মোৰ অনুভৱৰ ডুখৰীয়া ছবি (অনিমেষ দত্ত)
মোৰ অনুভৱৰ ডুখৰীয়া ছবি
ණ অনিমেষ দত্ত
মই তেতিয়া মেট্ৰিক পাছ কৰি প্ৰথম কলেজলৈ গৈছো। বুকুত এক অজান উৎকন্ঠা। নাজানো তেতিয়ালৈকে কলেজ মানে কি। দুটামান ক্লাছ, কেন্টিনৰ গৰম গৰম চাহ আৰু বন্ধুৰ সৈতে আড্ডা। বছ ! মোৰ বাবে এইয়াই কলেজৰ সংজ্ঞা।
আমাৰ ঘৰখনতো এক উখল মাখল পৰিবেশ…
“মইনা কলেজলৈ যাব”
ৰাতি এপৰলৈকে পিতাইৰ বুজনি, আইৰ আব্দাৰ। অনুভৱ কিছু সুখৰ কিছু দুখৰ। বুকুত এক অনাবিল আনন্দ, সন্তুষ্টি আৰু চকুত মোৰ সপোনৰ কলেজখনৰ জলমল ছবি। অবশেষত এই সকলোবোৰ বুকুত বান্ধি ভৰি থলোঁ
“আউনিআটীয় হেমচন্দ্ৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়”ৰ [আমগুৰি] চৌহদত….
[সেইখন অৱশ্যে কলেজ নাছিল]
পিন্ধনত আগদিনাই ইস্ত্ৰি দি থোৱা ইউনিফৰ্ম যোৰ, হাতত পিতাইৰ পুৰণি ঘড়ী এটা, ভৰিত পলিচৰ কৃপাত চিকমিকাই থকা চামৰাৰ চেণ্ডেলযোৰ আৰু ওঁঠত এটি প্ৰাপ্তিৰ হাঁহি।
চাৰিওফালে কোৰ্লাহময় ব্যস্ত পৰিবেশ এটা। কাৰো সময় নাই ! সকলো কেৱল নিজক লৈয়ে ব্যস্ত। সন্মুখৰ চাইকেল ষ্টেণ্ডটো বিশৃংখল। পুৰণি ছাত্ৰ-ছাত্ৰী সকলৰ তীৰ্যক ছাৱনি। পৰিবেশটো কিবা ভাল নালাগিল। যদি কোনোবাই ৰেগিং কৰে ?
বুকুখন এক অজান আতংকত কঁপি উঠিল। কৰিলে কৰক যা। নাম আৰু ঘৰৰ কথাহে সুধিব সেইটোও নোৱাৰিমনেকি কিবা। লাহেকৈ ডিঙিৰ ওচৰৰ বুটামটো মাৰি ভিতৰলৈ সোমাই গ’লো।
[ৰেগিং কৰিব নোৱাৰিলে। সেইসময়ত বিবেক, মোৰ মামাৰ লৰা কলেজখনৰ নং ১ হিৰো আছিল]
সময়বোৰ বাগৰিল। প্ৰথমদিনা দেখা সেই বিশৃংখল চাইকেল ষ্টেণ্ডটো শৃংখলা লাগিল। তীৰ্যক ছাৱনিবোৰ এদিন মৰমলৈ পৰিবৰ্তন হ’ল। নাজানো কলেজখনেই মোক আপোন কৰি ল’লে নে ময়েই কলেজখন আপোন কৰি ল’লো। লাহে লাহে কলেজখন মোৰ ভাল লাগিবলৈ ধৰিলে ! ভাল লাগিবলৈ ধৰিলে একাউন্টেঞ্চি, বিজনেছ ষ্টাডি, ইকনমিকছ আদি নিৰস বিষয়বোৰ ! ভাল লাগিবলৈ ধৰিলে মৰমৰ ছাৰ-বাইদেউ সকল, চৌপাশৰ গছবোৰ, ঘৰবোৰ, কমাৰ্চ বিল্ডিংটো, সম্মুখৰ ঘাঁহনিডৰা, সদায় নিমখ বেছি হোৱা কেন্টিনৰ ঘুগুনিবোৰ, বিহাৰী হোটেলৰ পিছফালে লুকাই লুকুই চিগাৰেটত সুখটান দিয়া মুহূৰ্ত্তবোৰ আৰু আৰু নীলাভ চকুহাল।
[সঁচাকৈ নীলাভ আছিল চকুহাল]
প্ৰথমতে চকুহাল মোৰ ভাল লাগিছিল কিন্তু চাওঁতে চাওঁতে চকুহালে মোক আমনি কৰিবলৈ ললে। কেতিয়াবা অফ পৰিয়দত, কেতিয়াবা ক্লাছৰ মাজত, কেতিয়াবা কেন্টিনত আৰু কেতিয়াবা বাৰাণ্ডাত। নাজানো সেই নীলাভ চকুহালত কি আছিল। লাহে লাহে চকুহাল বাৰাণ্ডাৰ পৰা আঁতৰি মোৰ সপোনত বিছৰণ কৰিবলৈ ললে
[সেইয়া মোৰ দুৰ্বলতা আছিল নে সবলতা]। মোৰ চকুহালে কেৱল তেওঁক বিছাৰি ফুৰে দিনে নিশাই অহৰহ। এদিন তেওঁৰ নামটো গম পালো !
গায়ত্ৰী ! গায়ত্ৰী হাজৰিকা, ঘৰ চাৰিঙত।
কি জানো ভাল লাগিল নামটো। চিৰদিনৰ বাবে মোৰ বুকুত খোদিত কৰি পেলাবলৈ মন গ’ল।
তেওঁ নাহিলে কিবা ভাল নলগা হ’ল সময়বোৰ, ক্লাছবোৰ, সন্মুখৰ ঘাঁহনি ডৰা ! উকা উকা লগা হ’ল বৃহৎ কমাৰ্চ বিল্ডিংটো ! আকৌ নিৰস হৈ পৰিল “যোগান আৰু চাহিদাৰ তত্ব”। মোৰ বুকুত চোন তেওঁৰ চাহিদা একেবাৰে উদ্ধতম সীমালৈ বাঢ়ি গৈ থাকে কিন্তু তেওঁৰ অৱস্থিতি বা যোগান একেবাৰে শূণ্য। তেওঁ নহলে দীঘলীয়া বাৰাণ্ডাখনো নিজম-নিতাল, প্ৰাৰ্থনাটো ও যেন শুকান য’ত নাই কোনো পবিত্ৰতা। তেওঁৰ অনুপস্থিতিত মই অনুভৱ নকৰোঁ অফ পৰিয়দৰ প্ৰায় ৫০টা ল’ৰা ছোৱালীৰ তীব্ৰ কোলাহল। সন্মুখৰ কলা ব’ৰ্ডখন এটা ডাঙৰ শূণ্য ! বেৰত নহয় যেন মোৰ বুকুতহে ওলমি আছে।
আহঃ
তেওঁ নাহিলে কিয় বাৰু ইমান যন্ত্ৰণা। হয়তো এইয়াই প্ৰেম !
“ঐ অনি দহ টকা এটা দেচোন। কেন্টিনৰ পৰা আহোঁ।”
পইচা থাকক বা নাথাকক এসোপামান বেবেৰিবাং কাগজেৰে পাৰ্চ লবলৈ শিকাতো মোৰ বেছি দিন হোৱা নাছিল।
“হোঁ ল।”
পাৰ্চৰ পৰা কিবা এখন সৰি পৰিল। মোতকৈ আগতে প্ৰিতমে কাগজখন বুটলি ললে। কেইটামান শব্দ
I LOVE YOU GAYATRY
আটাইৰে চকু থৰ হ’ল।
আবিয়ে চেলাউৰি থুপাই মোলৈ প্ৰশ্নবোধক দৃষ্টিৰে চাই ৰ’ল। লাজেত কাণ মূৰ গৰম হৈ মই একো ক’ব নোৱাৰিলো। কিন্তু সিঁহতে বুজি পালে। হয়তো বন্ধুবোৰ এনেকুৱাই আপুনি একো নকলেও সকলো বুজি পাই।
কিমানতা যে দিন বাগৰি ৰাতি আহিল তেওঁৰ প্ৰতি কিন্তু মোৰ দুৰ্বলতা[প্ৰেম] কোনোদিন নকমিল বৰঞ্চ বাঢ়িহে গ’ল। কেতিয়াবা বুকুত কেতিয়াবা চকুত আৰু কেতিয়াবা ব’ৰ্ডত। মই গৈ পোৱাৰ আগতেই সদায় কোনে জানো লিখে বৰ্ডতঃ
ANIMESH LOVES GAYATRY.
কেতিয়াবা ক্লাছত সোমাই দেখোঁ তেওঁৰ বেগটো মোৰ ঠাইত আৰু মোৰ বেগতো তেওঁৰ ঠাইত। আকৌ তেওঁৰ বেগটো নিদিষ্ট বেঞ্চত থৈ নিজৰতো চিলনীয়ে থপিওৱা দি থপিয়াই আনো। ভয় লাগে জানোছা তেওঁ মোৰ গোপন অভিসন্ধিৰ বিষয়ে গম পায়! ৰিকেচনত ক্লাছলৈ সোমায় আহিলেই গোটেই ক্লাছটোৱেই উচ্চস্বৰে চিঞৰি উঠে
অনিমেষ গায়ত্ৰী…. অনিমেষ গায়ত্ৰী….।
বন্ধুবোৰৰ এই বলিয়ালি বোৰে তেওঁক মোৰ আৰু কাষলৈ লৈ আহে। মই অস্থিৰ হওঁ। চুৰকৈ তেওঁৰ চকুলৈ চাওঁ কণমানি নীলাভ চকু হালত খং এটাই আশ্ৰয় লয়। টিউচনতো একেটা ধাৰাই পূৰ্ণদ্যোমে অব্যাহত থাকিল। সদায় মই তেওঁৰ সন্মখৰ বেঞ্চ খনত বহিব লগা হয়[বন্ধুৰ কৃপাত] কিন্তু মোৰ ভয় লাগে, ভিতৰি ভিতৰি ভাল নলগাও নহয়।
এদিন নিশা ভাবিলো কালিলৈ তেওঁক প্ৰেম নিবেদন কৰিম। পিছদিনা কলেজত কথাতো উলিয়াইছিলোহে মাথোন। মোৰ পূৰ্বেই এদিন দুদিনকৈ গোটেই ক্লাছটোৱেই মোৰ হৈ তেওঁক প্ৰেম নিবেদন কৰিলে। ময়ো নিজকে বান্ধি ৰাখিব নোৱাৰিলো। নিঠৰুৱা বুকুত মৰসাহ গোটাই এদিন তেওঁক সুধিয়েই পেলালো :
“মই তোমাক বহুত ভাল পাওঁ
তুমি মোক ভাল পোৱানে?”
কিন্তু উত্তৰটোৱে আমাক এক হ’বলৈ নিদিলে !!!