মোৰ শৈশৱৰ মধুৰ স্মৃতি (- দীপ দাস)
ওভতি গৈছো ১৯৯৯ চনলৈ। তেতিয়া মই চতুর্থ শ্রেণীৰ ছাত্র। হাফ-পেণ্ট পিন্ধি লেৰেলা দেহাটো লৈ পাহাৰৰ লুংলুঙীয়া বাটবোৰৰ মাজে মাজে দৌৰি দৌৰি ঠিক ৯বজাত স্কুললৈ যাওঁ। যাওঁতে আকৌ জয়শ্রী বাইদেউক দিবলৈ বনৰীয়া ফুল এথোপ ছিঙি লৈ যাওঁ। স্কুলত গৈ প্রথম বেঞ্চত বহিবলৈ নাপালে কিমান যে কান্দো! হাঃ হাঃ ভাবিলে এতিয়া খুব হাঁহি উঠি যায়! ঠিক ৯বাজি ৫৫ মিনিটত প্রার্থনা আৰম্ভ হয় ৰঘুপতি ৰাঘৱ ৰাজা ৰাম…….। প্রার্থনা শেষ হোৱাৰ লগে লগে জয়শ্রী বাইদেউ হাতত হাজিৰা লোৱা ৰেজিষ্টাৰ বহীখন লৈ শ্রেণীকোঠাত সোমাইহি আৰু আমিবোৰে সকলো সমবেত হৈ “বাইদেউ নমস্কাৰ” বুলি চিঞৰি উঠো। চকিত বহিবলৈ নেপাওঁতেই মই বাইদেউৰ ওচৰলৈ দৌৰি যাওঁ আৰু হাতত সযতনে চেপি ৰখা বনৰীয়া ফুলথোপ বাইদেউক দি ভৰিখন চুই সেৱা এটা লওঁ। প্ৰতিদিনৰ দৰে বাইদেৱে মোৰ মুৰত হাত বুলাই কয়- “তোৰ চুলিখিনি বৰ লাহী, চুলে চুই থাকিবলৈ মন যায়”। মই লাজতে আহি নিজৰ বেঞ্চত বহি যাওঁ। তাৰ পাছত আহে অংকৰ বড়ো ছাৰ। মোক যথেষ্ট মৰম কৰিছিল তেওঁ। আজিও বাটত লগ পালে চাহ আৰু গোল্লা খোৱায়। সাধাৰণ জ্ঞান পঢ়াবলৈ যাদু বাইদেউ আহে। “যাদু বাইদেউ” নামটো কিয় হ’ল, কৈ আছো। বাইদেৱে গলত এডাল মুকুতা মালা পিন্ধিছিল। সকলোৱে কয় সেই মালাডালত হেনো যাদু আছে; কোনোবা ছাত্র-ছাত্রীয়ে যদি ভালকৈ নপঢ়ে আৰু বদমাছি কৰে, বাইদেৱে সিহঁতক শিল কৰি পেলায়। সেয়ে তেওঁক দেখিলে আমাৰ বুকু কঁপি গৈছিল! শেষত বসুমতাৰী বাইদেউ আহে; তেওঁৰ দৰে শান্ত আৰু মৰমীয়াল শিক্ষয়িত্রী মই আজিলৈকে দেখা নাই। এনেকৈয়ে দিনটো যায়গৈ ।
কিয় বা নাজানো, বিয়লি টং টং টং টং শব্দ বাজি উঠাৰ লগে বন্ধুবোৰলৈ মনত পৰি যায়!
ঘৰলৈ আহি পেটত ভাত দুটামান সোমোৱাই লৈ আৰু ৰবলৈ সময় নাই! মনটো মোৰ ঘৰত নাথাকে; পাহাৰৰ টিলাৰ আমলখী বনত ৰৈ থকা মোৰ বিয়লিৰ বন্ধুবোৰৰ তালৈ উৰা মাৰে আৰু তাৰ পিছে পিছে মই বলিয়াৰ দৰে দৌৰি ফুৰোঁ। আমলখী বনৰ ওচৰত এখন লেচু বাগান, এখন আমবাগান আৰু এডাল প্রকাণ্ড তেঁতেলিৰ গছ আছে। প্রথমতে গৈ বান্দৰৰ দৰে গছবোৰত বগাই, যি পাঁও তাকে মূখত ভৰাই লওঁ আৰু কিছু জেপত ভৰাই লওঁ। মাজে মাজে দেউতাই দিয়া লাইট জ্বলা হাতঘড়ীটোত সময় চাই থাকো। ঠিক ৩বজাৰ লগে লগে হুৰমূৰাই আমলখী গছত উঠি যাওঁ আৰু জোৰ জোৰকৈ গছডাল জোকাৰি দিওঁ। আমলখী সৰি যেতিয়া তলৰ মাটিবোৰ সেউজীয়া হৈ পৰে, তেতিয়া শকত গছৰ ডাল এটাত ভালকৈ বহি লওঁ আৰু জেপত থকা ফলবোৰ চোবাই চোবাই মোৰ বিয়লিৰ বন্ধুবোৰৰ অপেক্ষাত ৰৈ থাকো। সূৰ্য্যদেৱতাৰ শক্তি কমি অহাৰ লগে লগে এটা এটাকৈ লাহে লাহে মোৰ বন্ধুবোৰ আহিবলৈ ধৰে। গাত সৰু ফুটুকা ফুটুকী চিন, সৰু সৰু কিছু অস্পষ্ট দাগ, দীঘল দীঘল কাণ- উঃ মোৰ বন্ধুবোৰ কি ধুনীয়া! আপুনি আচৰিত হৈছে নেকি? মোৰ বন্ধুবোৰ হত্যাকাৰী মানুহ নহয়, এইবোৰ কজলা বৰণৰ ফুটুকী হৰিণহে! ইহঁতেই মোৰ শৈশৱৰ বিয়লিৰ বন্ধু; মই সৰাই দিয়া আমলখীবোৰ হৰিণবোৰে কুটুৰ-কুটুৰ কৈ খায়! মাজে মাজে ফুচ্ – ফুচ্ কৈ কিবা এটা শব্দও কৰে। ইঃস আপুনি যদি থাকিলহেঁতেন, মোৰ লগত খুব মজা পালেহেঁতেন দেই!! এনেকৈয়ে লাহে লাহে মাটিত সৰি থকা আমলখীবোৰ নোহোৱা হৈ পৰে আৰু মোৰ বন্ধুবোৰো এটা এটাকৈ অদৃশ্য হৈ পৰে….। এইবোৰেই মোৰ শৈশৱৰ মধুৰ স্মৃতি!!
কিন্তু এতিয়া আৰু সেই দিন নাই। ছাৰ-বাইদেউ সকলে অৱসৰ ললে; তাৰে কেইজনমান আকৌ এই পৃথিৱীৰ পৰাই অৱসৰ ল’লে! লগতে মোৰ শৈশৱৰ বন্ধুবোৰৰ কিছুমানক বাঘে খালে আৰু কিছুমানক এই “মানুহ” নামৰ পশুটোৱে খাই খাই শেষ কৰি দিলে। আমাৰ উত্তৰ পূৰুষে এইবোৰ দেখাই নাপাব, সেয়েহে তেওঁলোকক এনেকৈয়ে সাধুকথা কৈ শুনাব লাগিব………!!