মৰমৰ আইতা (প্ৰতিম প্ৰতাপ বৰুৱা)
আমাৰ মৰমৰ আইতাজনীক লৈ গল্পটো আৰম্ভ কৰাৰ আগতে আইতাৰ বিষয়ে অলপ কৈ ল’ব লাগিব। আমাৰ আইতা প্ৰায় ৬৫ বছৰীয়া মান হ’ব। অৱশ্যে আইতাই নিজৰ বয়স কিমান হ’ল সেইটো সঠিককৈ নাজানে। ১৫ নে ১৬ বছৰ বয়সতে ককাৰ লগত বিয়া হৈছিল। এবাৰ বিয়াৰ আগতে, মানে বিয়া ঠিক হোৱাৰ পিছত, ককাই হেনো একো খবৰ নিদিয়াকৈ আইতাহঁতৰ ঘৰলৈ গৈছিল। ককাৰ কান্ধত ঘৰতে পকা মালভোগ কল এথোকা। আইতাহঁতৰ নৈপৰীয়া গাঁও। মথাউৰিৰ ওপৰেৰে বাট। কাষতে নদীৰ ঘাট। আইতাই হেনো ঘাটলৈ পানী আনিবলৈ গৈ লগৰ ছোৱালীৰ লগত নদীত সাঁতুৰি-নাদুৰি আছিল। ককাই আইতাক সাঁতুৰি থকা দেখিলে। আইতাই ককাক মালভোগ কল এথোকা লৈ আহি থকা দেখিলে। দেখি দুয়ো হেনো ইমানেই লাজত পৰিল যে সেইদিনা আইতা ককাৰ আগত নোলালেই।
সেই আইতা এতিয়া এখন ভৰা সংসাৰৰ খোদ মালিক। লগৰীয়া হিচাপে ককা আছেই। এতিয়াও দুয়োৰে দুয়োলৈ সেই একেই মৰম, আতলো-তুতলোকৈ ৰাখে দুয়ো দুয়োকে। চাৰিটা কৰ্মঠ পুতেক, চাৰিজনী লখিমী বোৱাৰীয়েক, দহটি টিয়ঁহৰ জালি যেন চেহেৰাৰ নাতি-নাতিনী, আহল-বহল খেতি-পথাৰ, পুখুৰীত মাছ, বাৰীত তামোল-পান, শাক-পাচলি।
ৰাতিপুৱা সোনকালে শুই উঠি আইতাই গা-পা ধুই লয় মানে কোনোবাজনী বোৱাৰীয়ে ৰঙা চাহটুপি আৰু জলপান এটি যতনাই দিয়েই। সেইকেইটা খাই আগবেলাটোলৈ আইতা আজৰি। কোনোবাটো নাতিয়ে খুন্দোনাটোত তামোল এখন খুন্দি দিয়ে। হোলা মুখৰ আইতাই তামোলখন খৰকৈ চোবায়। চোবায় মানে কি আৰু, খুন্দা তামোলখন মুখতে লৈ জিভা আৰু দাঁত নথকা আলুখিনিৰে ল’ফ’-লাফা কৰি সোৱাদটো লয়। সেইখিনি সময়ত কোনোবাটো নাতি, বিশেষকৈ ডাঙৰটো নাতি বিতোপন যদি ওচৰতে থাকে তেন্তে সি আইতাৰ খৰকৈ তল-ওপৰ কৰি থকা থুতৰিটো চুই চুই আইতাক দিগদাৰ কৰি থাকে। আইতাই বিতোপনক একো কবও নোৱাৰে। এনেয়েও ডাঙৰ নাতি বুলি বিতোপনলৈ আইতাৰ মৰমটো বেলেগ।
কেতিয়াবা আইতাৰ সময়বোৰ নাযায়-নুপুৱায় যেন লাগে। আমনি লাগি কিবা কাম এটাকে কৰো বুলি হাতত তুলি ললে কি নল’লে, কোনোবাজনী বোৱাৰীয়ে উৰি অহাদি আহি কামটো আইতাৰ হাতৰ পৰা চিলাই থপিওৱাদি থপিয়ায়। উপায় নোহোৱা হৈ আইতাই বাৰীখনতে কিবা এটা খুচৰোগৈ বুলি সোমায়গৈহে, কোনোবাটো পুতেকে কয় – “বৌটি, তইনো ইয়ালৈ কিয় আহিব লাগিছে। মই আছো নহয়। তই যাচোন ইয়াৰপৰা।“ উপায় নোহোৱা হৈ আইতা গুচি আহে। দুপৰীয়া ভাতমুঠি খাই লৈ ককা-আইতা দুয়ো অলপ সময় জিৰায়। আবেলি দুয়ো নামঘৰলৈ যায়।
এদিন আইতাই ডলা এখনত চাউল এখিনি উলিয়াই বাচিবলৈ ল’লে। বোৱাৰীকেইজনী উৰি অহাদি আহিল – “বৌটি, বাচি থোৱা চাউল আছেই দেখোন। আপুনিনো কেলেই চাউল বাচিব লাগিছে।“ আইতাই ভেকাহি মাৰি উঠিল – “মনে মনে থাক তহঁতি।“ পিছতহে উৰহি গছৰ উৰটো ওলাল। কাম-বন কৰিবলৈ নাপাই আমনি লাগি লাগি আমাৰ সাদৰী আইতাজনীয়ে বাচি থোৱা চাউলতে ধান অলপ মিহলি কৰি চাউল বাচিবলৈ লাগি গৈছে।
সেই আইতাৰ ডাঙৰ নাতি বিতোপন আজি ফাইনেল পৰীক্ষা দি হোষ্টেলৰ পৰা দীঘলীয়া বন্ধত ঘৰলৈ আহিব। উলাহতে আইতাৰ গা আজি সাতখন-আঠখন। ঘনে ঘনে চোতাললৈ ওলাই পথাৰখনলৈ চাইছে। চোতালৰ পৰা দেখি থকা পথাৰখন পাৰ হ’লেই পোৱা প্ৰকাণ্ড আঁহত গছ জোপাৰ তলতে বাচখন আহি ৰয়হি। বিতোপনে বাচৰ পৰা নামি পথাৰৰ মাজে মাজে খোজকাঢ়ি আহি ঘৰ পায়হি।
বিতোপনে ডিব্ৰুগড়ত ডাক্তৰী পঢ়ি আছে। আইতাই বৰ গৰ্ব কৰি কয় – “মোৰ ডাঙৰ নাতিটোৱে ডাক্তৰ পঢ়ি আছে।“ কবতোন। কিয় নক’ব? নিৰক্ষৰ ককা-আইতাৰ ডাঙৰ পুতেক মেট্ৰিক পাছ। সেই ডাঙৰ পুতেকৰ ডাঙৰ পুতেক বিতোপনে ডাক্তৰী পঢ়িবলৈ পাইছে। গাঁওখনৰ প্ৰথম ডাক্তৰ হ’ব সি। আইতাৰ চকুত সি ইতিমধ্যে ডাক্তৰ হ’লেই।
বাকীকেইটা নাতি-নাতিনীক আইতাই কয় – “আগৰ গৰু যেনি যায়, পিছৰ গৰুও তেনি যাব লাগে। ভালকৈ পঢ়। তহঁতিও ডাক্তৰ হ’ব লাগিব।“ বিতোপনে এদিন কৈছিল – “আইতা, তুমি বাৰু আগৰ গৰু বুলি মোৰ কথা কৈছানেকি?” আইতাই ক’লে – “অ’।“ বিতোপনে সেইফালেই তাপ মাৰিলে।
বিতোপন আহি পালেহি। আইতাই তাৰ গায়ে-মূৰে হাত ফূৰাই আশীৰ্বাদ দিলে। বিতোপন আজিকালি ইমান ওখ-ডাঙৰ পাহোৱাল লৰা হ’ল যে সি নিজে হাওলি নিদিলে আইতাই তাৰ চুলিখিনি ঢুকি নাপায়।
পিছদিনা ৰাতিপুৱা বিতোপনে আইতালৈ তামোল খুন্দি আছিল। আইতা ওচৰতে বহি আছিল। আইতাই ক’লে – “বিতোপন ঔ, তই বাৰু কৰ’বাত ছোৱালী ঠিক কৰিছনেকি? কৰিছ যদি তাইক আনি মোক দেখুৱাই নিবিহি।” আইতাৰ কথা শুনি বিতোপনে ধোঁৱা-কোঁৱা দেখিলে।
– নাই আইতা। মই ছোৱালী-তোৱালী ঠিক নাই কৰা।
– নাই কৰা যদি কিটোনো কৰিছ? তোৰ এইহেনটো চেহেৰা। ডাক্তৰী পঢ়িবলৈ কিমান ধুনীয়া ধুনীয়া ছোৱালীবোৰ আহে। সোনকালে ঠিক কৰ এজনী আৰু আনি ককাৰকে মোকে দেখুৱাহি। আমি আজি আছোঁ, কাইলৈ নাই। তোৰ ছোৱালীজনী চাবলৈ পালে শান্তিৰে মৰিব পাৰিম। বুজিলি।
– নাই নাই আইতা। এনেকুৱা মৰিম চৰিম কথাবোৰ নকবাচোন।
মুখেৰে নাই নাই কৰিলেও বিতোপনৰ মনটো ধৰফৰাই উঠিল। এই আইতাজনী এদিন নোহোৱা হ’ব।
আচলতে আইতাই কিবা জানেনেকি বাৰু? – সি সন্দেহেৰে আইতালৈ চালে। তাৰ বুকুখন ঢপঢপাই উঠিল। সি মনিপুৰৰ ছোৱালী এজনীক নিজৰ কাৰণে পচন্দ কৰি থৈছে বুলি গম পালে আইতা বাদেই তাৰ মাক-দেউতাকে মানি ল’বনে বাৰু?
– কি হ’ল অ’ তোৰ? টলকা মাৰিলি দেখোন। – আইতাই সুধিলে।
– নাই মানে আইতা, একো নাই। বাৰু আইতা, এটা কথা কোৱাচোন।
– কি কথা?
– আইতা, মই যদি বেলেগ জাতৰ ছোৱালী এজনী তোমাৰ নাতি-বোৱাৰী কৰি আনো, তুমি কি কৰিবা?
– কৰিবলৈ কিটো আছে? এইবোৰ জাত-পাত কেলেই লাগিছে? ছোৱালীকন মাতে-কথাই, স্বভাৱে-চৰিত্ৰই ভাল হ’লেই হ’ল। পিছে তই তেনেকুৱা কিবা কৰিছ’ নেকি?
– ৰবাচোন আইতা।
বিতোপনে খুন্দুনাটোৰ পৰা তামোলখন উলিয়াই আইতালৈ আগবঢ়াই দি সাউতকৈ ভিতৰলৈ গৈ তাৰ ম’বাইল ফোনটো উলিয়াই আনিলে। সেইটো টিপা-টিপি কৰি সি মম্বিৰ ফটোখন উলিয়াই আইতাক দেখুৱালে – আইতা, এইজনী মম্বি। মনিপুৰৰ থৌবাল জিলাৰ ছোৱালী। মোতকৈ দুবছৰ সৰু। আমাৰ কলেজতে ডাক্তৰী পঢ়ি আছে।
– আইঐ দেহি! এইজনী দেখোন তেনেই অপেচৰী। নামটো কি বুলি কলি?
– মম্বি আইতা। এতিয়া তুমি, ককা আৰু মা-দেউতা, দদাইদেউ-খুৰীদেউহঁতে মোক গালি নাপাৰিলেই হয় আৰু।
– হেৰৌ তোক কোনে গালি পাৰে চাওচোন। তোৰ বাপেৰ মোৰ কোন হয় তই জান নে নাজান’? ঐ, বৰবাপু, বৰ-বোৱাৰী, চাও এইফালে আহচোন তহঁত।
আইতাই স্ফূৰ্তিতে মৰা চিঞৰটো শুনি বিতোপনৰ ককাক, মাক-দেউতাক, দদাইদেৱেক-খুৰীয়েক সকলো ওলাই আহিল। “কি হ’ল অ’ বৌটি।“ – বিতোপনৰ দেউতাকে সুধিলে।
– এইখন ফটো চাহি আহ। তোৰ লৰাই নিজে ঠিক কৰিছে এইজনীক। দেহি ঐ, ইমান মৰম লাগিছে এইজনীলৈ। লৈয়ে আহোগৈ নেকি অ’ আজিয়ে।“
বিতোপনৰ মাক আৰু খুৰীয়েকতিনিজনী আহি ফটোখনৰ ওপৰত উবুৰি খাই পৰিলহি। ইফালে বিতোপনৰ ককাকে তাক ঢকা এটা মাৰি হা: হা: কৈ যিটো হাঁহি মাৰিলে সেই হাঁহিটোৱেই সকলো কথা পোনাই-পজৰাই ঠিক কৰি পেলালে। হাঁহিটো সামৰি তেখেতে ক’লে – “হওক তেওঁ, ডাক্তৰী পঢ়িবলৈ গৈ আমাৰ বিতোপনে আমালৈ আৰু এজনী ডাক্তৰণী লৈ আহিল।“
বিতোপনৰ দেউতাকে সুধিলে – “নামটো কি বুলিলি?”
আইতাকে ক’লে – “মমি হ’বলা নামটো। বৰ অপেচৰী হেন ছোৱালী দেই। আমাৰ ইয়াৰ লগত বেছ মিলিব। চাও বিতোপন, ওচৰলৈ আহচোন। চুমা এটা খাও।“ এইবুলি কৈ আইতাই বিতোপনক ওচৰ চপাই ল’লে।
ইফালে বিতোপনৰ দেউতাকে ম’বাইলটো বোৱাৰীয়েক আৰু ভতিজাকহঁতৰ হাতৰ পৰা কোনোমতে কাঢ়ি লৈ বিতোপনৰ মাকলৈ চাই বৰ সুখৰ হাঁহি এটা মাৰিলে। সেই হাঁহিটো দেখি এতিয়া বিতোপনৰ মাকৰহে লাগিল লাজটো।