মোৰ পকা চুলীয়া ককা — মিৰাজুল ৰাছিদ

“মোৰ পকা চুলীয়া ককা”

— মিৰাজুল ৰাছিদ

দীঘল ঠেঙীয়াই চিপ-চিপ কৰিলে

ককা তোমালৈ মনত পৰে

পকা-চুলীয়া ককা
নাতিয়েৰে তোমাৰ
কোলাত
আকৌ এবাৰ বহিব খোজে৷
খুন্দনাত খুন্দি তামোল

কুটুৰ কুটৰ কৈ আকৌ এবাৰ চোবোৱা
ককা
সাধুকথা কোৱা

চিলনীৰ জীয়েক, কুকুৰী কণা
……
এটা ৰজাৰ সাতজনী ৰাণী
সিদিনা তোমাৰ চিলমিল টোপনি আহিছিল

নাতিৰ চিঞৰত চকু মেলিছিলা

শেষ কৰিছিলা ৰজা- ৰাণীৰ সাধু

কেনেদৰে এলাগীক সাৱটি ৰজাই মহাৰাণী বনাইছিল৷

……বহুদিন হ’ল

কাষত তুমি নাই ককা

তথাপি বৰষুণ আহে

দীঘল ঠেঙীয়া বুলি মনে কান্দে

তোমাৰ কোলাত জিৰাব বিচাৰে

তুমি নাই,

সেয়ে মনটোৱে শূন্যকে সাৱটে৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!