মোৰ স্মৃতিৰ গৰ্ভৰ পৰা ১ ( প্ৰদ্যুতজ্যোতি শইকীয়া )

মোৰ স্মৃতিৰ গৰ্ভৰ পৰা  (১)

প্ৰদ্যুতজ্যোতি শইকীয়া

কালি ৰাতি এটা ফ’ন আহিল । ৰাতি মানে প্ৰায় পুৱতি নিশা । ককাইদেউৰ কলিং ।এনেকোৱা সময়ত ককাইদেউৱে খুব কম ফ’ন কৰে ।লেপটপটোৰ পৰা মুৰ আঁতৰাই ফ’নটো ৰিচিভ কৰিলো ।কিজানি কিবা অথন্তৰেই হ’ল নেকি? ৰিচিভ কৰাৰ পাছত ককাইদেউৱে ক’লে–“দেউতাই তোৰ লগত বৰ কথা পাতিবলৈ বিচাৰি আছে? ম‍ই পথাৰলৈ যাবলৈ ওলাইছো, সোনকালে কথা পাত।দেউতাও যাব”।
আনটো মুৰত দেউতাৰ খোনা খোনা মাতটো শুনিলো।দেউতাৰ উচ্চাৰণবোৰ বৰ বেলেগ হয় সেয়ে-
-“সৰুকন কি কৰিছ ? ভা(ভাত) খালী?”
(দেউতাৰ চিৰাচৰিত প্ৰশ্ন) ম‍ই ক’লো-
-“নাই খোৱা দেউতা, ৰাতিপুৱালে খাম”।
দেউতা-“আমি জ-পান(জলপান) খালো।পথাঅলে(পথাৰলৈ) যাম”
ম‍ই-“দানা ব’নালে নেকি?”
দেউতা-“খোৱালোৱেই ****”(দেউতাৰ বৰ পুৰণা অভ্যাস এই শব্দটো মতাৰ।দেউতাই কাম দুটাই কৰে।পথাৰৰ কাম আৰু গৰুৰ দানা তৈয়াৰ কৰা )
ম‍ই-(হাঁহি)”চাৰিটা বজাতেই দানা বনাই খোৱাইও শেষ নেকি?”
দেউতা-“অঁ”
ম‍ই-“মায়ে কি কৰিছে?”
দেউতা-“শুই আছে ক’।গা ভাল নহয়।জ্বৰ।টেবেট আনিবি”
ম‍ই-“নিম”
দেউতা- সৰুকন অ’।কথা এটা হ’ল পাই…
ম‍ই-“কওক”
দেউতা-“**** নাঙলটো ভাগিয়ে(ভাগিলে) পাই।টেট্টয়ে(টেক্টৰে) বাইছে হাল”
ম‍ই-“অহ হয় নেকি?”
দেউতা-“হমমম।ত‍ই আহিবি।এইবাৰ চেছু খাম।পথাঅ’লে যাওঁ।উই সোন‍ও(ককাইদেউক দেউতাই মাতে এইটো নামেৰে) ল’।”

ককাইদেউ-“যাওঁ। থ’ । মাজৰ মাটি দুপুৰাত কবুটৰ খন নমাইছো।আজি সমাৰি শেষ কৰিব লাগিব।পাঁচ হালিছাৰ টুকুৰাত কঠীয়া তোলা।বুঢ়ীজনীৰ বিঘাত ৰুৱতী চা দিবলৈ আছে।চিফাঙখন বেয়া হ’ল।যাওঁ।তোক কৈ থ’লো।ত‍ই আহিলে যোৰহাটত সোমাই আহিবিছোন।নতুন কিবা ধান এটা ওলাইছে হেনো। সঁচ আনিব লাগে। ৰাতিপুৱালৈকে সেইডাল টিপাটিপি কৰি নমৰিবি ।দিনত ডাক্টৰী কৰ‍ই।ৰাতিখন অলপ শুবি, থ”।
সেই বুলি কয়েই ফ’ন কাটিলে ব্যস্ততাৰ মাজত থাকি ভালপোৱা মোৰ ককাইদেৱে । সেইখিনি আছিল আজিৰ পৰা এবছৰৰ আগৰ শাওন মাহৰ এটা পুৱতী নিশা দেউতা আৰু ককাইদেউৰ সৈতে কৰা আলাপ।আমাৰ দেউতা অলপ অভজা টাইপৰ।নুবুজে সকলো কথা।ফ’নটো কটাৰ পাচতেই উৰি গ’ল অতীতলৈ মনটো।
মাঘ মাহৰ কোনোবা এটা দিনত কাম কৰা ল’ৰাটোৱে কাটি আনিছিল ইংৰাজীৰ এল আখৰটোৰ আকৃতিৰ এডাল প্ৰকাণ্ড গছৰ ডাল।সোণাৰু আছিল খুব সম্ভৱ।ম‍ই তেতিয়া দ্বিতীয় শ্ৰেণীত।বালিত বালি ঘৰ সজাৰ বয়স।প্ৰথমে খৰি কৰিবলৈ আনিছে বুলি ভাবিছিলো।পাছত ককায়ে বহি বহি চাচি মিহি কৰি থকা দেখি উত্‍সাহ বাঢ়িল।ওচৰ চাপি গ’লো ।
-ককা কি এইটো?
-“নাঙল এইটো অকনি(ককাই মোক মতা নাম)”
-“অ’ এতিয়াহে বুজুলো”
–“যাঃ চাই থাকিব নালাগে।পেপাৰখন আনি চিঞৰি চিঞৰি পঢ়।মোৰ সময় নাই।শুনিবহে পাৰিম”
ম‍ইও পেপাৰখন আনি পঢ়াত লাগিলো চিঞৰি চিঞৰি।ষ্টাফ ৰিপৰ্টাৰ, ২০ জানুৱাৰী…….।ককাই নাঙল চাচি থাকিল।
চাৰিদিনমানৰ পাছত বৰ ধুনীয়া নাঙল এটা হ’ল।খুব ভাল লাগিল দেখি।ককাক সুধিহে গম পালো এইবাৰ এইটো হালত লগাব পৰা নহ’ব।কাৰণ কেঁচা কাঠ।গধুৰ।পানীত ডুবাই ৰাখি আকৌ শুকুৱাইহে ব্যৱহাৰ কৰিব পৰা যাব।তাৰ পাছত পানীত ডুবালে নাঙলটো।আমিও বেলেগ কামত ব্যস্ত হ’লো।
গ’ল কথা গুছিল।তাৰ পাছৰ বছৰৰ পৰা সেই ফাংফলীয়া নাঙলটো আমাৰ পথাৰৰ অপৰিহাৰ্য্য অঙ্গ হৈ পৰিল।দেউতাই হাল বাবলৈ কান্ধত লৈ যায় নাঙলটো।মুৰত জাপি।অলপ বুজন হোৱাৰ পাছৰে পৰাই জলপান দিয়া কামটো কৰিবলগীয়া হ’ল।নিতৌ পথাৰলৈ যোৱা আৰু জলপান দিয়া।দেউতাই জলপান খাবলৈ ল’লে গৰুহাল ৰখাই থয়।হালোৱা ল’ৰাটোৱেও খায়।এদিন হালোৱা ল’ৰাটোৱে ক’লে “বায় চা হাল”।জীৱনত প্ৰথম নাঙলৰ মুঠিত ধৰিলো।কঁপিছিলো কিজানি । দেউতাৰ ল’ৰা, ককাদেউতাৰ নাতি গতিকে হাল নাবায় পাৰিমনে ? ঘুৰালো দুপাকমান।তাৰ পাছত আৰু কিহে পায়।জলপান দিবলৈ গ’লেই হাল বাওঁ।দেউতাই শিকাই দিয়ে “ঘূৰি আহ চাপি আহ,ঘূৰ ঘূৰ **** ক’লৈ যাৱ, গাত(গাতে) চাপ, ।মোৰ হালবোৱা শিকাৰ আদিপাঠ।হাল বোৱা হোৱাৰ পাচত গৰু ধুৱাই চৰাবলৈ দেউতাই লৈ যায় আৰু মোৰ নাঙলটো ধুই কলমৌ মাজৰ নিদিষ্ট ঠাই টুকুৰাত পাচৰ দিনাৰ হাল বাবৰ বাবে লুকুৱাই থৈ অহাৰ পাল।চলি আছিল তেনেকৈয়ে।কিন্তু এদিন গৰুহালৰ কজলাটোৰ ভৰিত লগাই দিলো।দেউতাই হালোৱা এচাৰিডাল লৈ খেদি ফুৰিলে মোক পথাৰখনতে।দুসপ্তাহ হাল বন্ধ।এনেকৈয়ে হাল বাবলৈ শিকিছিলো।তাৰ পাছত ককাইদেউৱে টেক্টৰৰ পাচত ঘুৰিলে।কিন্তু কঠীয়া পাৰোতে গৰুহাল আৰু নাঙলটো লাগিব‍ই।সেয়ে গৰুহাল আৰু নাঙলটো‍ও থাকে।কিন্তু সেইদিনাৰ দেউতাৰ মুখত শুনা সেই খবৰটোৱে মনটো অলপ সময়লে হ’লেও বেয়া কৰি তুলিলে।কাৰণ নাঙলটো বহুত বছৰলৈকে আমাৰ ঘৰৰ এটা উপাৰ্জ্জনৰ আহিলা আছিল।হাল বাবলৈও সেই নাঙলটোতে শিকিছিলো।সেয়ে নিজেই নিজেই হুমুনিয়াহ এটাৰ লগত বাক্য এটা উলাই আহিল “হমমম নাঙলটো সঁচাই ভাগিল”।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!