মোহ –গায়ত্ৰী খাৰঘৰীয়া

ফোঁপাই-জোপাই আতৌ পুতৌকৈ বেগ এটা কঢ়িয়াই জয়ন্তীৰ মাক গাঁৱৰপৰা পুৱাৰ বাছখনতে আহি জয়ন্তীৰ ঘৰ ওলালহি৷
অইনদিনা অহা হ’লে ইমান খং নুঠিলহেঁতেন যদিও আজি হেন দিনটোত পুৱাই মাকক দেখি জয়ন্তীৰ টিঙিচকৈ খং এটা উঠি আহিল৷
কাৰণ…
কাৰণ আজি বিপাশাৰ মাক-দেউতাকো অহাৰ কথা৷
ঘৰখনৰ দুজনী বোৱাৰী জয়ন্তী আৰু বিপাশা৷
ঠেকেছ-নেকেচকৈ মাকৰ হাতৰ বেগটো আনি থ’বলৈ লওঁতেই বাহিৰত বিপাশাৰ দেউতাকৰ গাড়ীৰ হৰ্ণ শুনিলে জয়ন্তীয়ে৷ কি কৰোঁ, কি নকৰোঁ ভাবি থাকোঁতেই
বিপাশায়ো বেগ এটা হাততলৈ সোমাই আহিল ভিতৰলৈ৷
টেবুলত এতিয়া দুটা বেগ; এটা জয়ন্তীৰ মাকে অনা আৰু আনটো বিপাশাৰ মাক-দেউতাকে অনা৷
জয়ন্তীয়ে সন্তৰ্পনে মাকে অনা বেগটো পাকঘৰৰ আন্ধাৰ চুক এটাত ভৰাব লওঁতেই বিপাশাই মাত দিলে, “ বৌ, বৰমাই কি কি আনিছে চাওঁ বেগত৷“
কৈ কৈ তায়ো মাকে অনা বেগটো খুলিলে৷
এক হটকেছ পায়স, ঘৰত বনোৱা গমৰ লাড়ু, ইডলিৰে ভৰপূৰ এটা বেগ৷
জয়ন্তীয়ে ইতস্ততঃবোধ কৰিলে মাকৰ বেগটো মেলিবলৈ৷ তাই জানে বেগটোত কি থাকিব৷
“দিয়া আকৌ বৌ“ বিপাশাই এইবাৰ আব্দাৰ জুৰিলে৷
জয়ন্তীয়ে মেলি ধৰিলে… অলপ কলাখাৰ, তুঁহ দি আলফুলকৈ অনা ঘৰৰ হাঁহৰ কণী, তিতা ফুল, নতুনকৈ শুকুৱা জালুক, নিমখত দিয়া ঘৰৰ সৰু শিলিখাজোপাৰ শুকুৱা শিলিখা, ঘৰতে বনোৱা হুৰুম আৰু অলপ সান্দহগুৰি৷
বিপাশাই ঘৰৰ টোপোলা তাতে এৰি কলাখাৰ খিনিত হাত দিলে, “ কিমান দিন যে খাৰ খোৱা নাই৷ জানা বৌ, মোৰ যে হুৰুমৰ জলপান খাবলৈও বৰ মন গৈ আছিল৷ বৰমাই মোৰ মনৰ কথা গম পালে কেনেকৈ! আজি খাৰ দিয়া ডাইল বনাম দেই৷
তিতাফুলবোৰ কাইলৈ খাম৷ হাঁহকণীও..” – কৈ কৈ শিলিখা এটা টপককৈ মুখত ভৰাই বিপাশা আঁতৰি গ’ল৷
হঠাৎ জয়ন্তীৰ মাকৰ টোপোলাবোৰলৈ অদ্ভুত মোহ এটা লাগি গ’ল… আদৰৰ মোহ৷

One thought on “মোহ –গায়ত্ৰী খাৰঘৰীয়া

  • October 23, 2020 at 6:19 pm
    Permalink

    আগতেও পঢ়িছো আকৌ এবাৰ পঢ়িলো। বৰ ভাল লাগিল পঢ়ি।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!