মৈথুন-গীতি (দীপাংকৰ পাঠক)
ফটিকা পি পি কিমান আৰু
হিচাপ কৰি থাকিবি
দুখৰ জাৰজ অংক
হেৰ’ নিলাজ ৰাতিৰ কবি
তাতকৈ এন্ধাৰতে বহোঁগৈ ব’ল
নাঙঠ হৈ থাকিলেও
দুখৰ বাহিৰে
কোনেও নেদেখেহি আমাক।
দুখে দেখিলেও দেখক না
শিলৰ সৈতে
নাঙঠ এন্ধাৰৰ মৈথুন
আমি কেৰেপ কৰিবৰ নাই।
তইতো জান’ই আৰু-
দুখ আৰু এন্ধাৰ
একেটা মুদ্ৰাৰে ইফাল আৰু সিফাল
যিদৰে মই আৰু মোৰ ছাঁ।