মৌৰ মধু কথা (দিগন্ত বৰা)

(সময় সলনি হ’ল, সলনি মৌৰ ৰস সংগ্ৰহৰ উৎস। আজিকালি মৌৱে হেনো ফুলৰ পৰা মধু সংগ্ৰহ নকৰে…)

 

মৌৰ মধু কথা


দিগন্ত বৰা

 

 

আমাৰ ঘৰৰ মৌবাহটোৰ কাষলৈ চাক কাটিবলৈ যাওঁতে মৌ এজনীয়ে ক’লে— মালিক, কথা এটা কওঁ?
মই— ক’…
হাঁহি এটা মাৰি তাই ক’লে—আমাৰ মৌ নাখাব।
মই—কিয়?
মৌ— কথা এটা আছে। সেয়ে কৈছোঁ।
মই— আগেয়ে কৈ ল’চোন।
মৌ— আপুনি বেয়া পাব নেকি?
মই— নাপাওঁ, ক’।
মৌ— আমি আজিকালি ফুলৰ পৰা মৌৰস নানো।
মই—কিয়?
মৌ—আজিকালি আমি বেলেগ SOURCE এটাৰ পৰাহে এইবোৰ কালেক্ট কৰোঁ।
মই—ক’ৰ পৰানো কালেক্ট কৰা অলপ খোলোচাকৈ ক’।
মৌ—ধনী মানুহৰ ঘৰৰপৰা।
মই—ভাল কথা।ফুল ৰোওঁতেও আজিকালি বহুত খৰছ হয়। দুখীয়াই এই খৰছ কৰিব নোৱাৰে।
মৌ—নহয় মালিক। আমি ফুলৰ মৌ বিচাৰি তালৈ নাযাও!
এইবাৰহে অলপ আচৰিত হ’লো। অলপ ৰৈ সুধিলো—কি বিচাৰি তেন্তে তালৈ যাওঁ?
ক্ষন্তেক ৰৈ মৌজনীয়ে ক’লে—ডায়েবেটিছ ৰোগী বিচাৰি।
কোনোবাই যেন পাছফালৰ পৰা মোৰ মূৰত লাঠি এডালেৰে মাৰিহে দিলে! ক’ব নোৱাৰা হোৱা যেন লাগিল মোৰ!
তথাপিতো সুধিলো— ডায়েবেটিছ ৰোগীৰ স’তে তহঁতৰ কি সম্পর্ক?
মৌজনীয়ে কলে— ধনী মানুহৰ ঘৰত আজিকালি ডায়েবেটিছ ৰোগী থাকেই। আৰু আপুনিতো জানেই যে ডায়েবেটিছ ৰোগী এজনৰ দেহত সেই বৰুৱাবামুনগাঁৱৰ চেনীকলটোকে থাকে। গতিকে তেখেতৰ পেছাপৰ পৰা আমি যিখিনি মৌ পাওঁ সেই মৌ এহাজাৰ ফুলৰ পৰাও পোৱা সহজ নহয়।
মৌজনীৰ কথাত মোৰ হাত ভৰিবোৰ থক্‌থক্‌কৈ কঁপি উঠিল।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!