মৰ্মান্তিক -ৰাজীৱ ডেকা

লেঙেৰা দুপৰীয়াটো

মটিয়া কুকুৰটোৰ দৰে জিভা উলিয়াই
কঁপি আছিল পাৰৰ পকা চপৰাবোৰত বহি

কাঠখোলা এটাই খুটি খুটি খুলি
হাঁড়ৰ মজ্জাত পোকটো বিচাৰিছিল

ৰ’দৰ ফেৰীৱালা জিঁয়াবোৰে
মানুহৰ থৰ পৰা চকুবোৰত
বহিছিল ভাগৰুৱা পাখি মেলি

উৎসুক দৰ্শকৰ নিশ্বাসত লাহে লাহে
পুণীবোৰ শুকাবলৈ লৈছিল
ওপঙি থকা ঢেলা শৰীৰটোত

তেতিয়াই মুকলি হৈ পৰিছিল
তাইৰ ফটা কাপোৰচটাত কোঁচ খাই থকা
যোৱাৰাতিৰ তেজলগা চিঞৰবোৰ

কোনোবাই ক’লে-
তাই ধুনীয়া আছিল৷

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
U
6 years ago

Veto ajfc

Copying is Prohibited!