মৰমৰ জোন -(জুৰী গোস্বামী)

জুৰী গোস্বামী
————–
মৰমৰ জোন,
মৰম ল’বি৷ ভালে আছনে? আশাকৰো আছ৷ কেলৈ জানো বহুদিন তোলৈ চিঠি এখন লিখিবলৈ মন গৈ আছে…. কিমান দিনযে দেখাও নাই….অৱশ্যে এতিয়াৰ তোৰ ৰুপটো বহুত সলনি হ’ল চাগে??? পথাৰৰ আলিয়ে আলিয়ে খুপি খুপি খোজ কাঢ়োতে তই বহুদুৰ যে আগুৱাই গুচি গৈছিলি… চা জীৱ্ন বাটত আজি তই মোক কিমান দূৰতে এৰি থৈ গুছি গ’লি…. তেতিয়া এঘন্টাও মই তোৰ পৰা আঁতৰি থকাৰ কথা ভাবিব পৰা নাছিলোঁ…আৰু এতিয়া চা…. আমিযে দুইটা ইমান লুভীয়া আছিলো….. বৰ হাঁহি উঠে… কলিয়াই খোৱা এপাব কুহিঁয়াৰৰ বাবে যে তই তাৰ কান্ধৰ কুহিঁয়াৰ পাত মুঠিত ওলমি ওলমি গৈ আছিলি??? তোৰ যে কথাই কথাই খংটো… চাল পিৰাৰ তলতে যে আমাৰ ওমলা ঘৰ টো…ধুলিৰে মা’ ধেমালি নেখেলিলে দিনটো্ৱেই নগৈছিল নহয়?????? তই যে বজাৰ কৰিবলৈ মিছাই পদুলি মুখলৈ যাৱ……আৰু ময়ো যে গোহালীৰ গৰু বন্ধা বাঁহৰ খুটাটো ধৰি মিছায়ো চিন্তা কৰোঁ…. মই আকৌ গামোছা এখনেৰে একাঠি ওৰনীও লৈ থাকো নহয়…..!!!! ক’ত জানো হেৰুৱাই পেলালো সোনালী সময় বোৰ!!!!তোৰহে ভাল …তই কথাবোৰ নভবাকৈ থাকিব পাৰ…. হেৰি নহয় ,সঁচা কথা কবি… তোৰ মোলৈ বাৰু এইয়া কি? অভিমান???? শুন মোৰ কিন্তু তোলৈ অভিমান নাই… মাথো এতিয়াও এয়া মোৰ তোলৈ সন্মান… বুজিছ…????? জীৱন বাটত মোৰ লগত মিলা বহুত মানুহ পালোঁ… কিন্তু তোৰ লগত মিলা হ’লে বিছাৰি পোৱা নাই… আৰু কাকো তোৰ দৰে ভবাও নাই… এটা কথা কছোন বাতৰ ধুলিত পোত খাই থকা আমাৰ আত্মিয়্তাক তই কিবা নাম দিয় নে নিদিয়??????? সমাজলৈ ভয় নকৰিবি মই আছো ক খুলি ক….. আজি মোক খং নকৰিবি….. মোৰ এই কথাবোৰৰ উত্তৰো নিদিবি… মাথো এবাৰ ভাবিবি… আমাৰ মৰমবোৰৰ মই মৰাৰ আগতে তই ভাল পোৱা নাম এটা দিবি…
মৰমেৰে
তোৰ ভনী….
ঢেকীয়াল, এলেংমূৰীয়া গাঁওগোলাঘাট, অসম
 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!