মোৰ বাবে মই সেইদিনা খুউব কান্দিম (- অভিজ্ঞান ফুলকোঁৱৰ )
মোৰ বাবে মই সেইদিনা খুউব কান্দিম
যিদিনা মোৰ বাবে ফুলবোৰ ফুল হৈ নৰ’ব
তৰাবোৰ তৰা হৈ নৰ’ব
নদীবোৰ নদী হৈ নৰ’ব
আৰু আকাশখন হৈ নৰ’ব আকাশ ।
যিদিনা ভাৰসাম্যহীন হৈ মদিৰাত ডুব যাম মই আৰু মোৰ ছাঁ
চিগাৰেটৰ ধোঁৱাত কুণ্ডলী পকাই উৰি যাম দূৰলৈ
সকলোৱে নেদেখা ক’ৰবালৈ
কোনেও চিনি নোপোৱা ক’ৰবালৈ
নাইবা জীৱনৰ সত্য বিচাৰি সোমাই যাম
কোনোবা অচিনাকি বেশ্যাৰ যোনিত
নাক-মুখত সানি ল’ম কাৰোবাৰ বৰ্জিত বীৰ্যৰ গোন্ধ
অশ্লীল হৈ ওলাই আহিব একোটাহঁত বিভত্স অশ্ৰুকণা
(যিটো মোৰ বাবে হ’ব এটা মৃত্যুকণাও)
সেইদিনা মই বুকু উজাৰি কান্দিম
যিদিনা ময়েই মোক মৰিশালিলৈ কঢ়িয়াই নিম
মোক ভালপোৱা সকলো মানুহক প্ৰতাৰণা কৰিম
ভীষণ ভাৱে অপৰাধী হৈ ৰ’ম মোৰ প্ৰিয় ঠাইবোৰৰ কাষত ।
মোৰ প্ৰিয় খাদ্যবোৰ দলিয়াই দিম
মোৰ প্ৰিয় শব্দবোৰক ফাঁচি দিম
যিদিনা মৰাশবোৰ দেখি মই দুখ নকৰিম,
কাৰোবাৰ বুকুৰ উচুপনি আৰু চকুৰ সাগৰ মোৰ বাবে আপেক্ষিক হৈ পৰিব
মই মোৰ অস্তাচলত ডুব যাম ।
মই সিদিনা খৰচ কৰিম মোৰ কলিজাৰ সমস্ত তেজ
(যি মোৰ চকুৰ পানী হৈ ব’ব)
যিদিনা মই এজনী ছোৱালীৰ ধুনীয়া হাঁহি এটা হেৰুৱাব নোৱাৰিম
যিদিনা মই চেপি চেপি সুখী হোৱাৰ অভিনয় কৰিম
মোৰ প্ৰেমিকাৰ আগত মোৰ পূৰ্বৰ প্ৰেমিকাৰ গুণ বখানিম
আৰু
যিদিনা এজাক নাঙঠ দোপালপিটা বৰষুণত
তিতিব নোৱাৰি কোনোবা দোকানৰ বাৰাণ্ডাত ৰৈ থাকিম
ভদ্ৰ মানুহৰ নাম লৈ
নিজৰ সুখক গতানুগতিকতাৰ নামত দান দি ।
উচুপি উঠিব মোৰ আত্মাই
সময় আৰু পৰিবৰ্তনৰ কাষত বন্দী হৈ যাম
অন্ধ হৈ চাবলৈ যাম নাটক আৰু
কলা হৈ শুনিবলৈ যাম চিফুঙৰ মাত ।
সেইদিনা মোৰ চকুহাল হাজাৰ সূৰ্য হ’ব
কপোল তিয়াই ব’ব চকুলো নামৰ শোণিত
যিদিনা বোমাবোৰ মোৰ বাবে হৈ পৰিব সদায় ফুলি থকা ফুল
নাৰীৰ স্তন গিলি ভাল পোৱা মানুহবোৰ মোৰ আপোন হ’ব
ইউকেলিপ্টাছজোপাৰ তলত ৰ’বলৈ ভয় লাগিব মোৰ
বকুলৰ ফুল পৰি থাকিব ববচা বনত ।
সোণাৰু,নাহৰ,পাৰিজাত মই চিৰকালৰ বাবে বেয়া পোৱা ফুল হ’ব
মোৰ মা-দেউতাক মই শত্ৰুৰ দৰে ব্যৱহাৰ কৰিম
মোৰ শিক্ষাগুৰুসকলক মই অশ্লীল কথা ক’ম
মই পাগল হ’ম সিদিনা
জন্তু হ’ম
বৰ্বৰ অথবা অন্ধ হ’ম ।
যিদিনা মই মোৰ বাবে ভাঙি পেলাম মোৰ অস্তিত্বৰ আটাইকেইখন
পোহৰ বৰণীয়া দাপোন
শিল-হাতেৰে উভালি পেলাম মোৰ সেউজীয়া দুপাৰি দাঁত
সিঁচি শুকুৱাই পেলাম মোৰ সকলো সংস্কাৰৰ পুখুৰী
এপদ এপদকৈ সলাই থৈ যাম মোৰ অভিজ্ঞতাই দিয়া পোছাক ।
সিদিনা প্ৰকৃততে মোৰ মৃত্যু হ’ব
আৰু মই কাকো নুবুজালেও হ’ব
মোৰ জীৱনটো আচলতে বহুতো সৰু সৰু মৃত্যুৰ মিছিলহে আছিল ।