মোৰ ককা এজন কৃষক আছিল (ইন্দুকল্প শইকীয়া)

– ভাইটি জিকা কেনেকৈ দিছা?
– ১০ টকা কে.জি.।
– (জিকা বাছি বাছি) ক’ৰ জিকা এইয়া অ’?
– তৰাজান কুমাৰ গাওঁৰ।
– আচ্ছা, কুমাৰ গাওঁৰ জিকা! কাৰ ঘৰৰ?
– (কাৰ ঘৰৰ!) আমাৰ ঘৰৰ, মানে ককাৰ নাম পদ্মপানী শইকীয়া।
– অ’ আচ্ছা। (কিবা যেন প্ৰত্যয় জন্মিল, জিকা বাছিবলৈ এৰি) দিয়া দিয়া দুই কেজি দিয়া।

হয়তো সেয়া মোৰ জীৱনৰ প্ৰথম চেলচ্ এস্কপেৰিয়েঞ্চ আছিল, যিখিনি মোৰ কৰ্মজীৱনৰ অভিজ্ঞতাৰ তালিকা খনত সন্নিবিষ্ট নহয় বা কেতিয়াও নহ’বও। তেতিয়া মই খুউব সম্ভৱ হাইস্কুলৰ পঞ্চম-ষষ্ঠ শ্ৰেণীত বা প্ৰাথমিকৰ চতুৰ্থ শ্ৰেণী মানত। ঘৰতে লাগি থকা বাৰীখনত যি খেতি কৰিছিল, ঘৰৰ বাবে প্ৰয়োজনতকৈ বেচি হোৱা খিনি ওচৰৰে মিচন চাৰিআলি বজাৰত বেচিবলৈ গৈছিল দেউতাহঁত। সাধাৰণতে খেতি কৰিবৰ বাবে মানুহ এজন ৰখা হয় আৰু তেওঁৱেই বেচা-মেলা কামবোৰো কৰে, দেউতা লগত যায় খালি। কেতিয়াবা স্কুল বন্ধ থাকিলে মোকো লৈ গৈছিল আৰু মোৰ সেই বজাৰৰ বস্তুৰ সিপাৰৰ মানুহজন হোৱাৰ অভিজ্ঞতাতো তেতিয়া বিৰাট প্ৰিয় আছিল। মানুহেও আহি সৰু দেখিয়েই বোধহয় মোকেই সোধে আৰু তেতিয়াই মোৰ সৰু মনটোৱে যেন ডাঙৰ মানুহ হৈ যোৱাৰ এক অভিজ্ঞতা অৰ্জন কৰে! কমাই কমাই কিনা মনুহবিলাকক মোৰ ভাল লাগিছিল, কিন্তু বেপাৰীবোৰ আহি যেতিয়া “গোটেইখিনি কিমানত দিব” বুলি সোধেহি, তেতিয়া মোৰ মনতো বেয়া লাগি গৈছিল, কিয়নো বস্তু বেচাৰ অভিজ্ঞতাৰ অন্ত পৰিছিল আৰু মোৰ এনে লাগিছিল যেন বেপাৰীয়ে আমাক ঠগিহে বস্তুখিনি লৈ গ’ল। বেপাৰীৰ লগত সাধাৰণতে দেউতাইয়ে কথা পাতে কাৰণ সিহঁতে কম দামত বস্তু বিচাৰে আৰু সেয়ে মই বেয়া পাইছিলোঁ। মাজে মাজে ঘৰত আহি ককাক কৈ দিছিলোঁ “দেউতাই কমতে দি দিলে, মই ১০ টকাকৈ বেছি আছিলোঁ”। বাৰিষাৰ দিনত জিকা-ভোল-ভেন্দি আৰু খৰালিৰ দিনত কবি, এই কেইপদেই সাধাৰণতে আমাৰ তেতিয়া বেচিব পৰা বস্তু আছিল। সাধাৰণতে বস্তু বেচি পোৱা পইচাৰ পৰিমাণতকৈ মায়ে লগত দি পঠিওৱা কিনিব লগীয়া বস্তুৰ তালিকা খন সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজন হোৱা পইচাৰ পৰিমাণ সদায় বেচি হৈছিল।

আচলতে ঘৰত সেইখিনি খেতি কৰা হৈছিল সম্পূৰ্ণ ককাৰ তাগিদাত। হয়, মোৰ ককা এজন কৃষক আছিল। যদিওবা বয়স হৈছিলগৈ তেতিয়া, কিন্তু নিজৰ বাৰীখনৰ খেতিৰ পাচলি খোৱাৰ তৃপ্তি তথা হাবিয়াস তেতিয়াও একেই আছিল। খেতিৰ ক্ষেত্ৰত কঠোৰ নিয়ম আৰু প্ৰণালী মানি হে কাম কৰিছিল। কবিৰ খেতি যেতিয়া কৰে ৰচী টানি চিধা কৰিহে পুলি ৰুবলৈ দিয়ে। ঠিক সেইদৰে জিকাৰ দিনত প্ৰকাণ্ড এখন বাঁহৰ চাঙ পাতি তাত জেংদি জিকাৰ পুলিবোৰ তাত উঠাই দিয়ে আৰু যেতিয়া জিকাৰ কলি পেলাব তেতিয়া অলপ ডাঙৰ হওঁতেই কলিবোৰ তললৈ যাতে নামি আহিব পাৰে তেনেকৈ থৈ দিয়ে। ইয়াৰ ফলত জিকাবোৰ বিৰাট দীঘল দীঘল হয়। সেই একেখন জিকাৰ চাঙতে কোমোৰা আদিৰো উৎপাদন কৰে। প্ৰত্যেক উৎপাদক বা কোম্পানীৰ যেনেকৈ আজিৰ দিনত একোটা বিশেষ দ্ৰব্য বা বস্তু থাকে যাৰ বাবে বজাৰত সেই উৎপাদনকাৰী গোষ্ঠীতো জনাজাত হয়, ঠিক সেইদৰে ককাৰ খেতিৰ সেই বিশেষ দ্ৰব্য বিধ আছিল “দীঘল জিকা”। এতিয়াও মনত আছে জিকা দীঘল হোৱাক লৈ ককা সদায় বিশেষ তৎপৰ আছিল আৰু বেলেগ বেলেগ ধৰণৰ পদ্ধতিৰ অৱলম্বন কৰিছিল । কোনোবা কৃষি কমিটি নে কোনো সংস্থাৰ পৰা অসম নে জিলাৰ ভিতৰতে সবাতোকৈ দীঘল জিকাৰ উৎপাদক হিচাপে পোৱা প্ৰমাণ-পত্ৰ এতিয়াও ঘৰত আছে। সেই বাবেই বজাৰত প্ৰায়ে ককাৰ নাম ক’লেই বহুত মানুহৰ মুখত সেই “প্ৰত্যয়” জন্মা দেখিছিলোঁ যিটোত এক গুণগত দ্ৰব্যৰ বিক্ৰেতা হিচাপে গৌৰৱ অনুভৱ কৰিছিলোঁ। আচলতে ককাৰ নামৰ এক “ব্ৰেণ্ডিং” আছিল বুলিব লাগিব জিকাৰ ক্ষেত্ৰত যিটো দুখ জনক ভাৱে উত্তৰ পুৰুষে ৰক্ষা কৰিব নোৱাৰিলে। কবি পুলি ৰোওঁতে শাৰীবোৰ অলপো বেঁকা হ’ব নোৱাৰিব, সেই লৈও ককাই বিশেষ ব্যৱস্থা লৈছিল। ইয়াৰ ফলাফলটো পিছত হৈছিল যেতিয়া পুলিবোৰ ডাঙৰ হৈ গছ হয়, তেতিয়া গুৰিত মাটি চপাই আলিৰ দৰে বান্ধি মাজত পানী দিয়াত বিৰাট সুবিধা হৈছিল। কিন্তু এই কঠোৰ নিয়ম নীতিৰ বাবে প্ৰায় বোৰ কাম কৰা মানুহেই ককাৰ লগত কাম কৰিবলৈ অসুবিধা পাইছিল। আনকি দেউতাইও ককা ওচৰত থাকিলে খুব কমেই কিবা কৰিছিল।

খেতিৰ এই নিয়মানুৱৰ্তিতা ককাই ক’ৰ পৰা কেনেকৈ শিকিছিল নাজানো। কিন্তু এতিয়া ইমান দিনৰ পিছত, ককাৰ অৱৰ্তমানত, মোৰ কৰ্মৰ খাতিৰত যেতিয়া মই দেশ-বিদেশত বিভিন্ন ডাঙৰ ডাঙৰ ফেক্টৰী-কাৰখানা আদিবোৰ চাবলৈ যাওঁ, তাত যেতিয়া দেখোঁ তেওঁলোকৰ বিভিন্ন কঠোৰ নিয়ম-নীতি কাম কৰা বা উৎপাদনৰ ক্ষেত্ৰত, তেতিয়া মোৰ মনত আহে যিকোনো গুণগত দ্ৰব্যৰ উৎপাদনৰ ক্ষেত্ৰতেই এক নিজস্ব নিয়ম নীতিৰ প্ৰয়োজন থাকে। ককাই হেনো সপ্তম শ্ৰেণী লৈহে পঢ়িছিল। ৩ বিঘা মাটিত খেতি কৰিয়েই ৭ জন ল’ৰা ছোৱালীক পোহপাল দিছিল আৰু প্ৰত্যেকৰে কাৰণে বেলেগে বেলেগ মাটিও থৈ গৈছে। মোৰ এতিয়াও ভাবিলে আচৰিত লাগে কি আছিল সেই ফৰ্মূলাটো য’ত এজন মানুহে খেতি কৰি ইমানবোৰ মানুহৰ জীৱনৰ বৰ্তমান লগতে ভৱিষ্যতৰ বাবেও আৰ্জিব পাৰিছিল। কুঁহিয়াৰৰ খেতি কৰি গুৰ বনাই বেচাতো ককাৰ মতে সকলোতকৈ লাভদায়ক আছিল। কুঁহিয়াৰ পৰা গুৰ বনোৱাৰ সময়ত ঘটা বিভিন্ন কাহিনী কিমান যে শুনিছোঁ সেইয়াও এক বেলেগ অধ্যায় হ’ব।

দৰাচলতে ওপৰে ওপৰে চাবলৈ গ’লে, ককাহঁতৰ কামৰ প্ৰতি সাংঘাতিক শ্ৰদ্ধা-ভালপোৱা আছিল। সেইবাবেই একো নপঢ়িও নিজেই একোটা পদ্ধতিৰ উদ্ভাৱন কৰি হয়তো সফল হ’ব পাৰিছিল। মোৰ অলপ-চলপ মনত আছে, তেতিয়াৰ কৃষি বিভাগৰ বহুকেইজন বিষয়াই ককাৰ পৰামৰ্শ ল’বলৈ অহাৰ কথা। বৰষুণ কেতিয়া দিব, কঠীয়া কেতিয়া পেলাব লাগিব সেইবোৰোৰ এক কিবা গুপ্ত কৌশল আছিল ককাৰ। কেতিয়াবা এনে হৈছিল যে প্ৰখৰ ৰ’দ দি আছে আৰু ককাই কাম কৰা মানুহটোক কৈছে ‘ঐ, খৰি-খেৰ বোৰ সুমুৱা, বৰষুণ আহিব’। মানুহটোৱেও এবাৰ ককাৰ মুখলৈ এবাৰ আকাশলৈ চাই এনে এক অভিব্যক্তি প্ৰকাশ কৰিছিল যেন ‘কি কথা কয় ঔ’। কিন্তু আধা ঘন্টাৰ ভিতৰতেই আকাশত ডাৱৰ উঠি সচাকৈয়ে বৰষুণ আহিছিল। সাধাৰণতে বাৰিষাৰ দিনত বাহিৰত মেলি থোৱা কাপোৰ সুমুৱাবলৈ বতৰ ডাৱৰ হ’লেই ককাক সুধিছিল ‘দেউতা বৰষুণ আহিবনে, কাপোৰ সুমুৱাম নে?’ ককাই প্ৰায়েই সঠিক ভৱিষ্যৎবাণী দিছিল। এই কৌশল আমি কোনেও শিকি নল’লো ককাৰ পৰা। মাত্ৰ মই ডাৱৰ চাই ধুমুহা আহিবনে নাহে কেনেকৈ গম পায় সেয়া শিকিছিলোঁ এবাৰ আৰু এতিয়াও ডাৱৰ দেখিলেই সেই কৌশলটোৰে ধুমুহাৰ আগমনৰ পৰীক্ষা কৰি ভাল পাওঁ।

আজিৰ অসমত বা ভৱিষ্যতে এনেকৈ কৃষি কৰ্মৰ বাবে শ্ৰদ্ধা থকা মানুহ আছেনে নাই নাজানো। দিনক-দিনে খেতি কৰা মানুহৰ সংখ্যা কমি আহিছে বুলিয়েই মোৰ ভাৱ হয়। ইয়াৰ কাৰণ অৱশ্যে আমিয়েই। আমাৰ সমাজে খেতি কৰা মানুহক চোৱা দৃষ্টি ভংগী এতিয়াও সলনি নহ’ল। মেট্ৰিক দি উঠি মই হাল বাবলৈ শিকিছিলোঁ দুদিনমান আমাৰ ঘৰৰ কাষৰ বাৰীখনতে, ৰাইজে গাঁৱত উলিয়াই দিলে বোলে ‘হেৰিয়াৰ পুতেকক পঢ়া শুনা এৰুৱাই দিলে নহয়, হাল বাবলৈ শিকাইছে’। অৰ্থাৎ, পঢ়া-শুনা কৰিলে মানুহে হাল বাব নাপাই। এই ভাৱটোৱে আমাৰ সমাজ খনক তথা সমাজৰ ভৱিষ্যতটোক এদিন অচিৰেই ধ্বংস কৰি পেলাব। আন আন বহুতো ব্যৱসায় ক্ষেত্ৰৰ দৰে কৃষি ক্ষেত্ৰখনো এদিন আমি বহিৰাগতক অৰ্পণ কৰিবলৈ গৈ আছো। গোলাঘাটৰ কোনো এখন গাঁৱত হেনো দুবছৰ গোটেই পথাৰৰ মাটি চন পৰি থাকিল। কাৰণ গাঁৱৰ ডেকা ল’ৰা সকলোবোৰ আহি চেন্নাইত চিকিউৰিটীৰ চাকৰি কৰি আছেহি। এই কথা চেন্নাইতে থকা সেই ল’ৰা খিনিয়েই এবাৰ কথা প্ৰসংগত মোক কৈছিল। প্ৰায় তিনিহাজাৰ মান ল’ৰা একেলগে এখন ঠাইত আছে যিটো গলিয়েদি গ’লে আপুনি অসমত নে চেন্নাইত আছো গমেই নাপাব। তেওঁলোকে কৰা কষ্ট আৰু অৰ্জা ধনৰ পৰিমাণ খেতি কৰা বা চিকিউৰিটী কৰাত প্ৰায় একেই। কিন্তু চেন্নাইত আহি চিকিউৰিটী কৰিলে যিটো আত্মসন্মান তেওঁলোকে পায় সমাজৰ পৰা, সেয়া অসমত থাকি খেতি কৰিলে নাপায় । আনটো বাদেই দিয়ক, আমিও যদি এতিয়া অসমত খেতি কৰিম বুলি ঘুৰি যাওঁ বিয়াৰ বাবে ছোৱালীও নিদিব কোনেও, সেয়াই আমাৰ কৃষি বা কৃষকৰ প্ৰতি ধাৰণা। দহটকীয়া ঔষধৰ পৰা কোটীটকীয়া মেচিন বেচিবলৈ দুৱাৰে-অফিচে ঘুৰি ফুৰা শ্ৰমিক বা তাৰ উৎপাদনৰ বাবে লাগি থকা শ্ৰমিকক যি শ্ৰদ্ধা বা সন্মান সমাজে দিয়ে, সেয়া আমাৰ সকলোতকৈ লাগতিয়াল খাদ্য উৎপাদন কৰা বা বেচা কৃষক সকলক সমাজে কিয় নিদিয়ে, কিয় তেওঁলোকক একেই দৃষ্টিৰে নাচাই? সমাজ বাদেই দিলোঁ, আমাৰ নিজৰ ঘৰৰ মানুহেও নিজৰ সন্তানক সদায় ডাক্তৰ-ইঞ্জিনিয়াৰ হ’বলৈহে যে কয়, খেতিয়ক হ’বলৈ কিয় নকয় বা মোৰ ককায়েও তেওঁৰ সন্তান বা নাতিহঁতক খেতিয়ক হ’বি বুলি কিয় নক’লে? আন কিবা বস্তুৰ ব্যৱসায় কৰিলে বস্তু বিকিবনে নিবিকে তাৰ সন্দেহ থাকে, কিন্তু শাক-পাচলিৰ বিক্ৰীৰ কোনো ভয় নাথাকে? এইবোৰ কাৰণতেই চাগে আমাৰ প্ৰায়বোৰ ঠাইতেই সন্দেহজনক বাংলাদেশী বুলি আখ্যা পোৱা লোক সকলে কৃষি ক্ষেত্ৰখন চম্ভালি লৈছে আৰু অসমীয়া সকল নিৰ্ভৰশীল হৈ পৰিছে তেওঁলোকৰ ওপৰত। বতৰৰ প্ৰথম পাচলি উলিয়াই বজাৰত বেচাক লৈ ককাৰ এক প্ৰতিযোগিতা থকা দেখিছিলোঁ। সকলোৱে উলিওৱাৰ আগতেই জিকা বা কবি উলিয়াই এক আনন্দ পাইছিল ককাহঁতে। কিন্তু এতিয়া প্ৰথমটো বাদেই, মাহৰ শেষৰ ফালেও অসমীয়া খেতিয়কে কৰা পাচলি আমাৰ অঞ্চলত কিমান বিধ বেচে সায় সন্দেহজনক। এনে এটা দিন আহিব যে চিনাক্ত কৰি বাংলাদেশী খেদাৰ সকলো আয়োজন হোৱাৰ পিছতো অসমীয়াক কোনো কোনো অঞ্চলত নিত্য নৈমিত্তিক খাদ্যৰ যোগান ধৰিবলৈ অসমীয়ায়ে অনুৰোধ কৰি তেওঁলোকক ৰাখিব লাগিব। আনহাতে এতিয়াৰ যি কৃষক সমিতি, খেতি কৰা বাদ দি আন যিমান যি কৰিব পৰা কাম আছে তেওঁলোকে কৰাত জনতাক উদগনি যোগায় আহিছে। বুজি নাপাও এই কৃষক সমিতিৰ নেতা সকলে কিয় আমাৰ বৰ্তমান যিসকল লোকে সঁচাই খেতি কৰি আছে, তেওঁলোকক নতুন পদ্ধতি বা কৌশলৰ বিষয়ে প্ৰশিক্ষণ নিদিয়ে, উদগনি নিদিয়ে? এই খিনি কথা সদায় সাঁথৰ হৈয়ে ৰৈ যায় মোৰ মনত। ককাৰ দৰে খেতিয়ক আমাৰ এতিয়া সমাজত প্ৰয়োজন হৈ পৰিছে। সমাজে তাৰ বাবে যথাযথ ব্যৱস্থা সোনকালে নল’লে ভৱিষ্যত প্ৰজন্মৰ বাবে এক অনাহুত পৰিস্থিতিৰ যে সৃষ্টি হ’ব, সেয়া ধুৰূপ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!