মৰম -মাউলি ধৰ
পাকঘৰখনত অন্য সা-সজুঁলিবোৰলৈ তাইৰ ৰাপ নাই৷ কেৱল ফলৰ ৰস ওলোৱা মেচিনটোলৈ তাইৰ আচৰিত ৰাপ৷ মাকে যেতিয়াই ৰস উলিয়াব লয়, তাই দৌৰি আহে৷ মাকেও বাধা নিদিয়ে তাই আহিলে, ফ্ৰেচ ৰস উলিয়াই লগে লগে ছোৱালীক দিব পাৰে বুলিয়েই চাগে’৷ সময় পালেই মাকে নিজে বা কাম কৰা ছোৱালীজনীৰ হতুৱাই তাইৰ প্ৰিয় ‘ৰঙা গুটি’ৰ বাকলি এৰুৱাই ফ্ৰিজত ভৰাই থয়, জানোছা তাই বিচৰাৰ সময়ত লগে লগে দিব নোৱাৰে! ‘ৰঙা গুটি’ মানে ডালিমৰ গুটিকেইটা তাই চোৱাই খাবই পাৰে, ইমানো সৰু হৈ থকা নাই তাই৷ ছয়/ সাত বছৰ বয়সত দুই এটা গাখীৰৰ দাঁত সৰিছেই তাইৰ৷ অথচ মাকৰ হে ভয়, গুটি যদি গিলি দিয়ে! এৰা গুটি পেটত গ’লে ডালিম গছ ওলাব বুলিহে ভয় খাইছে চাগে’৷ আগতে তায়ো আপত্তি কৰিছিল, ‘ৰঙা গুটি’ চোবাই খাব বিচাৰিছিল৷ আজিকালি আৰু আপত্তি নকৰা হ’ল৷ মাকে যেতিয়াই ফলৰ ৰস উলিয়ায়, তাই মন দি কিবা চাই থাকে৷ ফলখিনি ক’ত দিয়ে, হেঁচা কেনেকৈ দিব লাগে, ৰস ক’ত গোট খায় ইত্যাদি৷
আজি তাইৰ স্কুল বন্ধ৷ কিন্তু মাকৰ অফিচ আছে৷ অফিচলৈ যোৱাৰ পৰত মাকে তাইক কৈ গ’ল কিবা দৰকাৰ হ’লে মনবা (তাইক আলপৈচান ধৰা তিৰোতা)ক ক’বলৈ৷ ভাল ছোৱালীজনীৰ দৰে তাই আজি মনবাৰ সকলো কথা শুনিছে৷ খোৱা, গাধোৱা, ঘৰুৱা কাম আজি একোতে তাইৰ আমনি নাই৷ অথচ কিবা এটা কৰাৰ হাবিয়াস তাইৰ গোটেই মুখত স্পষ্ট৷ তাইৰ মনবাও শান্তিৰ নিশ্বাস এৰি লাহে লাহে বিছনা পালেগৈ৷ লগতে তাইক সকীয়ায়ো গ’ল যাতে দুষ্টামি নকৰে৷ দুয়োজনেই যেন এইটো পললৈকে ৰৈ আছিল, মনবা ভাষ্যভাষত নিজৰ সখাৰ সৈতে বাৰ্তালাপ কৰিবলৈ আৰু তাই সংগোপনে নিজৰ প্ৰথম চেষ্টা চলাবলৈ৷
লাহে লাহে তাই পাকঘৰলৈ আহিল৷ মনবাৰ কাণত ভাষ্যভাষ সংযোগী তাঁৰডালৰ বাবে যে অন্য একো শব্দ শুনা নাপায় সেয়া তাই ভালকৈ বুজি পায়৷ নহ’লেনো ইমানকৈ কেঁকাই থকা শব্দ তাইৰ কাণলৈ নাযায়নে? ফ্ৰিজটো খুলি লয় তাই৷ ধুনীয়া তজবজীয়া ‘ৰঙা গুটি’ৰ বাটিটো উলিয়াই আনি জুচাৰত ঢালি দিয়ে৷ চুইছটো দিবলৈ ভয় লাগে যদিও কিছু সাহস গোটাই তাই মেচিনটো চলাব লয়৷ তাই পাৰিছে ৰস উলিয়াব৷ তাই জয়ী হৈছে৷ সন্তোষৰ এটা হাঁহিত তাইৰ ডালিমগুটীয়া দাঁতকেইটা ওলাই পৰিল৷ ৰসখিনি এটা কাপত বাকিলৈ তাই বাৰাণ্ডাৰ সৈতে লাগি থকা সৰু কোঠালৈ আগবাঢ়িল৷ সৰু কোঠাটোৰ এচুকত থকা সৰু বিছনাখনৰ কাষ পাই তাই আকৌ হাঁহিলে৷ বিছনাখনত প্ৰায় চেপেটা লগা দি লাগি থকা দেহাটোৰ একেবাৰে ওচৰলৈ গৈ তাই ৰসখিনি খুৱাব চেষ্টা কৰিলে৷ তিৰবিৰাই থকা চকু দুটাত কি যে সুখৰ হাঁহি! তাই কৈ গ’ল “ডাক্তৰ আংকলে পাপাক কৈছিল জানা আইতা, তোমাক ফলৰ ৰস খুৱাবলৈ৷ তুমি সোনকালে ভাল হোৱাচোন; সদাগৰৰ কাহিনীটোযে আধা কোৱাতে এৰিলা”৷
এৰা! অফিচত তেতিয়াও কোনোবাই ফাইলবোৰ চাই থকাৰ মাজতে ভাবিছে বাৰাণ্ডাৰ সৰু কোঠাটো কেতিয়া আজৰি হ’ব!