মোক এটা পিষ্টল দিয়া (ৰঞ্জন ভূ্ঞা)
মোক এটা পিষ্টল দিয়া
মোক এটা পিষ্টল দিয়া
এম্বুছ্ কৰোঁ লাষ্টগেটত
হত্যা কৰোঁ ঈশ্বৰক ৷
ক’ত আছে দিছপুৰ
সুউচ্চ আট্টালিকাত
য’ত চৰকাৰী বুলেটত
লিখা হয় প্ৰতিবাদীৰ নাম
য’ত চাইৰেনৰ শব্দত নিতাল মাৰে
ভোকাতুৰ জনতাৰ ক্ৰন্দন ৷
ক’ত আছে ঈশ্বৰ
দুখৰ বতাহ সোমাব নোৱাৰা কাৰেঙত
অপেক্ষাত তলুৱা ছিগে কৃষকৰ ৷
গান্ধীৰ আত্মাই চিঞৰে সঘনাই
জৱাহৰলাল জৱাহৰলাল
ক’ত হেৰাল তোৰ দেশ
বগা চাহাব হে গ’ল
বাকীবোৰ একে দৰেই ৰ’ল
ৰজাবোৰ মহাৰজা হ’ল
প্ৰজাবোৰ ভিক্ষাৰী হ’ল ৷
মোক এটা পিষ্টল দিয়া
হত্যা কৰোঁ
ভোক ভোক বুলি চিঞৰি থকা
এচাম কুকুৰৰ প্ৰজাতিক
যি চামৰা চেলেকি পূজা দিয়ে
তেজপিয়া ঈশ্বৰক ৷