মোক এখন আকাশ লাগে : ইন্দুকল্প শইকীয়া

অহাবাৰ বসন্তত আকাশখন কিনিম
শৰতত তৰাৰে সজাই দিব পৰাকৈ,
মন থাকিলে তুমিও আহিব পাৰা
এফাল আকাশ তুমিও ৰাখিব পাৰা…
অলপ তৰাও তুমি গোটাবা
নিশা ফুলাম কৰি থব পৰাকৈ আকাশখন,
আৰু বতাহজাকক কৈ থ’বা
যাতে শৰত অহাৰ দুদিন আগতে,
ঠিক দুদিন আগত
ডাৱৰক কৈ বৰষুণজাক লৈ আহে..।
জোনজনীক মই কৈছিলোঁ,
পাছে পষেকটোহে তাই থাকিব পাৰে,
তুমি পাহৰি নাযাবা
অহাবাৰ বসন্তত আকাশখন কিনিম
শৰতত তৰাৰে সজাব পৰাকৈ…..।
 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!