মৰীচিকা (  শশী দেৱী ভাগৱতী )

হাজাৰটা বাংময় ৰাগৰ সন্ধিয়া এজাপ এজাপকৈ আগুৱাই অহা

মৰমৰ মুঠিত

গুজি দিলো

সুৰীয়াকৈ নিচুকাই থোৱা

তমালেৰে বন্ধা

বিষাদবোৰৰ শেষ ঠিকনা৷

বিষাদৰ ৰুদ্ধ দুৱাৰৰ

সিটো পাৰে জল্‌জল্ – পট্‌পট্‌কৈ

জিলিকে

চাট্ মৰা

সোণ এচেঁকুৰা

সোণৰ আপাহতে

লৱৰি যাওঁ

বতাহী হৈ হুৰ্‌হুৰাই যাওঁ

দুৱাৰৰ সিপাৰে৷

সোণৰ নামত

একা বেঁকা

খোজত

এঠা লাগে

বালিচন্দা! !

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!