কবিতা মৰহুম জোনাক October 15, 2011 0 Comments -শান্তনু চাংমাই বতাহত হেৰাই থাকিল গোলাপৰ গোন্ধ এতিয়া মাথোন থুপথুপীয়া কজলা তেজৰ ৰূপকথা বাগৰি ফুৰে সকলোতে পকনীয়াত লুকাই গ’ল মত্স্যগন্ধাৰ সপোন এতিয়া মাথোন ধুমুহা নিভাৰসা স্বৰগ্ৰাম বগাই ফুৰে বুকু ফিন্দাই