মৰণোত্তৰ হৃদয়দান (-প্ৰতিম প্ৰতাপ বৰুৱা)
এটা পথ দূৰ্ঘটনা হ’ল। এজন মানুহ সেই দূৰ্ঘটনাটোত নিহত হ’ল। তেওঁক ভৰ্তি কৰোৱা চৰকাৰী হস্পিতালখনে তেওঁৰ ইতিমধ্যে মৃত্যু হোৱা বুলি ঘোষণা কৰিলে। মানুহজনৰ পৰিয়ালে সিদ্ধান্ত ল’লে যে মৃতদেহৰ যিকেইটা অংগ আনৰ জীৱনৰক্ষাৰ বাবে দান দিব পাৰি সেইকেইটা দান দিয়া হওক। সেইখিনি সময়ত এনে এটা সিদ্ধান্ত ল’বলৈ পৰিয়ালৰ মানুহখিনিক কিমানখিনি মানসিক শক্তিৰ প্ৰয়োজন হয়, সেইটো বহুতে কল্পনাই কৰিব নোৱাৰে।
তুৰন্তে বিচাৰ-খোচাৰ আৰম্ভ হ’ল আৰু ১২ কিলোমিটাৰ দূৰত্বত থকা অন্য এখন হস্পিতালত ভৰ্তি হৈ থকা এগৰাকী ২১ বছৰীয়া ছোৱালী বিচাৰি পোৱা গ’ল, যাৰ হৃদয়খনে লাহে লাহে কাম কৰা বন্ধ কৰি দিব ধৰিছে আৰু যি যোৱা এটা মাহতকৈও বেছি দিন হৃদয় দান কৰিব পৰা কোনোবাজনৰ অপেক্ষাত আছে আৰু যাৰ শৰীৰে চিকিৎসাবিজ্ঞানৰ নিয়মমতে এই দাতাজনৰ হৃদয়খন গ্ৰহণ কৰিব পাৰে। কিন্তু এই কামটো মাত্ৰ চাৰিঘণ্টাৰ ভিতৰতে সম্পূৰ্ণ কৰিব লাগিব।
লগে লগে দুয়োখন হস্পিতালৰ ডাক্তৰসকলে কাম আৰম্ভ কৰিলে। অপাৰেশ্যন কৰা হ’ল। মৃতদেহটোৰ শৰীৰৰ পৰা হৃদয়খন উলিওৱা হ’ল। ট্ৰেফিক পুলিচ বিভাগক অনুৰোধ কৰা হ’ল। ট্ৰেফিক পুলিচে এনে ব্যৱস্থা কৰিলে যে সেই হৃদয়খন আৰু ডাক্তৰকেইজনক কঢ়িয়াই নিয়া এম্বুলেন্সখনে সেই ১২ কিলোমিটাৰ বাট তীব্ৰ বেগেৰে ক’তো নোৰোৱাকৈ যাব পাৰে। ১২ কিলোমিটাৰ বাট ১৪ মিনিটত অতিক্ৰম কৰা হ’ল আৰু সেই ছোৱালীজনীৰ বুকুত এখন নতুন কাৰ্য্যক্ষম হৃদয় স্থাপন কৰা হ’ল।
এটা হৃদয় বিদাৰক ঘটনাৰ ইয়াতকৈ সুন্দৰ পৰিসমাপ্তি হ’ব নোৱাৰে।