মেজাগ্নি (নাং দীপালী দুৱৰা)

নাং দীপালী দুৱৰা

(আজি আকৌ এবাৰ তোৰ ৰাজ-অভিষেক/ তমসাৰ আত্মজাহ।/ আকৌ এবাৰ আমি আহূতি দিম / সমাজৰ ক্লীৱত্বক।)

মেজিৰ জুইকুৰাৰে সকলো দুৰ্বলতা, সীমাবদ্ধতা, বীৰ্যহীনতাক ছাই কৰি এইদৰে এখন নতুন সমাজৰ কামনা কৰিছে কবি নাং দীপালী দুৱৰাই—

 

মেজাগ্নি

(১)
নগ্নতাৰ তই প্রথম উলাহ
তোৰ পিঠিতেই দৌৰিছিল
সভ্যতাৰ আকাশমুখী সোপান
তয়ে লিখিছিলি প্রথম
জীৱনমুখী দলিল ।

(২)

আজি আকৌ এবাৰ তোৰ ৰাজ-অভিষেক
তমসাৰ আত্মজাহ ।
আকৌ এবাৰ আমি আহূতি দিম
সমাজৰ ক্লীৱত্বক ।

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!