মৰমৰ ভূপেনদা – অঞ্জন কুমাৰ শৰ্মা

আশাকৰোঁ কুশলে আছা৷ বহুদিন তোমাৰ গান শুনা নাই অ’ ভূপেনদা৷ জন্ম দিনতে শুনা৷ সময়কে পোৱা নাই৷ আজি আকৌ শুনিম! তোমাৰ সমাধি ক্ষেত্ৰখনক লৈ বৰ বিতৰ্ক চলি থাকে জানা আজিকালি৷ ঠাইকণ লেতেৰা হৈ থকাৰ বাতৰিবোৰো ধূমকেতুৰ দৰে উলাই তোমাৰ জন্ম মৃত্যু তিথিবোৰত৷ কেইজনমানে আঁঠবজীয়া টি ভিৰ টেবুলবোৰ কিবা ফালি দিওঁ যেন কৰে৷ তাতে আকৌ আমাৰ জাতীয় নেতা সকলক সেই সময়ত ডাইৰেক্ট কানেক্ট কৰি দিলে আলোচনাবোৰ আৰু জমি উঠে৷ বিশ জুনত তিনিচুকীয়াৰ ৰাভাদেউৰ মূৰ্ত্তিটো চাফা হৈ পৰাৰ দৰে এইকেইদিন জালুকবাৰীও জাকত জিলিকা হৈ পৰিছে৷ অ’ তোমাক কবলৈ পাহৰিছিলোৱেই জানা৷ ৰাণাদাৰ লগত অট’ৰিস্কা চলাই তহল দিয়া তোমাৰ মৰমৰ জালুকবাৰী বহু সলনি হ’ল৷ একা বেকা বৰ দীঘলীয়া ধুনীয়া ফ্লাই অভাৰ এখন হ’ল৷ সেইখনৰ ওপৰেৰে গলে তোমাৰ সমাধিটোলৈ চাওঁ৷ বৰ হুলস্থূল হৈ থাকে৷ বাছ মটৰৰ ভাল আড্ডা এটা হয়৷ হয়তো তোমাৰ কথাকে পাতে৷
আৰু এটা কথা, এইবাৰ গুৱাহাটীত ফিফা ৱৰ্ল্ড কাপ হ’ল নহয়৷ ভালেই হ’ল, ষ্টেডিয়ামৰ আশে পাশে ৰাষ্টা পদূলি নিশাটোৰ ভিতৰতে বনাই পেলালে৷ তুমি থকা হ’লে তোমাকে থিম্ চংটো লিখিবলৈ দিলেহেঁতেন৷ আজিকালি আমাৰ ইয়াত বৰ ভাল৷ ভাগে ভাগে ফেন ক্লাৱ৷ তুমি জীয়াই থাকোঁতে…. ধেৎতেৰি এবাৰো মনলৈ নাহিল আমাৰ৷ তোমাৰ নামত আমিও এটা খুলি দিব পাৰিলোহেঁতেন৷ বৰ বেয়া কথা এটা হৈছে জানা, আজিকালি ফাংচনবোৰত বৰ কাজিয়া পেচাল হবলৈ ধৰিছে৷
অ’ আৰু এটা ইণ্টাৰেষ্টিং কথা৷ উৰিষ্যাত থকা আমাৰ সাহিত্যৰথীৰ বাংলোটো উৰিয়া চৰকাৰে ভাঙি পেলাবলৈকে লৈছিল নহয়৷ ভাগ্য ভাল চাৰিওফালে হুলস্থূল হোৱা দেখি আমাৰ ফালৰ পৰাও কিবা এটা হেস্ত নেস্ত কৰি পেলোৱা হ’ল৷ সেইদিনা ‘লক্ষ্মীনাথৰ ভাষা তুমি নুবুজা ’ বুলি আমাক যে তুমি গালি পাৰিছিলা, তোমাৰ সেই গানটোলৈ বৰকৈ মনত পৰিছিল৷ এইচেগতে, আহি থকা তোমাৰ মৃত্যু তিথিটোতো হুলস্থূল নালাগক বুলিয়েই ভাবি, ওভোতনিৰ বাটত কলিকতাত এৰাতি কটাই তুমি এৰি অহাটোও বিচাৰ খোচাৰ কৰি, অলপদিনৰ কাৰণে এই চকু চৰহা ৰিপৰ্টাৰ সোপাৰ মুখত চূণ অকণমান সানি থৈ অহা হ’ল৷ বুদ্ধিমানৰে কাম হ’ল দিয়া৷
এতিয়া থওঁ দিয়া৷ বাছেৰে গুৱাহাটীৰ পৰা যোৰহাটলৈ গৈ আছোঁ৷ বৰ জোকাৰিছে! ■■

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!