মোৰ জীৱনত ৰেখাপাত কৰা সাধুটো: ‘মানুহৰে বন্য তেজ আছে’ –ৰাজেন পূজাৰী

১৯৮৪ চনত আমি মেট্ৰিক পৰীক্ষা দিওঁতে ইংৰাজীৰ পাঠ্যক্ৰমত “The Imp and Peasant’s Bread”(এটা ভূত পোৱালি আৰু কৃষকৰ ৰুটি ) নামৰ টলষ্টয়ৰ সাধুটোৰ শিকনিয়ে গোটেই জীৱন জুৰি মনত ৰেখাপাত কৰি আহিছে। মোৰ জীৱনত পঢ়িবলৈ পোৱা এটা শ্ৰেষ্ঠ সাধু হৈছে এইটো। যোৱা ৩৫টা বছৰে এই সাধুটোৰ বাণী মনত লৈ ফুৰিছোঁ। সম্পূৰ্ণ সাধুটো এতিয়া মনত নাই।
ভূতৰ নেতা ডেভিলে পোৱালি ভূত ইম্পক পঠালে সেই অঞ্চলৰ দুখীয়া অতিশয় সৎ খেতিয়ক জনক বিপথে নি অসৎ কৰি তুলিবলৈ। ইম্পে খেতিয়কজনে পথাৰত হাল বাবলৈ লৈ জিৰণি সময়ত খাবলৈ বুলি থোৱা ৰুটিটো লুকাই পেলালে। খেতিয়কজনে হাল ৰাখি খাবলৈ বুলি ৰুটি বিচাৰি নাপাই যি হ’ল হ’ল বুলি সহ্য কৰি থাকি জিৰণি লৈ পুনৰ হালত ধৰিলে। বৰঞ্চ ৰুটিচোৰজনৰ মংগল কামনাহে কৰিলে। ইম্পে ভাৱিছিল খেতিয়কজনে ৰুটি নাপাই খঙত বেয়া মাতেৰে গালি-গালাজ কৰিব। যিহেতু ভূতৰ কামেই হৈছে মানুহক বেয়া কৰা। এই প্ৰচেষ্টাত ইম্প বিফল হ’ল। সি ডেভিলক জনালেগৈ। ডেভিলে তাক বহুত ককৰ্থনা কৰিলে আৰু তাক পবিত্ৰ জলত পেলাই মৰাৰ ভাবুকি দিলে। ডেভিলৰ চোকা নিৰ্দেশ মুঠতে সি সৎ খেতিয়কজনক অসৎ কৰিবই লাগিব। ইম্পক খেতিয়কজনৰ লগত লগৰীয়া হিচাপে থাকি খেতিত সহায় কৰিবলৈ ক’লে। সেই মতেই কাম। ইম্পে খেতিয়কৰ লগত হালোৱা হ’ল। সি ভূত -ভৱিষ্যৎ সকলো জানে।

ইম্পে দেখিলে সেই বছৰ বানপানী হব। সেয়ে বাম মাটিত খেতি কৰিবলৈ পৰামৰ্শ দিলে। অন্য কৃষকৰ খেতি বানত নষ্ট হ’ল। এই খেতিয়কে যথেষ্ট খেতি চপালে। দ্বিতীয় বছৰ খৰাং হ’ব বুলি জানি ইম্পে খেতিয়কক দ মাটিত খেতি কৰিবলৈ দিয়া পৰামৰ্শ খেতি কৰি বহুত খেতি পালে। অন্য খেতিয়ক বাম মাটিত কৰি খেতি নহ’ল।

খেতিয়কজনৰ কৃষি উৎপাদন যথেষ্ট হোৱাত তেওঁ আৰ্থিক ভাবে স্বচ্ছল হ’ল। হাতলৈ প্ৰচুৰ ধন আহিল। ধনী হৈ পৰিল।

এইবাৰ ইম্পে খেতিয়কজনক ভদকা নামৰ এবিধ সুৰা সেৱন কৰিবলৈ শিকালে। লাহে লাহে ভদকা পৰিমাণ বেছি খুৱাবলৈ ধৰিলে। ভদকাৰ নিচাত আসক্ত হ’ল খেতিয়কজন। কম পৰিমাণৰ খাওঁতে খেতিয়কজনে কুকুৰনেচীয়া বাঘৰ আচৰণ, অলপ বেছি সেৱন কৰি নাহৰফুটুকী বাঘৰ আচৰণ আৰু অধিক খাবলৈ দিয়াত গাহৰিৰ দৰে আচৰণ কৰি বোকাত অশ্ৰাব্য গালি-গালাজেৰে লেটি-পেটি ল’লে। মানুহৰ জ্ঞান বুলিবলৈ খেতিয়কজনৰ নাছিল। ইম্পে খেতিয়কজনক অসৎ কৰি তোলাত সফল হৈ ডেভিলক জনালে। ডেভিলে তাক প্ৰশংসা কৰিলে। ডেভিলে তাক কেনেকৈ সম্ভব হ’ল বুলি সোধাত সি ক’লে যে সকলো মানুহৰে শৰীৰত বন্য তেজ থাকে। সৎ মানুহৰ শৰীৰত বন্য তেজ সুপ্ত অৱস্থাত থাকে। বন্য তেজৰ ফল কুৰিপুবোৰ দমন কৰি ৰাখে। খেতিয়কজনে ধন নথকা সময়ত বন্য তেজক দমন কৰি ৰাখিব পাৰিছিল। সেয়ে তেওঁ সৎ হৈ আছিল। যেতিয়াই তেওঁৰ হাতলৈ বহুত ধন আহিল ধনৰ অসদ ব্যৱহাৰ হ’ল। ভোগবাদী চিন্তালৈ ধাৱিত হ’ল। মদ খাবলৈ ল’লে। মুখত অবাইচ মাত আহিল। অধিক ধন হাতলৈ অহা আৰু ইয়াৰ অসদ ব্যৱহাৰৰ ফলত ভোগবাদী চিন্তাই প্ৰাধান্য পায়। ফলত মানুহৰ মানৱীয় গুণৰাজিৰ পতন ঘটে।

মানুহে কষ্ট কৰি ধন ঘটাত আপত্তি নাই। ধনৰ সদ ব্যৱহাৰ হ’লে সকলোৰে মংগল হয়। ধন থাকিলেও উচ্চ চিন্তা আৰু সৰল জীৱন যাপন কৰিব পাৰি। বিশ্ব বিখ্যাত লেখক লিও টলষ্টয় এজন জমিদাৰ আছিল যদিও তেওঁ সহজ সৰল জীৱন-যাপন কৰিছিল। ধনৰ ব্যৱহাৰো হৈছে মানুহৰ মংগলৰ কাৰণেহে। ধন হৈছে সামগ্ৰীৰ বিনিময় বাহক।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments