মোৰ মাইৰ মাত…(-কাবেৰী কছাৰী ৰাজকোঁৱৰ )

মই হেৰু‌ৱাইছো মোৰ মাইৰ মাত
মাইৰ খিলখিল হাহিত কঁপিছিল
পদুলিৰ নঙলা
সেই হাঁহিৰ ঢে‌থৌ‌ৱে চুই গৈছিল
টলমল বৰ পুখুৰীৰ পানী
 
মায়ে মাত হেৰু‌ৱা বহুদিন হল
হাবিত মই হেৰু‌ৱাইছিলো ৰঙা ডাকবাকচ
মোৰ হাতত নাছিল যোগাযোগৰ ১২৩৪..
 
সৰুভণীজনীয়ে কৈছিল
চোমনীৰ মুগা বচাবলৈ ধনুত গুণটানি
মায়ে বুঢা আঙ্গুলিত দুখ পাইছিল..
সেই তেতিয়াৰে পৰা..মায়ে হেৰু‌ৱাইছিল..
 
মুগাবোৰ নাইকিয়া হোবা বহুদিন হ’ল..
মায়ে মাত হেৰু‌ৱাবৰ পৰা ..নাহৰৰ মাকো
পমা কাঠৰ দোৰপতি বিচৰা নাই..
বিচৰা নাই দাৰুৰ বাবে ধপাত তিতা,বিহ ঢেকীয়া
নামহীন বনৰ শিপা..
মাত হেৰু‌ৱাৰ পৰা মায়ে একো বিচৰা নাই…
 
 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!