মেম’ৰেবল ম’মেণ্ট (ঈশানজ্যোতি বৰা)
ৰাজনৈতিক বিশ্লেষকৰ গোটটোত নতুনকৈ নামভৰ্তি কৰা লুইতপৰীয়া শক্তিৱান পুৰুষ শ্ৰীযুত ত্ৰৈলোক্য মোহন ভাগৱতীৰ লোকপ্ৰিয়তা দিনক দিনে বাঢ়ি গৈছে৷ নিউজ চেনেল,দৈনিক বাতৰি কাকত-সকলোতে এতিয়া ভাগৱতীয়েই ভাগৱতী৷ কাকতত লেখা ওলালেই তেওঁৰ ম’বাইললৈ দেশৰ বাহিৰ-ভিতৰৰ পৰা শ-শ ফোনকল,মেচেজৰ লানি নিছিগা সোঁত ব’বলৈ ধৰে৷ পুৰণি ম’বাইলটো দলিয়াই ভাগৱতীয়ে যোৱা সপ্তাহত নতুন স্মাৰ্টফোন এটা ক্ৰয় কৰিছে৷ এতিয়া আৰু মেম’ৰি শেষ হোৱাৰ আতংকত ভুগিব নালাগে৷ ভাগৱতীৰ জয়জয়-ময়ময়ে ডিজিটেল পৃথিৱীখনকো সামৰি লৈছে৷ ফে’চবুক,টুইটাৰত তেখেতৰ অনুগামীৰ সংখ্যাই হাজাৰৰ ঘৰ অতিক্ৰম কৰিছে৷ প্ৰশংসাসূচক মন্তব্যৰে হোৱাটছ্ আপৰ চোতাল ভৰি পৰিছে৷
অ’ ; এইটো কথা অৱশ্যে সুকীয়া যে- চহৰৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠানৰ ৰাজনীতি বিজ্ঞানৰ প্ৰবক্তা শ্ৰীযুত ভাগৱতীক ছাত্ৰ-ছাত্ৰীসকলৰ অধিকাংশই চিনি নাপায়,কোনোৱে তেওঁৰ নামটোকে শুনা নাই, নিশাৰ টক্-শ্ব’বোৰলৈ প্ৰস্তুতি চলোৱাত শ্ৰীযুত ভাগৱতী এইকেইদিন ইমানেই ব্যস্ত যে কলেজৰ পাঠ্যক্ৰমত চকু দিবলৈ তেওঁৰ আহৰি নাই৷ কিন্তু সেইবোৰ কথাক লৈ তেওঁৰ মনত কিঞ্চিতো খেদ নাই৷ এইবোৰ সৰু-সুৰা ভাত খোৱা,মাছ খোৱাৰ কথাক লৈ বেছি মূৰ ঘমাই থাকিলে দেশ কেনেকৈ চলিব ? নিত্য-নতুন সমস্যাৰ বোজা কঢ়িয়াই মাজসাগৰত টুলুং ভুটুঙকৈ ওপঙি থকা অসমৰ অধঃপতিত নাওখন একেবাৰে সাগৰৰ তলি নাপাবগৈ জানো ? নিবনুৱা সমস্যা,বাংলাদেশীৰ সমস্যা,উদ্যোগীকৰণৰ সমস্যা-ইত্যাদি শত-সহস্ৰ সমস্যাৰ সমুখত ‘চিলেবাছত চকু দিবলৈ সময় নোপোৱা’ সমস্যাটোৱে পাত্তা পায় জানো? ‘ধেই৷ একেবাৰে গুৰুত্বহীন কথা এইবোৰ৷ কেন্ বি নেগ্লেকটেড্৷’- কপালত পৰি থকা চুলিকেইডাল ওপৰলৈ ফু মাৰি ভাগৱতীয়ে কৈ উঠে৷
সেয়ে,
সেয়ে শ্ৰীযুত ত্ৰৈলোক্য মোহন ভাগৱতীয়ে জোৰদাৰ প্ৰস্তুতি চলাই গৈছে৷ যি কোনো উপায়েৰে অসমক বচাব লাগে৷ সৌসিদিনাখন বৰঠাকুৰৰ ল’ৰা পোণাটিৰ বাৰ্থ-ডে পাৰ্টিত হাজাৰটকীয়া বিলাতী সুৰাৰে গলটো তিয়াই ‘চাৰ বটল ভদকা’ৰ তালে-তালে ‘নাগিন-ডান্স’ত মত্ত হৈ থকা ভাগৱতীৰ তেজত এতিয়া এশ শতাংশই খাঁটি জাতীয়তাবাদ বিৰাজমান৷ ‘জাতীয় ঐক্য’, ‘জাতীয় সংহতি’-ইত্যাদি জাতীয় শব্দৰ সঠিক সংজ্ঞাবোৰ তেওঁ ইতিমধ্যেই মুখস্থ কৰি পেলাইছে৷ অসম বুৰঞ্জী,ভাৰত বুৰঞ্জী,অসমৰ ৰাজনৈতিক ইতিহাস সব পাত-পাত কৰি দিছে৷ হেম কোষ, আধুনিক অসমীয়া অভিধানকে ধৰি আটাইকেইখন অসমীয়া অভিধান মোকলাই টক্-শ্ব’বোৰত অনাৱিষ্কৃত হৈ থকা কেতবোৰ নতুন শব্দৰ ব্যৱহাৰ আৰু প্ৰয়োগৰ বিষয়ে খৰচি মাৰি অধ্যয়ন কৰিছে৷
সক্ৰিয় অসমীয়া বলেন দত্তক নিজৰ গুৰু হিচাপে গ্ৰহণ কৰা ভাগৱতীয়ে নিতৌ শোৱাৰ পৰা উঠিয়েই আইনাখনৰ সমুখত থিয় হয় আৰু দুইৰ পৰা তিনি ঘণ্টা পৰ্যন্ত ৰাজনৈতিক দল-সংগঠনৰ ওপৰত মৌখিক অত্যাচাৰ চলায়৷ ভাগৱতীৰ কথাৰ কি দুৰন্ত লয়,কি দুৰ্দান্ত গতি ! প্ৰতিটো বাক্যতে কি জোৰদাৰ শ্লেষ ! কি তীব্ৰ বিদ্ৰুপ ! অসমৰ জকাইচুকীয়া গাঁৱৰ মানুহে নামেই নুশুনা বিখ্যাত মনিষী একোজনৰ ‘সোণসেৰীয়া কথা’ৰে সমৃদ্ধ ভাগৱতীৰ প্ৰত্যেকটো বক্তব্যই প্ৰতিপক্ষক ধৰাশায়ী কৰি পেলায়৷ মেচিনগানৰ মুখেৰে ওলোৱা গুলিবোৰেও চাগে শত্ৰুৰ ওপৰত সিমান ‘ইমপেক্ট’ পেলাব নোৱাৰে, যিমান ‘ইমপেক্ট’ পেলায় ভাগৱতীৰ পাঁচ মিনিটীয়া এটা ক্ষুৰধাৰ বক্তব্যত বাহিৰ হোৱা শক্তিশালী শব্দবোৰে৷
সেইজন আত্ম-বিশ্বাসী,চিৰতৰুণ ভাগৱতীৰ মনটো আজি উগুল-থুগুল৷ অলপ নাৰ্ভাচনেছতো আক্ৰান্ত তেওঁ৷ কপালত চুলিকেইডাল বহুপৰ ধৰি পৰি আছে৷ ভাগৱতীৰ কাণষাৰ নাই৷ এপাকত পত্নীয়েহে আহি চুলিকেইডাল সঠিক ঠাইত থৈ গ’ল৷ পত্নীৰ উপস্থিতিৰ বিষয়ে ভাগৱতীয়ে উমানেই নাপালে৷
আজি সন্ধ্যাৰ অনুষ্ঠানটো তেওঁৰ ‘বিশ্লেষক’ কেৰিয়াৰৰ বাবে অন্যতম গুৰুত্বপূৰ্ণ অনুষ্ঠান হিচাপে চিহ্নিত হৈছে৷ আজি অনুষ্ঠানলৈ আগমন ঘটিব সেইজন অসমীয়াৰ,যিজন অসমীয়াৰ অনন্য ব্যক্তিত্ব,অদ্বিতীয় প্ৰতিভা আৰু তীক্ষ্ণ মেধাই ভাগৱতীক প্ৰতিমুহূৰ্ততে বিস্ময়-বিমুগ্ধ কৰি ৰাখে৷ টেলিভিশ্যনৰ পৰ্দাত প্ৰথমবাৰ প্ৰত্যক্ষ কৰোঁতেই যিজন ব্যক্তিৰ তেওঁ হৈ পৰিছিল ‘বিগ ফেন’; সেইজন চিৰসচেতন,সদাজাগ্ৰত অসমীয়া_ বলেন দত্তক আজি তেওঁ লগ পাব৷ আস্ ! কম ডাঙৰ কথানে? নিশ্চিতভাৱে তেওঁৰ জীৱনৰ এইয়া এক মেম’ৰেবল ম’মেণ্ট,এ মেম’ৰেবল ডে’৷ তেওঁৰ বিৰাট হেঁপাহ- দত্তছাৰৰ লগত এখন ছেল্ফি উঠি ফে’চবুকত আপলোড কৰিব আৰু কুইণ্টলৰ হিচাপত লাইক,কমেণ্ট সামৰিব৷ অসমৰ ইতিহাসত এটা অভূতপূৰ্ব,অশ্ৰুতপূৰ্ব ‘মহাকাণ্ড’ আজি তেওঁ সংঘটিত কৰি পেলাব৷
‘হে মা কামাখ্যা,মোক শক্তি দিয়া৷’-গলটোত ‘টাই’ডাল ‘ফিটিং’ কৰি ভাগৱতীয়ে মা কামাখ্যাক সুঁৱৰিলে৷
‘পপুলাৰ আছামিজ’ ভাষাত ক’বলৈ গ’লে ভাগৱতীয়ে ‘ফালি দিলে’, একেবাৰে ‘হিলাই দিলে’৷ ‘আগন্তুক বিধানসভা নিৰ্বাচনক শৰাইঘাটৰ যুঁজৰ মৰ্যাদা দিয়া উচিত নে?’শীৰ্ষক বিষয়ত উদাত্ত ভাষণ ৰাখি ভাগৱতীয়ে পুনৰবাৰ তেওঁৰ চমৎকাৰী বিশ্লেষণ-প্ৰতিভাৰ প্ৰমাণ দিলে৷ অনুষ্ঠানৰ শেষত ষ্টুডিঅ’ত বহি থকা বিভিন্ন বয়সৰ দৰ্শকে উঠি আহি ভাগৱতীৰ লগত কৰমৰ্দন কৰাৰ ঘটনাটো আছিল আজিৰ দিনটোৰ অন্যতম এটা ভাল ঘটনা৷ স্বয়ং অনুষ্ঠানৰ পৰিৱেশক হাজিৰ হুছেইন দাদাই ‘ওৱানদাৰফুল,এমেইজিং’ বুলি কৈ দিছে৷ আৰু কিবা লাগেনে? লাগে৷ ভাগৱতীক সেই ‘মেম’ৰেবল ম’মেণ্ট’টো লাগে৷
‘সেইয়া ছাৰ বহাৰ পৰা উঠিছে৷’-শংকিত মন এটাৰে ভাগৱতী দত্তৰ কাষলৈ গ’ল৷
‘ছাৰ৷’- আৱেগ আৰু উৎকণ্ঠাই উপৰ্যুপৰি খুন্দিয়াই থকা ভাগৱতীৰ মুখৰ পৰা হঠাতে শব্দটো ওলাই গ’ল৷
‘অ’ কওকচোন৷’-পিন্ধি থকা কোটটোৰ বুটামটো মাৰি দত্তই ভাগৱতীৰ চকুত চকু থ’লে৷
“ছাৰ,মানে..”
“হয় কওক৷”
“ছাৰ মানে আপোনাৰ সৈতে ছেল্ফি এখন উঠাৰ মোৰ মন আছিল৷”-কথাষাৰ কৈয়েই ভাগৱতী দুখোজ পিছুৱাই আহিল৷ ‘খঙাল মানুহ’ বুলি তেখেতৰ নাম এটা আছে৷
“কি ছেল্ফি?” গুৰু-গম্ভীৰ স্বৰেৰে দত্তই সুধিলে৷
“ছাৰ,এই যে আজিকালি খুউব চলিছে৷ ম’বাইলটোৰ সমুখলৈ মুখখন আনি যে মানুহবোৰে ফটো উঠে৷ মানে আপুনি বেয়া নাপাই যদি মই ম’বাইলটো উলিয়াইছোঁৱেই আৰু…”
দত্তৰ দৰে পণ্ডিত এজনক যে ভাগৱতীয়ে জ্ঞানৰ পবিত্ৰ পোহৰেৰে আলোকিত কৰিব পাৰিছে, কথাটো ভাগৱতীৰ বিশ্বাসেই হোৱা নাই৷
“ফটোখন উঠাই কি কৰিব?” গভীৰ মনোযোগেৰে ব্যাখ্যা শুনি উঠি দত্তই সন্দেহৰ দৃষ্টিৰে ভাগৱতীলৈ চালে৷
“ছাৰ,মোৰ জীৱনৰ অন্যতম মুহূৰ্তৰ ছবিখন সংৰক্ষণ কৰিম বুলি ভাবিছোঁ৷ এইটো মোৰ বহুদিনীয়া হেঁপাহ৷ ওপৰত লিখা থাকিব- ছেল্ফি ৱিথ মাই গুৰু৷”
“ঠিক আছে৷ ফটো উঠিম৷ মোৰ আপত্তি নাই৷ কিন্তু তাৰ আগতে মোক ছেল্ফিৰ অসমীয়া প্ৰতিশব্দটো ক’ব লাগিব৷ মোৰ ফটোখনত আপুনি ইংলিছমীয়া শব্দেৰে নামাকৰণ কৰিব নোৱাৰিব৷ ধন্যবাদ৷ ”
উশাহ নসলোৱাকৈ কথাকেইটা কৈ দত্তই কোঠাৰ পৰা প্ৰস্থান কৰিলে৷ ভাগৱতীয়ে মাথোঁ চাই ৰ’ল৷ তেওঁৰ চকুত নিৰাশা? অসম্ভৱ কথা এইবোৰ- ভাগৱতী আৰু নিৰাশ ! গছত গৰু উঠাৰ দৰে কথা৷ বিষাদ,বেদনা,হতাশা,নিৰাশা আদিৰ দৰে নেতিবাচক শক্তিয়ে তেওঁৰ ‘আত্মবিশ্বাস’ৰ কেইবামহলীয়া অট্টালিকাটো চূৰমাৰ কৰাতো বাদেই,স্পৰ্শ কৰাৰে সাধ্য নাই৷
গতিকে,
গতিকে,ভাগৱতী এতিয়া ‘ছেলফি’ৰ অসমীয়া প্ৰতিশব্দ বিচৰাত ব্যস্ত৷ তেওঁৰ বিশ্বাস আছে,তেওঁ পাৰিব৷ নিজৰ ম’বাইলত তেওঁ পৰম আকাংক্ষিত “মেম’ৰেবল ম’মেণ্ট”টোৰ ফটো ল’ব পাৰিব৷ দিনটোৰ চৌবিশঘণ্টায়েই ত্ৰৈলোক্য মোহন ভাগৱতীৰ চেতন-অৱচেতন মনত এটাই মাথোঁ প্ৰশ্ন ঢপলিয়াই ফুৰিছে-“কি? ‘ছেল্ফি’ৰ অসমীয়া প্ৰতিশব্দ কি?’ বাংলাদেশী, দুৰ্নীতি,বান-গৰাখহনীয়াৰ দৰে এইটোও এতিয়া এটা জাতীয় সমস্যা৷ অইনৰ বাবে নহ’লেও ভাগৱতীৰ বাবে৷
আৰু- ‘কলেজ,লেকচাৰ,ষ্টুডেণ্ট,চিলেবাছ..সেইবোৰ?”
ইমান ডাঙৰ ডাঙৰ জাতীয় সমস্যাৰ লগত সেইবোৰে হ’বলা পাত্তা পায় ! ধেইই! ”