনীয়ে পাখি মেলি শেৱালীফুলৰ গোন্ধটো বিচাৰি দৌৰি গ’ল। শালিকীকেইজনীয়ে এইবাৰ সুখ এসোপা পিঠিত বান্ধি মেঘৰ বুকুলৈ নামি আহিল। আৰু মেঘে.. সি টোপনিজনীলৈ চকু টিপ এটা মাৰি সুখখিনি আকোৱালি ল’লে!