মোৰ ডায়েৰী পাতৰ এখিলা পাত(ৰ’দালিসপোন বুঢ়াগোহাঁই)
মোৰ ডায়েৰী পাতৰ এখিলা পাত(ৰ’দালিসপোন বুঢ়াগোহাঁই)
আমি উঠি অহাবোৰে বুৰঞ্জীৰ বিষয়ে অলপ হ’লেও অধ্যয়ন কৰিব লাগে…..নহ’লে আমি নিজক চিনি নাপাম…..নিজৰ পৰিচয় হেৰুৱাম…….আজি আমিবোৰেই পিছলৈ গুৰি-বঠা ধৰিব লাগিব…..আমি আজি যেনেকৈ ডাঙৰসকলক অনুসৰণ কৰিছোঁ….ঠিক তেনেদৰে আমাক আগলৈ বেলেগে কৰিব…..মই মোৰ দেউতাই যি কৰে মইও কৰোঁ……দেউতাক দেখি দেখি সৰুৰে পৰা অভ্যাস হ’ল……মই নজনা কথাবোৰ সদায় দেউতাক সোধো…….আজি স্নাতক ডিগ্রী পাছ কৰিও কিন্তু মই দেউতাক বহুত কথা সোধো…প্রশ্ন কৰোঁ…..আজি লৈকে দেউতাই প্রতিটো কথাই ভালকৈ বুজায়……..কৈনেকৈ পাৰে……এটাই উত্তৰ সৰুৰে পৰা নজনাক জনাৰ হেপাঁহ…….মইও মোৰ দেউতাৰ দৰে হ’ব বিচাৰোঁ…..
দেউতাৰ পৰা শিকিছোঁ নিজৰ ঠাইখিনিৰ বিষয়ে ভালকৈ জানিব লাগে….
মোৰ আপোন ঠাই কলিয়াবৰ…এই বুৰঞ্জী প্রসিদ্ধ ঠাইখনৰ বিষয়ে ভালদৰে জানিবলৈ মোৰ এতিয়াওঁ বাকী আছে……জখলাবন্ধা মোৰ জন্মস্থান…..কলিয়াবৰৰে এখন ঠাই নাম হ’ল জখলাবন্ধা……আহোম ভাষাত কলিয়াবৰৰ নাম হ’ল টুন্-ৰুঙ্-ডাম,………….—টুঙ =কলীয়া, ৰুঙ্=বৰ, ডাম=গছ……কলিয়াবৰ গছৰ ঠাই…
মোৰ জন্মঠাই জখলাবন্ধাৰ নাম কেনেকৈ হ’ল ? জখলাবান্ধি কলঙৰ পানী তোলাৰ ব্যৱস্থাৰ কাৰনে ঠাইডোখৰৰ নাম হ’ল জখলাবন্ধা……..এই ঠাইত কলঙে পাক লৈ দক্ষিণে ঠিয় গড়াৰ সৃষ্টি কৰিছিল আৰু সেয়ে জখলা বান্ধি পানী তোলা হৈছিল……আকৌ গদাপাণিৰ ৰাজ্যাভিষেকৰ পাছত জখলাবন্ধীয়া গোঁসাইৰ সত্রলৈ তেখেত স্বৰ্গদেউক জখলাৰে উঠোৱা হৈছিল….ইত্যাদি নানা ঘটনা জখলাবন্ধাৰ লগত জড়িত আছে ৷ ……..জখলাবন্ধাৰ ওচৰতে আছে ৰূপসন্দিকৈৰ মৈদাম….এই মৈদামটিৰ বিষয়ে বহুতো কথা শুনা যায়…..জখলাবন্ধা সত্র বা আচিঁনাই গোঁসাই থান……ইয়াতে আমাৰ স্বৰ্গদেউ গদাপাণিয়ে কিছুদিনৰ বাবে আত্মগোপন কৰি আছিলে………জখলাবন্ধাৰ পৰা অলপ আগত আছে গাঁৰিকুৰি নামে এখন ঠাই……গাঁৱৰ বৃদ্ধ সকলে আগৰ পৰা শুনামতে তু্ৰব্বকৰ হাতত বধ হোৱা মূলাগাভৰুক একুৰি মূণ্ডহীন তিৰোতাৰ সৈতে মৈদাম দিছিল……গাঁৰিকুৰি নাম এইদৰে হ’ল……আমি উঠি অহাবোৰে বহুতো কথাই জানিবলৈ আছে…আজি মই যদি কিবা চিন্তা কৰিবলৈ শিকিছোঁ,নজনাক জনাৰ হেপাঁহ কৰিছোঁ,নিজৰ লগতে আৰু সৰু-বৰ সকলোকে সন্মান আৰু ভাল পাবলৈ শিকিছোঁ তেতিয়া হ’লে এইয়া মোৰ দেউতাৰ পৰা শিকিছোঁ….দেউতাৰ কথা মই এই বাবেই কৈছোঁ যে আমি ডাঙৰক অনুসৰণ কৰোঁ…..যেনেকৈ মই দেউতাই যি কৰে তাকে কৰোঁ……ঠিক তেনেদৰে আমাতকৈ সৰুবোৰে আমাক অনুসৰণ কৰিব…..গতিকে এতিয়াৰ পৰাই আমিবোৰে বিভিন্ন আনন্দ কৰাৰ উপৰিও জ্ঞানবোৰ বুটলি ইটোৱে সিটোক বিলালে ভাল…..ভৱিষ্যতে আমাৰ অসমখন আমিয়ে ৰাখিব লাগিব…….বুৰঞ্জী নাজানিলে কিন্তু আমি নিজৰ বিষয়ে একো নাজানিম……বুজি নাপাম অসমীয়া কেনেকৈ হ’ল….বুৰঞ্জী নাজানিলে কিন্তু মূলা গাভৰু,লাচিত বৰফুকন কোন আছিল ক’ব নোৱাৰিম…..বেলেগে এইবোৰ মিছা বুলি ক’লে উত্তৰ দিব নোৱাৰিম……আহোম,কলিতা,কোচঁ,মহন্ত,বামুণ এইবোৰ ভাগ কৰোঁতেই যাব যদি আমি বুৰঞ্জী নপঢ়োঁ……ছশবছৰ ৰাজত্ব কৰা আহোমসকলৰ আমিয়ে পো-নাতি,জী-নাতি……..আমাৰ প্রত্যেকজন অসমীয়াৰ দেহত কিন্তু আমাৰ পুলিন-পুথাও সকলৰে তেজ আছে…….আমি কি কৰিছোঁ ইজনে সিজনক ঘিণ কৰিব শিকিছোঁ…..কাৰন আমি বুৰঞ্জী নাজানো……..জানিলে কিন্তু বুজি পাম নিজকে…….সমাজত বিহগছবোৰ গজি উঠাৰ আগতেই ইয়াক ঠিক কৰাটো অতি প্রয়োজন |