মেটেকাৰ শিপাডাল (তনুৰূপা গোস্বামী)

শিপাডাল বিচাৰি উধাতু খাওঁ মাজে মাজে৷ মই উচ্চতৰ মাধ্যমিকত পঢ়ি থকা কালত চাগে, কোনো এখন সাপ্তাহিক আলোচনীত পাইছিলো এটা নতুন আৰু আচৰিত শব্দ “মেটেকা প্ৰজন্ম“৷ এতিয়া ফেচবুকতো কোনো কোনো লেখকে সতকাই ব্যৱহাৰ কৰে শব্দটি৷ বৰ আপোন যেন লাগে শব্দটি৷ আমাৰ প্ৰজন্মটোই মেটেকা প্ৰজন্ম নহয় জানো৷ আমি নিজ পৰম্পৰাক, আচাৰ ব্যৱহাৰ, ৰীতি নীতিক লৈ গৰ্ব কৰো, কিন্তুু সেইবোৰৰ শুদ্ধ ৰূপ আমাৰ অগোচৰ৷ ঠিক মেটেকাৰ দৰে আমাৰ অস্তিত্ব, যেতিয়া পদুম দেখো, তেতিয়া আমিও পদুমৰ দৰে এডাল শক্তিশালী শিপা আমাৰো আছে বুলি বিচাৰি ফুৰো৷ দীপাৱলীৰ কলগছত জ্বলোৱা চাকি, বগাত ৰঙা ফুলৰ গামোচাখন, দেওধনী নৃত্য, কাৰ্তিকাই পূজা, এউৰী মাগা, ঢুইলা, কুশান নৃত্য ইত্যাদিতেই মোৰ শিপাডাল আছে, নেদেখা শিপা, কিন্তুু টান শিপা, মোৰ পিছৰ প্ৰজন্মটোক টানকৈ বন্ধাৰ শক্তি মোৰ শিপাডালৰ আছে যেন লাগে৷ এতিয়াও মোৰ মাৰ নলবাৰী জিলাস্থিত গাঁৱৰ মানুহৰ প্ৰধান উৎসৱ “গণেশ পূজা“৷ অনুসন্ধিৎসু মনে আতাৰ পৰা খুচুৰি গম পাইছিল যে প্ৰায় এহেজাৰ বছৰ পূৰ্ৱে সেই গাঁৱৰ বেছিভাগেই কনৌজ আৰু মহাৰাষ্ট্ৰৰ পৰা অহা, ৰজাঘৰীয়া আতিথ্য লভা, সেয়ে অসম দেশত বিলীন হৈও শিপাডাল যেন ক’ৰবাত লাগি থাকিল, গণেশ পূজাৰ জৰিয়তে৷ পিতৃকূলৰো বংশাৱলী আৰম্ভ হৈছে বৰ্দ্ধমানৰ পৰা, আহোম ৰাজত্ব কালত পিতৃকুলৰ পূৰ্বপুৰুষক অনা হৈছিল অসমলৈ, বৰ্তমান বৰপেটা জিলাস্থিত ঘৰৰ “শালগ্ৰাম“ আমাৰ প্ৰধান পূজ্য দেৱতা, সেয়াই যেন শিপা৷ ধৰ্ম, ৰীতি, পৰম্পৰাতেই লুকাই থাকে শিপাবোৰ৷ সানমিহলি হ’লেও এই শিপাবোৰেই বান্ধি ৰাখে একোখন সমাজ আৰু সমাজ ব্যৱস্থা৷ মই জন্মো আৰু ডাঙৰ দীঘল হওঁ ধুবুৰী জিলাত৷ গোৱালপাৰীয়া ভাৱাইয়াই যেনেকৈ চকুপানী আনে, কামৰূপীয়া ঢুইলাই আনন্দ আনে৷ বাঁস পূজাৰ দেওঁধা উঠা চাই যেনেকৈ “মা কালি“ক সেৱা কৰো, গোটেই ৰাতি ভাগৱত পাঠ শুনিও শান্তি লভো৷ মোৰ ধৰ্মত বিচাৰি পাওঁ মই মোৰ শিপাডাল৷ ভিন ভিন সময়ত ভিন ভিন গোষ্ঠীৰ আগমনৰ ফলতেই গঢ় লৈছিল আমাৰ বৰ অসম, সকলো গোষ্ঠীয়ে নিজৰ শিপাডাল ৰাখি সমিলমিলেৰে আনৰ শিপাতো সাৰ পানী যোগাই আগবঢ়াই আনিছে অসমীয়া বোলাৰ এক সুকীয়া অস্তিত্ব৷ আমাৰ গোষ্ঠীৰ প্ৰত্যকটো শুভকৰ্মৰ আগত পূৰ্বপুৰুষক পূজা এভাগ আগবঢ়োৱাটো বাধ্যতামূলক, হয়তো শিপাডাল বিলীন নহ’বলৈ গুৰুজনৰ সেয়া এক প্ৰয়াস৷ আচাৰ ব্যৱহাৰ সময় সাপেক্ষে, পৰিস্থিতি সাপেক্ষে প্ৰত্যক গোষ্ঠীৰেই সলনি হৈ গৈ থাকে, সেয়া সময়ৰ আহ্বান, কিন্তুু শিপাডাল? ? ? শিপাডালক সাৰ পানী দি জীয়াই ৰাখি নিজৰ অস্তিত্বৰ সুখ লভাকণ সকলোৰে আশা (কিছুমানৰ ব্যক্ত আশা কিছুমানৰ অব্যক্ত আশা)৷ যেনে ধৰক, অসমৰ বাহিৰত কাৰোবাৰ গলত অসমীয়া গামোচাখন দেখিলেই কথা ক’ব মন যোৱা ইচ্ছাটো৷ সেই ইচ্ছাটোই আমাৰ দৰে মেটেকাবোৰৰ শিপা৷ এই শিপা দৃঢ় হওক৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!