মেনিনজাইটিছ আৰু মোৰ সন্তান – ৰশ্মিৰেখা চুতীয়া হাজৰিকা
আজি কেইমাহমানৰ আগতে মই এই মঞ্চত মোৰ সন্তানৰ জন্মৰ পিছত হোৱা মেনিনজাইটিছ নামৰ মগজুৰ প্ৰদাহৰ কথা লিখিছিলোঁ৷ বহু লোকে মোক মন্তব্য দিছিল, আজিও দি আছে৷ সকলোলৈকে মই আন্তৰিক ধন্যবাদ পুনৰবাৰ দিলোঁ৷ মোৰ দৰেই বহু মাতৃ বা পিতৃ এনে দুখৰ দিন অতিবাহিত কৰি আহিছে৷ তেওঁলোক খুবেই সাহসী৷ বান্ধৱী Mridusmita Ankur Raj ও এনে এগৰাকী মাতৃ যি এতিয়াও যুঁজি আছে৷ তেওঁক অন্তৰৰ সমস্ত শুভেচ্ছা যাচিছোঁ৷ যাতে জয়ী হয়৷
মেনিনজাইটিছ এবাৰ হৈ যোৱাৰ পাছত আৰু কেতিয়াও নহয় বুলি ভবাটো ভুল৷ কাৰণ ইয়াৰ পাৰ্শ্বক্ৰিয়া বহু বছৰৰ পাছতো হ’ব পাৰে৷ অথবা নহ’বও পাৰে৷ তাৰ কোনো নিশ্চয়তা নাই৷ এয়া মোৰ কথা নহয়, চিকিৎসকৰ ভাষ্য৷ মোৰ উক্ত পোষ্টটোত দিয়া মন্তব্যৰ পৰা জানিব পৰিছিলোঁ যে ভুক্তভোগী বহু আছে৷ আমিয়েই কেৱল নহয়৷
আজি মই মোৰ সন্তানটিৰ কথা আকৌ কবলৈ লৈছোঁ৷ আমি তাৰ নাম মায়ংক ৰাখিছোঁ৷ “জোন“ ৰ আন এক নাম মায়ংক৷ প্ৰতিটো অমাৱস্যাৰ পাছত যেনেকৈ জোনটো উজলি উঠে ঠিক তেনেদৰেই জীৱনৰ প্ৰথম মাহকেইটা অশেষ কষ্টৰে পাৰ কৰি পুনৰ জী উঠাৰ বাবেই “মায়ংক৷“
যিহেতু আগৰ অংশত মই তাৰ চাৰিমাহৰ পাছত জণ্ডিজ শেষ হৈ পৰিল বুলি কৈছোৱেই৷ তাৰ পৰৱৰ্তী দিনবোৰ সুন্দৰকৈ পাৰ হৈ গৈছিল৷ হয় দিনক দিনে ইমান মৰমলগা আৰু সুন্দৰ স্বাস্থ্যৰ অধিকাৰী হৈছিল যে কি কম! সময় অনুযায়ী প্ৰতিটো স্তৰ পাৰ হৈ গৈছিল৷ অৱশ্যে বৰ্তমান বয়সৰ লগত দুমাহ পিছুৱাই৷ কাৰণ সি দুমাহ আগতেই জন্ম হৈছিল৷ আমিও বৰ বেছিকৈ চিন্তা কৰা নাছিলোঁ৷
লাহে লাহে জু(ঘৰত মতা নাম) উবুৰি হ’ল, হাতেৰে পুতলা লৈ খেলিব পৰা হ’ল, হাঁহি হাঁহি প্ৰত্যুত্তৰ দিব পৰা হ’ল, কলকলালে মুঠতে সকলোখিনি কৰিব পৰা হ’ল৷ এনেদৰেই সময় বাগৰি ছমাহ পাৰ হৈ আঠমাহত সোমাল৷ মোৰো ছুটিৰ দিন শেষ হ’ল৷ কৰ্তব্যত যোগদান কৰিলোঁ৷ ঘৰত দেউতাকৰ সমস্ত সময় আৰু মনোযোগ জুৰ কাৰণে৷ ঘৰৰ পৰাই ব্যৱসায় সংক্ৰান্তীয় কামবোৰ চম্ভালি গ’ল৷ আইতাক আৰু খুড়াকৰ বৰ হেঁপাহৰ জু৷
আঠমাহ চলি থাকোঁতেই জুৰ ডাঙৰ পেহীয়েক আহিল৷ নিজৰ অভিজ্ঞতাৰ পৰা তাই জুক কাষত গাৰু দি বহুৱাই দিয়াৰ দৰে কৰে৷ চাৰিওফালৰ গাৰুৰ হেঁচাত অলপ বেকাকৈ হলেও জু বহি থাকে৷ আমিও ভাবিলোঁ এনেদৰেই এদিন বহিব পৰা হ’ব৷ কিন্তু বিধাতাই তেনে লিখা নাছিল! ৰেগুলাৰ চেকআপত নিওঁতে ডঃ ৰীতা বৰা বাইদেৱে জুক বহুৱাই চালে৷ কিন্তু জু আগলৈ হাউলি গ’ল৷ ভৰি দুটাও যথেষ্ট ষ্টীফ৷ লগে লগে বাইদেৱে আমাক আদিত্য হস্পিতালৰ ফিজিও থেৰাপিষ্ট ডঃ শ্ৰীকান্তৰ ওচৰলৈ ৰেফাৰ কৰিলে৷
ডঃ শ্ৰীকান্তে জুক চাই মেলি দুটামান ব্যায়াম কৰি চালে৷ সঁচাকৈয়ে দুয়োটা ভৰি বহুত ষ্টীফ৷ ৰাজহাড় ৰ দুৰ্বলতা বুলি অনুমান কৰিলে৷ যিহেতু কেঁচুৱাতেই জুৰ CSF কৰা হৈছিল মেনিনজাইটিছৰ বাবে৷ তাৰেই পাৰ্শ্বক্ৰিয়া এয়া৷ ডঃ য়ে তিনিমাহৰ এটা কোৰ্স কৰিব দিলে৷ প্ৰতিদিনে আবেলি দুঘণ্টা৷ আমি বহু আশাৰে বাট চালোঁ কোৰ্সটো লৈ৷
যিহেতু সেইসময়ত মই চাকৰিত যোগদান কৰিছিলোঁ৷ তাতে দীৰ্ঘদূৰত্বত৷ জু জন্মৰ আগৰে পৰা নিজা গাড়ীৰে অহা-যোৱা কৰিছিলোঁ৷ কিন্ত পাছত ভৱিষ্যতৰ কথা ভাবি গাড়ীৰ সলনি বাছত যোৱা আৰম্ভ কৰিলোঁ৷ ভলভ’ বাছৰ আৰামদায়ক যাত্ৰা৷ কিন্তু অহা সময়ত সোনকালে ঘৰ পাবলৈ পাঁচখন গাড়ী সলনি কৰি আহোঁ৷ আহিয়েই গা ধুই আকৌ জুক লৈ হস্পিতাললৈ দৌৰো৷ ভোক-ভাগৰ পাহৰি গৈছিলোঁ৷ নিজৰ স্বাস্থ্য লৈও সচেতন নাছিলোঁ৷ কিন্তু মনত সাহস আৰু কৰ্মক আগত ৰাখি মানসিক চাপক আঁতৰাই ৰাখিছিলোঁ৷ দুঘণ্টা কৈ দৈনিক ফিজিউথেৰাপি৷ কিছুমান আমি শিকি লৈছিলোঁ৷ ঘৰলৈ ডাঙৰ পাম্প দিয়া বল কিনি আনিছিলোঁ৷ মানসিক স্বাস্থ্য বৃদ্ধিৰ বাবে বিভিন্ন ৰঙৰ আৰু কেইবাতৰপীয়া কণী, বল, বাকচ জাতীয় খেলনা বোৰ কিনি আনিছিলোঁ৷ সাধুকথা, নিচুকনি গীত, সংগীত আদিবোৰ দৈনন্দিন ৰুটিন আছিল৷ ছবি থকা কিতাপ আনি দি দিছিলোঁ৷
অশেষ চেষ্টাৰ পাছত জুয়ে এদিন বহিব পৰা হ’ল৷ বগাব পাৰিলে৷ হাত-ভৰিৰ জঠৰতা কমিল৷ ডিঙি পোন হ’ল৷ কিন্তু মূৰটো এটা ফালে হেলনীয়াকৈ ৰাখে৷ তাৰো পাছত স্বাভাৱিক অৱস্থালৈ আহিল৷ প্ৰায় পোন্ধৰ মাহত মাত ফুটিলে৷ লাহে লাহে কথা ক’লে, খোজ কাঢ়িলে, দৌৰিব পৰা হ’ল৷ কিন্তু সি বাওঁ হাতেৰে কাম কৰিব ধৰিলে৷ আনকি খোৱা-বোৱা ও৷
তিনিবছৰত স্কুলত দিলোঁ৷ প্ৰথমতে লিখাত কষ্ট পাইছিল৷ পেঞ্চিলডাল ধৰিছিল যদিও আঙুলিত গ্ৰিপ নাছিল৷ বহু কষ্টৰে শিকাইছিলোঁ৷ পৰা হ’লগৈ৷ স্কুলত শিক্ষয়িত্ৰী ক বাৰে বাৰে অনুৰোধ কৰিছিলোঁ৷ তেওঁলোকেও চেষ্টা কৰিছিল৷ সকলোৰে চেষ্টাৰ বলত বাওঁহাতেৰে লিখিব পৰা হ’ল৷ আজি সি চাৰে পাঁচবছৰীয়া৷ ডিব্ৰুগড়ৰ চাল্ট ব্ৰুক স্কুলৰ নাৰ্ছাৰী শ্ৰেণীত পঢ়ে৷ আখৰবোৰ অলপ বেয়া৷ মানে নিজৰ পছন্দৰ মালিক৷ হ’লেও বহুখিনি উন্নত হ’ল৷ কিন্তু ভয় এটাই অহৰহ খেদি ফুৰে৷
আমাৰ এই যাত্ৰাত বহু লোকে মানসিক ভাৱে সাহায্য দিছে৷ ইয়ো একপ্ৰকাৰৰ শান্তি৷ যুঁজিবলৈ প্ৰেৰণা দিয়ে৷ তেওঁলোক সকলোলৈকে মোৰ কৃতজ্ঞতা জনালোঁ৷ পুনৰবাৰ অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ আৰু আলোচনা আগবঢ়াব বুলি আশা কৰিলোঁ এই মঞ্চত৷ বহু লোকৰে সুবিধা হ’ব৷
ৰশ্মিৰেখা চুতীয়া হাজৰিকা