মোৰ শৈশৱ আৰু কৈশোৰৰ চুলি কটা দিনবোৰ – বিদ্যুৎ কুমাৰ ভূঞা
সৰুতে কিছুদিনলৈ মোৰ চুলি নাপিতে কটা নাছিল, দেউতাই কাটি দিছিল৷ ঘৰতে৷ চুলি কাটি থাকোঁতে কটা চুলি গাত পৰিব কাৰণে প্ৰথমেই গাৰ চোলাটো খুলি লৈ চোতালত কাপোৰ মেলা বাঁহৰ ডাঁৰডালত বা জেওৰাখনত ওলোমাই থৈছিলোঁ৷ সুদা গা বা গেঞ্জীটোৰ ওপৰতে ভিতৰৰ পৰা মা-ই আহি ঘৰত পিন্ধা নিজৰ চাদৰ এখন দুজাপ কৰি মোৰ গাত মৰমেৰে মেৰিয়াই দিছিলহি৷ চুলি কটা চাবলৈ কাম নোহোৱা ল’ৰা-ছোৱালীকেইটামানো ৰাতিপুৱাই আহি চোতালখনত এটা-দুটাকৈ গোট খাই যায়৷
ঘৰৰ আগচোতালত পীৰা এখনত বহুৱাই প্ৰথমেই দেউতাই নিজৰ দুই ভৰিৰ আঁঠুদুটাৰে মোৰ মূৰটো দুৰ্গাপূজাৰ বলিশালৰ ছাগলীটোৰ মূৰটোৰ দৰে চেঁপা মাৰি ধৰিছিল৷ তাৰপিছত দেউতাৰ, দেউতাই নিজে অভিজ্ঞ বুলি ভবা নিজৰ হাতখন আৰু মই যিকোনো মুহূৰ্ততে মূৰত খোঁচ খোৱাৰ ভয়ত সন্ত্ৰস্ত হৈ থকা কেঁচীখন একে স্পীডত চলিব ধৰে৷ দেউতাই ‘হৈ গ’ল, গা ধোগৈ যা’ বুলি নোকোৱালৈকে যেন উশাহ-নিশাহ ল’বলৈ থাকিয়েই গৈছিল, তেনে লাগিছিল৷
এটা সময়ত আমাৰফালে কপিল নামৰ বিহাৰী নাপিত এজনে গাঁৱে-গাঁৱে চুলি কাটি ফুৰিছিল৷ পাৰিশ্ৰমিক হিচাপে পইচা নাথাকিলে চাউল দিলেও হৈছিল৷ তেওঁ মোনা এখনত মাজে মাজে ‘মধিৰাম’ (সৰুতে ’মধুৰী আম’ৰ আমি শুনা আৰু কৰি অহা উচ্চাৰণ) লৈ আহিছিল আৰু তাৰে আশাত আমি নিজৰ মূৰবোৰ ‘বলিশাল’লৈ স্ব-ইচ্ছাই আগবঢ়াই দিছিলোঁ৷ অৱশ্যে দেউতাৰ বলিশালতকৈ এইখন কিছু নিৰাপদ বলিশাল আছিল৷ লগতে আছিল ‘মধিৰাম’ৰ লোভ!
আৰু অলপ ডাঙৰ হওঁতে ঘৰৰ চোতালত চুলি কটা ব্যৱস্থাটো কিবা লাজ লগা যেন লাগিবলৈ ধৰিলে৷ তেতিয়া দেউতাৰ সৈতে গৈ কিছুদিনলৈ দেওবৰীয়া ইটাখোলা বজাৰত টুলত বহি আৰু তাৰপিছত জামুগুৰি চেণ্টাৰৰ ‘চেলুন’ত জোখতকৈও ওখ চকীত বহি (আচলতে ‘চকীত উঠি’ বোলাহে উচিত) চুলিকটা অভিযান আৰম্ভ হৈছিল৷ ’চেলুন’ৰ চকীত উঠাই, ভালকৈ বহুৱাই দিয়া দেউতাক মোৰ আগে-পাছে থকা ডাঙৰ আয়নাকেইখনত চাই আছিলোঁ৷ ইয়াৰ পিছত এদিন আয়নাখনত বৰ স্বাভাৱিকভাৱেই দেউতাক বিচৰাটো শেষ হৈছিল আৰু সেই আয়নাখনতে অমিতাভ বচ্চন, ধৰ্মেন্দ্ৰ, হেমামালিনী, ৰেখা, শ্ৰীদেৱীৰ আৱিৰ্ভাৱ হৈছিল৷ মই হয়তো লাহে লাহে ডাঙৰ হৈ আহিছিলো৷
★★★