মৰি দিচাঙত জীৱনৰ সুৰ (চৰিফুল ইছলাম)

(প্ৰসঙ্গ: হজৰত বান্দশ্বাহ ফকীৰ)

 

মানুহ মাত্ৰেই দুটা জীৱনৰ অধিকাৰী _ মৰণ-পূৰ্ব জীৱন আৰু মৰণোত্তৰ জীৱন। কোৱা হয় দুয়োটা জীৱন দুয়োটা জীৱনৰে পৰিপূৰক। অৰ্থাৎ ‘ভাল কামৰ প্ৰতিফল ভাল, বেয়া কামৰ প্ৰতিফল বেয়া’ হোৱাৰ দৰে এটা জীৱন অন্যতো জীৱনৰ ইপিঠি-সিপিঠি মাত্ৰ। এটা যদি অদৃশ্য জীৱন অন্যতো বাস্তৱ। দুয়োটা জীৱনতে থকা একেটা সাধাৰণ (common) বিষয় হ’ল সময়। বাস্তৱ জীৱনত সময় যেন পলকতে শেষ হয় আৰু মৰণোত্তৰ জীৱনৰ সময় শেষেই নহয়। নাযায় নুপুৱাই। কথাতো হ’ল পাৰ্থিৱ জীৱনত কামনা,বাসনা,পৰিকল্পনা, সপোন ইত্যাদিৰ ভিৰত আমি মায়াবৃত্ত সময় এটা ব্যতীত কৰো যিটো অপাৰ্থিৱ জীৱনত নাই। জিকিৰত বাস্তৱ জীৱনৰ মায়াৰ উল্লেখ আছে এনেদৰে-
স্ত্ৰী,পুত্ৰ,ভাৰ্য্যা,ধন সবে মায়াৰ ধান্দা।
বিনা সুতে বান্ধি থৈছে আল্লাৰে তামাচা।।
গতিকে ব্যস্ততাই সময়বোৰ কেনিনো উৰুৱাই নিয়ে আমি গমেই নাপাওঁ। এটা গতানুগতিক জীৱনৰ আৱৰ্তত মাত্ৰ আমি চলি গৈ থাকো আৰু সময়ে আমাক ভৱাৰ অৱকাশে নিদিয়ে। আমি অহাৰ বাটেৰে কোনোবা গুছি যায়,কোনোবা অহাৰ বাটেৰে আমি গুছি যাওঁ। সাধাৰণ অৰ্থত এয়ে জীৱন।অন্যহাতে অহা,যোৱা আৰু অহাৰ এই নিৰন্তৰ গতিয়েই হ’ল জীৱন পৰিক্ৰমা।

পৃথিবীৰ প্ৰায় সকলো ধৰ্মৰ ধাৰণা আৰু বিশ্বাসত জীৱন পৰিক্ৰমাৰ এই ইতিবাচক ইঙ্গিত বিৰাজমান। তথাপিও আমি এটা জীৱনত এনেদৰে ব্যস্ত হৈ থাকো যে অন্যতো জীৱন প্ৰায়ে উপেক্ষিত কিম্বা পাহৰণত থাকে। আমি একেজন বিশ্ব নিয়ন্তাকে ধিয়াই প্ৰাৰ্থনা,আৰাধনা কৰো যিগৰাকী দুয়োটা জীৱনৰে গৰাকী তথা সমস্ত সৃষ্টিৰে হৰ্তা-কৰ্তা-বিধাতা অথচ আমাৰ মহা জীৱনৰ হুঁচেই নাই। হিন্দু ধৰ্মত অহা-যোৱা-অহা অৰ্থাৎ পুনৰজনম স্বীকাৰ্য হোৱাৰ বিপৰীতে ইছলামত কেৱল অহা আৰু যোৱাৰ কথাহে উল্লেখ আছে। অৰ্থাৎ ইন্তেকালৰ পাছত একক অস্তিত্বই হাছৰৰ ময়দানতহে পুনঃজীৱন লাভ কৰিব; তাকো বিচাৰৰ বাবেহে। আমাৰ আলোচ্য বিষয়টোও ইছলামত প্ৰৱল হৈ থকা এই বিশ্বাসতে ভেজা দি অৱতাৰণা কৰা হৈছে।

পাপ কামৰ প্ৰতিফল নৰক যন্ত্ৰণা আৰু পুণ্য কামৰ প্ৰতিফল সৰগ সৌভাগ্য। দুয়োটা কৰ্মৰ দুই ধৰণৰ প্ৰতিফল থকাৰ বিপৰীতে মানুহে কিন্তু কৰ্ম সম্পাদনৰ অৰ্থে এটা জীৱনহে লাভ কৰে। সময়ৰ বিবৰ্তনত পাপ-পুণ্যৰ সংজ্ঞা সলনি হ’লেও ইয়াৰ ফল-প্ৰতিফল কিন্তু একেই আছে। বৰঞ্চ কিছু কিছু ক্ষেত্ৰত ইয়াৰ প্ৰকাশ আগতকৈ বেছিহে স্পষ্ট হৈছে। সাধুপুৰুষসকলে প্ৰাপ্ত জীৱনতকৈ মৃত্যুৰ পাছৰ জীৱনলৈহে ভয় বেছি কৰে আৰু ইহজীৱনক পুণ্যাৰ্জনৰ কঠীয়াতলী জ্ঞান কৰি সমগ্ৰ জীৱন প্ৰভুৰ আৰাধনাত ব্যতীত কৰে। জীৱনটোক সুন্দৰ আৰু সুষমাময় কৰি ভাল কৰ্ম, ভাল সংস্কাৰেৰে সংসাৰ ধৰ্ম পালন কৰিও এটা সুস্থ সময় আয়ত্ব কৰিবলৈ আমি এইসকল সাধুপুৰুষৰ সাধুবাদতো সাধাৰণ বিশ্বাস থাপিব পাৰোঁ। ই আমাৰ ধাৰ্মিক চেতনাক আৰু অধিক প্ৰশস্ত কৰে তথা নেক (পুণ্য) কৰ্মলৈ আকৰ্ষণ বঢ়ায়।

অসমত আল্লাৰ প্ৰতি একান্ত আনুগত্য প্ৰকাশেৰে ওৰে জীৱন আল্লাৰ জিকিৰত মচগুল থকা অলৌকিক শক্তিৰ অধিকাৰী সাধু পুৰুষৰ এসময়ত অভাৱ নাছিল। শদিয়াৰ পৰা ধুবুৰীলৈকে এনে অসংখ্য সাধু লোক গিজগিজাই আছিল আৰু অসমত এটা সুস্থ ধাৰ্মিক বাতাবৰণ বৰ্তাই ৰখাত সহায় কৰিছিল। এতিয়াও কোনো কোনো ঠাইত এনে সাধু লোকৰ প্ৰভাব নথকা নহয়। সাধু লোক বোলোঁতে আমি সাধাৰণতে যিসকল ব্যক্তিৰ কথা মনলৈ আনো সেইসকলৰ সৰহসংখ্যকেই সন্ত,মহন্ত,আউলীয়া,পীৰ,ৱলী,মহাপুৰুষ আদিৰ শাৰী শুৱাই থকা লোক। নবী বা পয়গম্বৰসকল আৰু অৱতাৰী দৈৱশক্তিসম্পন্ন্ বুলি অভিহিত পুৰুষসকলক সাধুৰো সাধু পৰম সাধুৰ আসনত ৰখাৰ বাবে আমি সাধু লোকৰ আওঁতালৈ অনা নাই। আনহাতে কিছুমান এনে সাধু লোক আছে যিসকলে সাধাৰণতে লোকচক্ষুৰ আঁতৰত থাকি একেজন আল্লাৰ উপাসনাত ৰত হৈ সকলো মানুহৰ ভাল হোৱাটোকে কামনা কৰি ওৰেটো জীৱন অতিবাহিত কৰে। এইসকল সাধুলোকক ‘ফকীৰ’ৰ দৰ্জা(মৰ্যদা) দিয়া হয়। যদিও দাল-দৰিদ্ৰ বুজোৱা আৰবী ‘ফকৰ’ শব্দৰ পৰা ফকীৰ শব্দৰ উদ্ভৱ হৈছে,তথাপিও সাধাৰণতে আধ্যাত্মিক জ্ঞানৰ শক্তিৰে বলীয়ান তথা সংসাৰৰ মায়ামোহ ত্যাজি আল্লাৰ জিকিৰ কিম্বা ধ্যানত লাগি থকা ব্যক্তিবিশেষকে ফকীৰৰ মৰ্যদা দি অহা হৈছে। এওঁলোক সাধাৰণতে ছুফীদৰ্শনৰ পৃষ্ঠপোষক আৰু একেজন সৰ্বশক্তিমানৰ ঊপাস্য ব্যক্তি। অৱশ্যে কিছুমান ধাৰ্মিক ব্যক্তিয়ে সংসাৰধৰ্ম পালন কৰিও ‘ফকীৰ’ জীৱন অতিবাহিত কৰে। জাহাঙ্গীৰ ফকীৰ,আজান ফকীৰ আদি ফকীৰসকল তেনে প্ৰকৃতিৰে ফকীৰ আছিল। ইছলামিক গুৰু আব্দুল কাদিৰ জিলানী(বৰপীৰ)ৰ দৃষ্টিত “Faqir is not who can’t do anything and is nothing in his self-being. But faqir has all the commanding powers (gifted from almighty Allah) and his orders can’t be revoked.”

অসমৰ শিৱসাগৰ অঞ্চলটোক অতীজৰে পৰা দেধাৰ ফকীৰে নিজৰ আধ্যাত্মিক কৰ্ষণৰ কঠীয়াতলী হিচাবে ব্যৱহাৰ কৰাতো লক্ষণীয় হৈ আহিছে। অৱশ্যে ইয়াৰো এটা কাৰণ নথকা নহয়। আহোম সকলৰ শাসনকালত সাধাৰণ শ্ৰেণী লোকৰ মাজত কোনো ধৰণৰ ধৰ্মীয় অৰিয়াঅৰি কিম্বা বৰ্ণ-বৈষম্য নাছিল। বৰঞ্চ ৰজাঘৰৰ ধৰ্মীয় উদাৰতাৰ আপাহতে সকলোৱে শান্তি সম্প্ৰীতিৰে একেটা পৰিয়ালৰ দৰে বাস কৰিব পাৰিছিল। আনহাতে সেইসময়ত শিৱসাগৰ আছিল আহোম ৰাজ্যৰ ৰাজধানী অঞ্চল,শিক্ষা সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ। সাধাৰণতে ইছলামৰ প্ৰাণকেন্দ্ৰ বাগদাদৰ পৰা পৃথিবীৰ বিভিন্ন দিশলৈ তবলীগৰ(ইছলামৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰা) অৰ্থে অহা আধ্যাত্মিক গুৰুসকলে এনে প্ৰাণোচ্ছল স্থানসমূহকেই বাছি লৈছিল জ্ঞান সাধনাৰ বাবে। সোতৰ শতিকাৰ তৃতীয় দশকত সুদূৰ বাগদাদৰ পৰা অহা হজৰত শ্বাহ মিৰান বা শ্বাহ মিলানৰ জ্ঞান সাধনাৰ আজীৱন থলীখনো আছিল শিৱসাগৰেই। তেখেতৰ স’তে কেইগৰাকী ইছলামিক আধ্যাত্মিক গুৰু আহিছিল কিম্বা তেখেত কোন কালৰ কোন গুৰুৰ শিষ্য হৈ আল্লাৰ কামত নিয়োজিত হৈছিল এই বিষয়ে অদ্য পৰিমিত কোনো বিশ্বাসযোগ্য তথ্য পাবলৈ নাই যদিও তেখেতৰ তিনিগৰাকী সঙ্গী গুৰুৰ বিষয়ে জানিব পৰা গৈছে। হজৰত আব্দুল গণী ওৰফে খোন্দকাৰ চাহাব, হজৰত ছাৱাল চাহাব আৰু হজৰত নবী ওৰফে চালেহ চাহাব। শেষৰ গৰাকী হজৰত শ্বাহ মিৰাণৰ ভায়েক আছিল আৰু এখেতৰ মাঝাৰো সৰাগুৰি চাপৰিত মিৰাণ চাহাবৰ লগতে আছে বুলি বিশ্বাস কৰা হয়। হজৰত খোন্দকাৰ চাহাবৰ মাঝাৰ শিৱসাগৰৰ নগৰৰ নাতিদূৰৰ দিলিহি নৈৰ পাৰৰ পানবেছাত থকাৰ বিপৰীতে হজৰত ছাৱাল চাহাবৰ মাঝাৰ শিৱসাগৰৰ শিমলুগুৰি ষ্টেচনৰ কাষৰ ৰামু দেওধাই গাঁৱত বিৰাজমান। এই মাঝাৰসমুহ হিন্দু,মুছলমান সম্প্ৰীতিৰ নিদৰ্শন স্বৰূপ।

ইছলাম ধৰ্মত পাঁচটা বিষয় বাধ্যতামূলক(আল্লাৰ হুকুম) কৰা হৈছে। কলিমা,নামাজ,ৰোজা,হজ আৰু জাকাত। পাক কোৰাণ শ্বৰীফখন আল্লাৰ বাণী আৰু ইয়াতে আল্লাৰ হুকুম বৰ্ণিত হৈছে। যিসকলে কোৰাণৰ হকীকত উপলব্ধিৰে ‘আনাল হক’ (মোতেই আল্লা,আল্লাতেই মই) পৰ্যায়লৈকে জ্ঞান প্ৰাপ্ত কৰিছে, তেওঁলোকে ইছলামৰ বাধ্যতামূলক পঞ্চ-বিষয়তকৈ বহু ওপৰলৈ উধোৱাৰ বাবে সাংসাৰিক জীৱনৰ সকলো বিষয়-বাব ত্যেজি এক আল্লাতে মগন হৈ ফকীৰ, দৰবেশলৈ নিজকে ৰূপান্তৰ কৰে আৰু লোকচক্ষুৰ আঁতৰত গৈ থিতাপি লয়। এইসকলে গুপ্ত জ্ঞান (মাৰফতি জ্ঞান) লাভ কৰি জীৱনৰ সৰহকাল আল্লাৰ জিকিৰ আছগাৰ কৰিয়ে কটায় দিয়ে। সেই অৰ্থতে শ্বাহ মিৰাণকে আদি কৰি সকলো ফকীৰ। এখেতসকলৰ ধ্যাণ,ধাৰণা,বিচাৰ,বিবেচনা,বিশ্বাস ইত্যাদি সকলোতে আল্লাময় আবৰণ এটাই এনেধৰণে আবৰি ৰাখে যে সাধাৰণলোকৰ পক্ষে ইয়াক সম্পূৰ্ণকৈ বুজি উঠাতো সম্ভৱপৰ নহয়। শিৱসাগৰত যোৱা শতিকাৰ শেষ দশকলৈকে মুছলিম ফকীৰ,নুৰ ফকীৰ,নমতা ফকীৰ আদি বহু আধ্যাত্মিক শক্তিসম্পন্ন ফকীৰে থিতাপি লৈছিল আৰু শিৱসাগৰতে এখেতসকলৰ মাঝাৰ আছে। সৰ্বসাধাৰণ ভক্তপ্ৰাণ লোকে ফকীৰসকলক শ্ৰদ্ধা-ভক্তি কৰাই নহয় তেখেতসকলৰ মাঝাৰ সমূহো সুন্দৰ ৰূপে হেফাজত কৰি আহিছে।

প্ৰথমে গড়গাঁৱৰ কাষৰ চুণপুৰা হাবিত আৰু পাছত ৰজাঘৰে সজাই দিয়া সৰাগুৰি চাপৰিৰ মঠত থিতাপি লোৱা হজৰত শ্বাহ মিৰাণে ব্যৱহাৰ কৰা আল্লাৰ জিকিৰ আৰু জাৰী গীতসমুহক পাছৰ কালত তেওঁৰ অনুৰাগীসকলে মৌখিকভাৱে বৈ নুফুৰা হ’লে অসমীয়া লোকসাহিত্যৰ ভঁৰাল চহকী নহ’লহেঁতেন। আমি এই সুযোগতে মিৰাণ চাহাবৰ সেইসকল নিঃস্বাৰ্থ ভকত তথা তেওঁলোকৰ নাতি,পৰিনাতি, আজো-নাতিলৈকে সমস্ত পৰিয়ালবৰ্গলৈ চালাম সহ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। অৱশ্যে অসমীয়া জিকিৰ,জাৰী,মৰ্চিয়া গীতসমুহৰ ৰচক হিচাপে মিৰাণ চাহাবৰ লগতে অন্য সঙ্গী ফকীৰ সকলৰো অৱদান নুই কৰিব নোৱাৰি। কিয়নো সোতৰ শতিকাত পৰদেশৰ ফকীৰসকল যে বিনা উদ্দেশ্যত নহয়, বিশ্বজোৰা ইছলামিক আন্দোলন এটাৰ অংশীদাৰ হিচাপেহে অসমত প্ৰবেশ কৰিছিল সেই সত্য প্ৰমাণিত হৈছে। জনা নজনাকৈ তদানীন্তন সময়ত প্ৰায় সকলো ফকীৰে শঙ্কৰ-মাধৱৰ নামধৰ্মত মছগুল অসমীয়া সমাজ খনত সোমাই ‘হিন্দু কি মুছলমান একে আল্লাৰ ফৰমান’ বুলি জিকিৰেৰে ইছলামীয় বিশ্বাসৰ ধাৰা এটি বোৱাই দিবলৈ সক্ষম হৈছিল। ফলত নতুনকৈ জাতে পাতে অসমীয়া মুছলমান সমাজ এখনৰ গঠন হৈছিল, যিখনত অন্যধৰ্মৰ পৰা ফালৰি কাটি সোমোৱা লোকেই বেছিকৈ ভিৰ কৰিছিল। সেইসময়ত ৰাজ অনুগ্ৰহ লাভ নকৰিলেও আহোম সকলৰ চালে চকুৰোৱা ৰাজধানী নগৰত হিন্দু লোকৰ আৱেষ্টনীৰ মাজতে এই এমুঠিমান ন-অসমীয়া মুছলমান লোকৰ সমাজখন বৰ্তি আছিল।পাছলৈ ৰাজধানী নগৰৰ কাষৰ-পাজৰৰ পৰা আহোম ৰাজ্যৰ অন্যান্য অঞ্চললৈও অসমীয়া মুছলমান সমাজখন বিস্তাৰিত হৈছিল আৰু এই সমাজখনক সুস্থ পথ নিৰ্দেশনাৰ বাবে ফকীৰসকলে সময়ে সময়ে অহোপুৰুষাৰ্থ কৰাতো লক্ষণীয় আছিল। কোৱা বাহুল্য যে আটাই কেইগৰাকী ফকীৰৰে মাঝাৰকেইটা হিন্দুলোকৰ আবেষ্টনীৰ মাজতে একেটা সৰলৰৈখিক স্থানত অৱস্থান হোৱা দেখা যায়।

শিৱসাগৰ নদ-নদী,পুখুৰীৰ নগৰ। ইয়াৰ প্ৰায় চৌদিশ বিশাল ব্ৰহ্মপুত্ৰ, দিখৌ,দিচাং, দৰিকা,জাঁজী আদি নদীয়ে স্পৰ্শ কৰি গৈছে। প্ৰাক আহোম শাসনৰ দিনৰে পৰা এই নদী সমূহৰ পাৰে পাৰে গঢ় লৈ উঠে চহা জীৱী কৃষকৰ বাস ভূমি তথা গাঁও সভ্যতা। লক্ষণীয় কথাতো হ’ল আহোমৰ শাসন কালত ধনে-ধানে নদন-বদন হৈ থকা এই চহা কৃষক সকলৰ সাহাৰ্য লৈয়ে গাঁৱৰ কাষে কাষে থকা হাবিতলীয়া নিৰ্জন,নিৰিবিলি অঞ্চলসমুহত ফকীৰ বাবা সকলে বিচৰণ কৰি ফুৰিছিল। ফলত জঙ্গলে আগুৰি ৰখা নদী চাপৰিতে এখেতসকলৰ মাঝাৰ পোৱা গৈছে। দিখৌমুখৰ সৰাগুৰি চাপৰিত হজৰত শ্বাহ মিৰাণ, হজৰত নবী চাহাব ; দিচাংমুখৰ পানবেছাত হজৰত খোন্দকাৰ চাহাবৰ মাঝাৰ থকাৰ বিপৰীতে সুদূৰ নগা পাহাৰৰ পৰা কুলু কুলু ধ্বনিৰে বৈ অহা দিচাঙৰ এৰা সুঁতি মৰিদিচাঙৰ চাপৰিতো অন্য এক জাগ্ৰত মাঝাৰ থকা কথাতো যোৱা শতিকাৰ ত্ৰিশৰ দশকতে জানিব পৰা গৈছিল। হজৰত খোন্দকাৰ চাহাবৰ সমসাময়িক বুলি ভৱাৰ থল থকা এইগৰাকী ঐশ্বৰিক শক্তিসম্পন্ন চাহাবক সৰ্বসাধাৰণ লোকে হজৰত বান্দশ্বাহ চাহাব বুলিয়ে সম্বোধন কৰি আহিছে। হজৰত শ্বাহ মিৰাণক আজান দি মুছলমান ৰাইজখনক গোটোৱাৰ বাবে ‘আজান চাহাব’ বুলি আখ্যা দিয়াৰ দৰে হাবিৰ নিৰ্জনতাত থাকি আল্লাৰ বন্দেগীত মছগুল হোৱা ভাটীফালৰ পৰা অহা এই ফকীৰেও হিংস্ৰ জীৱ-জন্তুৰ ভয়ত বান্দৰৰ দৰে গছে গছে বগাই ফুৰাৰ বাবে হজৰত বান্দশ্বাহ (বান্দৰ ফকীৰ !) আখ্যা পাইছিল নেকি ই বিচাৰ্যৰ বিষয়। জিকিৰত আছে-

বান্দৰ ফকীৰে গায় হকিকতৰ গীত
কেৱে কতো নুশুনিলে তাৰ সঙ্গীত।

বান্দৰৰ জোলা, ফকীৰৰ জোলা
থাকে একে থানে।
মুৰছিদ ভেটিলে তৰণি নহব
নীতিক নধৰে মানে।।
বান্দৰৰ জোলা,ফকীৰৰ জোলা
দুয়োৰে একেটি নাও।
মাজ সাগৰত ঘোঁৰাৰ ঠকে ঠকি
চৰত বুৰাব নাও।।
বান্দৰৰ জোলা,ফকীৰৰ জোলা
গছৰ ডালে ডালে ফুৰে।
মাকে বাপেকে,বিহিস্তে দোজখে
তাতে লুকালুকি কৰে।।

আনহাতে মানৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈও পৰিয়ালসহ ফকীৰে সেই স্থানত ‘খানকা’ পাতি থিতাপি লৈছিল বুলিও কোনো কোনোৱে ধাৰণা কৰে। সি যি কি নহওক কিয় অসমত বসবাস কৰা অতীজৰ সকলো ফকীৰৰে সঠিক জীৱন বৃতান্ত পাবলৈ নোহোৱা বিষয়টো বুৰঞ্জীৰে তথ্যদুৰ্বল চেকনিৰ চাট বুলি কব পাৰি। অৱশ্যে বুৰঞ্জী প্ৰণেতাসকলে ফকীৰ সকলৰ গতি-বিধি কিম্বা জীৱন যাপন প্ৰক্ৰিয়াক সামৰিব পৰাকৈ কোনো সুবিধা পোৱা নাছিল যেন লাগে। কিয়নো ফকীৰসকল সদায় প্ৰচাৰ বিমুখ আৰু লোকচক্ষুৰ আতৰত থাকি ভাল পোৱা সাধক ব্যক্তি আছিল। কি ঠিক, ৰূপাই দা-ধৰাই ৰজাত গোচৰ নিদিয়া হ’লে আৰু ৰজাঘৰীয়া ঘটনাপ্ৰবাহত ঘটনাক্ৰমে সাঙোৰ খাই নপৰা হ’লে কিজানি আহোম বুৰঞ্জীত অসমীয়া জিকিৰ, জাৰীৰ মহান স্ৰষ্টা আজান ফকীৰ চাহাবৰ নামোল্লেখেই নহ’লহেতেন।

মৰিদিচাঙত হজৰত বান্দশ্বাহ ফকীৰে আল্লাৰ সাধনাত এনেদৰে মচগুল আছিল যে আজিও তাত আজানৰ সুৰে জীৱনক জগাই তোলা যেন অনুভৱ জাগে। পুৱা গধূলি গভীৰ অৰণ্যৰ পৰা ভাহি অহা আজানৰ ধ্বনি শ্ৰৱণ কৰা অমুছলমান চহালোকৰ কথাৰ আঁত ধৰি সম্ভৱতঃ যোৱা শতিকাৰ তৃতীয় দশকৰ শেষৰ ফালে এই মাঝাৰৰ বিষয়ে ৰাইজৰ প্ৰথম দৃষ্টিগোচৰ হয় আৰু তেতিয়াৰে পৰা এৰা-ধৰাকৈ মাঝাৰ থকা ঠাইত দোৱা-দৰুদ চলি আহিছিল। অৱশ্যে পাছলৈ যোগ্য ভাবে হেফাজত নোহোৱাত ৰাইজৰ দিলৰ পৰা এই দৰগাহৰ মহত্ব আৰু অস্তিত্ব দুয়োটাই লোপ পাবলৈ ধৰে। ১৯৫০-৬০ চনত আল্লাৰ ৰাহতত নিজকে মনে-প্ৰাণে সঁপি দিয়া শেখ মুছলিম আলি ওৰফে লাল ফকীৰে হজৰত বান্দশ্বাহ ফকীৰৰ মাঝাৰটো পুনঃ উদ্ঘাটন কৰি আমৃত্যু ইয়াৰ হেফাজতত লাগি কাষৰ,আতৰৰ সকলো ভক্তপ্ৰাণলোককে সজাগ কৰি তোলে। সেয়েহে এই মাঝাৰৰ প্ৰথম খাদিম হিচাপে লাল ফকীৰক সন্মান জনোৱা হয়। উল্লেখ্য যে মাঝাৰ থকা অঞ্চলতে লাল ফকীৰৰো কবৰো আছে। সাম্প্ৰতিক সময়ত এখেতৰ মহত্বও প্ৰণিধানযোগ্য বিবেচিত হৈছে।

হজৰত বান্দশ্বাহ ফকীৰৰ আধ্যাত্মিক শক্তিৰ বিষয়ে বহু জনশ্ৰুতি প্ৰচলিত হৈ আহিছে। তেখেত ইমান বেছি আল্লাৱালা আছিল যে নোখোৱা-নোবোৱাকৈয়ে কেৱল আল্লাৰ জিকিৰ কৰিয়ে দিনৰ পাছত দিন পাৰ কৰিব পাৰিছিল। কথিত আছে যে এবাৰ হজৰত খোন্দকাৰ চাহাবে হজৰত বান্দশ্বাহ চাহাবক মুৰিদ (শিষ্য) কৰিবৰ বাবে কটকী পঠাইছিল যদিও চাহাবে কটকীৰ হাততে এটা সম্পূৰ্ণ ভৰা কলহ দি পঠালে। উদ্দেশ্য : আৰু পানী ভৰাব নোৱাৰি, গতিকে আশা এৰা। এইখিনিতে এগৰাকী আশী ঊদ্ধৰ বুজুৰ্গ ব্যক্তিয়ে কোৱা কথা আমি ইয়াতে উল্লেখ কৰিলোঁ। আজিৰ পৰা পঞ্চাশবছৰমানৰ আগতে শিৱসাগৰ নগৰত ৰিক্সা চলাই জীৱন নিৰ্বাহ কৰা এজন বিহাৰী সম্প্ৰদায়ৰ লোকে প্ৰায়ে নগৰৰ পৰা মূৰত দীঘল পাগুৰি সহ বগা কাপোৰ পৰিধান কৰা ধুনীয়া দাড়ীৰে ওখ-পাখ সুন্দৰ মুখৰ ব্যক্তি এগৰাকীক ৰিক্সাত তুলি নি দিচাং নৈ মথাউৰিয়েদি ডিমৌমুখ, ৰিৰিয়া হৈ লেপাই গাঁৱৰ মথাউৰিত নমাই থৈ আহে আৰু ব্যক্তিগৰাকীয়ে কোনো বাক্য ব্যয় নকৰি দিয়া টকা পাঁচটা লৈ ঘুৰি আহে। নগৰৰ বহুলোকে প্ৰায়ে এই ৰিক্সা চালকক খালী ৰিক্সাৰে সেইফালে যোৱা-অহা দেখে, কিন্তু ৰিক্সা চালকক সুধিলে এই কোনেও প্ৰত্যক্ষ নকৰা ডঢ়ীয়া বাবা বহি যোৱা কথা কোৱাত লোকে তেওঁক পগলা ৰিক্সাৱালা বুলিয়ে ভাবিবলৈ ধৰিলে। এই আনে নেদেখা ডঢ়ীয়া বাবাই এদিন ৰিক্সাৱালাক তেওঁৰ বাসগৃহ দেখুৱাবলৈ মাতি নিয়ে আৰু দিচাং নৈ কিনাৰৰ হাবিৰ পৰা চালে চকুৰোৱা সুন্দৰ বাসগৃহ এটা দেখুৱাই দিয়ে। পাছত যাবলৈ কোৱাত ৰিক্সাৱালা ঘুৰি আহে কিন্তু পিছমুহুৰ্ততে উভটি চাই সেই ৰাজপ্ৰাসাদ সদৃশ বাসগৃহ নেদেখি আচৰিত হৈ পৰে। ৰিক্সাৱালাই এনে অলৌকিক ঘটনাত ভয় নাখাই ৰিক্সাৰ যাত্ৰীৰ ৰূপত সান্নিধ্য লভা সেই বাবাকে বিচাৰি ঔটেঙা গছ এজোপাৰ খোৰোঙত থাকিবলৈ লয়। দিনে-ৰাতিয়ে অনাহাৰ-অনিদ্ৰাই হৃদয়ত এক পৰম বিশ্বাস থাপি ৰিক্সাৱালাই জীৱনৰ যি সত্য আবিষ্কাৰ কৰিলে,সেয়ে মৰিদিচাঙৰ মহতী প্ৰকাশ হৈ থাকিল। হজৰত বান্দশ্বাহ ফকীৰৰ এনে সদা জাগ্ৰত স্থিতিক যুগমীয়া কৰিবলৈ তেখেতৰ মাঝাৰক পুনৰ লোকচক্ষুৰ আঁতৰৰ পৰা মানুহৰ বহল সমাজলৈ উলিয়াই অনাত যোগসূত্ৰ হোৱা পগলা (?) ৰিক্সাৱালাই হ’ল ইয়াৰ প্ৰথম খাদিম (হেফাজত অৰ্থাৎ চোৱা-চিতা কৰা ব্যক্তি) হজৰত মুছলিম আলি ওৰফে লাল ফকীৰ। লাল ফকীৰলৈ আমাৰ লাখো চালাম।

শিৱসাগৰ নগৰৰ পৰা আখৈফুটীয়া অথবা দিচাংমুখেদি প্ৰায় পোন্ধৰ কিলোমিটাৰমান উজাই গ’লে ডিমৌ ৰাজহ চক্ৰৰ অন্তৰ্গত পানীদিহিং মৌজাৰ দিচাং নৈ আৰু ইয়াৰ এৰাসুঁতি মৰিদিচাঙৰ মধ্যস্থল চাপৰিত অৱস্থিত ফকীৰৰ মাঝাৰ বা দৰগাহখনি আজি হিন্দু, মুছলমান উভয় সম্প্ৰদায়ৰ পবিত্ৰ স্থান হিচাপে বিবেচিত হৈছে। উল্লেখ্য যে সৰাগুৰিৰ দৰে মৰিদিচাং চাপৰিৰ মাঝাৰো হিন্দু বসতিপ্ৰধান অঞ্চলত থকাৰ বাবে স্থানীয় অমুছলমান সমাজেহে ইয়াৰ বিশেষ যত্ন লৈ আহিছে। আনহাতে এই দৰগাহৰ কাষতে আছে বিখ্যাত পানীদিহিং পক্ষী অভয়াৰণ্য। আজি কিছু বছৰৰ পৰা মাঝাৰটোৰ ৰক্ষণাবেক্ষণত থকা জোলাটুপ, চুমনি ,লেপাই , ৰিৰিয়া,দীঘল ডঁৰিয়লী,ডিমৌমুখ আদি দৰগাহৰ সমীপৰ গাঁৱৰ ৰাইজৰ প্ৰত্যক্ষ সহযোগত তথা শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তৰ ধৰ্মপ্ৰাণ ৰাইজৰ অংশ গ্ৰহণেৰে গঠিত ‘দৰগাহ পৰিচালনা সমিতি’ৰ উদ্যোগত সাধাৰণতে বছৰটোৰ মাৰ্চ মাহৰ প্ৰথম সপ্তাহত বাৰ্ষিক উৰুছ পালি অহা হৈছে। এই উৰুছ প্ৰথমবাৰ আৰম্ভ কৰা হয় নমতা ফকীৰৰ নিৰ্দেশত শিৱসাগৰৰ হাতীকোষৰ ফুল হাজৰিকাৰ(ৱাৰছি বাবা) একক উদ্যোগত ১৯৯৬ চনত। প্ৰথম উৰুছভাগিত যথেষ্ট লোকৰ সমাগম হৈছিল। যোৱা ৩ মাৰ্চৰ দিনা এইবাৰৰ উৰুছভাগিত অংশ গ্ৰহণ কৰি হিন্দু-মুছলমানৰ প্ৰীতি-সম্প্ৰীতি দেখি যথেষ্ট অভিভূত হ’লো। বৰ্তমান সময়ত আমাক এনে সম্প্ৰীতিকে লাগে।এতিয়া জীৱনৰ অৰ্থ বুজিবলৈ জীৱনৰ সুৰ বিয়পি থকা এইসকল ফকীৰৰ মহত্বক অনুধাৱন কৰি সজ বাৰ্তা প্ৰচাৰ কৰাতো অত্যন্ত জৰুৰী হৈ পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!