ম..ৰ জীয়েক — হিমাংশু ভাগৱতী
ঘটনাক্ৰমে মাজতে গাঁৱৰে ছোৱালী এজনীৰ বিয়া গুৱাহাটীত পাতিব লগীয়া হ’ল, শুক্ৰেশ্বৰত৷ দৰাঘৰ উজনীৰ ফালৰ, দিনতে বিয়াখন শেষ কৰি ছোৱালী লৈ যাব৷ ছোৱালীৰ মাক-দেউতাকৰ হাহাকাৰ লাগিল, কি কৰিব? কেনেকৈ কৰিব? দায়িত্ব ল’লে মহেশ মাষ্টৰে৷ সকলো সুকলমে হৈ গ’ল৷ ভবেন দোকানীৰ বাৰীত ডাঙৰকৈ পুখুৰী এটা খন্দালে৷ মাটি কটা বনুৱা বঙালী৷ কিমান মাটি কাটিলে জোখ-মাখৰ দায়িত্ব মহেশ মাষ্টৰৰ৷ ক্ষিতিশ ডেকাৰ দুয়ো পুতেকৰ মাটিৰ ভাগ-বতৰা লৈ সাংঘাতিক কাজিয়া৷ কাজিয়া গৈ থানা পাও পাও অৱস্থাত মাষ্টৰ মাজত সোমালত কিবাকৈ সমাধান হ’ল৷ বলেন বৰ্মনৰ মাকক চেন্নাইলৈ নিব লগা হ’ল, বেমাৰ দেখুৱাবলৈ৷ বৰ্মনৰ টকা-পইছাহে বহুত, ভালকৈ জিলাৰ বাহিৰে ওলাই পোৱা নাই৷ সংগ হ’ব লগা হ’ল মহেশ মাষ্টৰ৷ জিলা সদৰৰ অফিচত কিবা কাম ওলাল কাৰোবাৰ, সাৰথি মাষ্টৰ৷ সেইকাৰণে মহেশ মাষ্টৰক সকলোৱে অঞ্চলটোত অলপ সমীহ কৰি চলে৷ ৰাজহুৱা অনুষ্ঠান, বিয়া-সবাহত সকলোতে মাষ্টৰ নহ’লে নচলাৰ দৰে প্ৰায়৷ ভায়েক, ভাই বোৱাৰীয়েক, ভতিজাক দুজনৰে মাষ্টৰৰ পৰিয়াল৷
°°°°°°°°°°°°°°°
তৰালিহঁতৰ ঘৰলৈ মহেশ মাষ্টৰ কেতিয়াৰ পৰা ঘনকৈ অহা হ’ল তাইৰ মনত আছে৷ তেতিয়া তাই তৃতীয় শ্ৰেণীত, মানে মাজে মধ্যে স্কুললৈ যোৱা হৈছিল আৰু তাই স্কুলৰ বহীমতে তৃতীয় শ্ৰেণী পাইছিলগৈ৷ তাৰ আগতো অৱশ্যে মহেশ মাষ্টৰ তৰালিহঁতৰ ঘৰলৈ নহা নহয়, আহিছিল৷ ইটো-সিটো কামৰ বাবে আগতে তৰালীৰ বাপেক মদনকে লগাইছিল মাষ্টৰহঁতৰ ঘৰত, হাজিৰাত৷ উৎসৱ পাৰ্বণ, সকাম-নিকামত তৰালিৰ মাক মালতীয়ো মাষ্টৰৰ ঘৰত সহায় কৰি দিছিলগৈ৷ অৱশ্যে মাষ্টৰে কোনোদিনে একো কাম এনেই কৰোৱা বুলি তৰালিৰ মাক-দেউতাকেই নহয়, অঞ্চলটোৰ কোনেও ক’ব নোৱাৰে৷ তেনে কাম ওলালে খবৰ দিবলৈ মাষ্টৰ আগতেও আহিছিল, কিন্তু ঘনকৈ অহা হ’ল তৰালি তৃতীয় শ্ৰেণীত থাকোঁতে; তাইৰ ভালকৈ মনত আছে৷
মাষ্টৰৰ একমাত্ৰ জীয়েকজনী তৰালিতকৈ এবছৰ ডাঙৰ আছিল৷ ৰাতিপুৱা খোজ কাঢ়ি ফুৰিবলৈ যোৱা মাষ্টৰণী আৰু লগত যোৱা জীয়েকক যেতিয়া অচিন কোনোবা গাড়ীয়ে খুণ্ডিয়াই ৰাষ্টাৰ কাষত পেলাই থৈ গৈছিল, গাঁৱৰ সকলোতে ইচ-ইচ, আস-আস৷ দুদিন পিচত আগবেলা ঘৈণীয়েক আৰু পিচবেলা জীয়েকে মাষ্টৰক এৰি গৈছিল, হস্পিতালতে৷ তাৰ পিচত মাষ্টৰৰ কথা কমিছিল, হাঁহি কমিছিল৷ মনে মনে কামবোৰ কৰি গৈছিল আগৰ দৰেই৷ এবছৰমান পিচত এদিন তৰালিয়ে মাকৰ লগত মাষ্টৰৰ ঘৰলৈ যাওঁতে মাষ্টৰৰ জীয়েকৰ সযতনে ৰাখি থোৱা পঢ়া টেবুলখন আৰু কিতাপ বহীবোৰ লিৰিকি-বিদাৰি চোৱা পৰত মাষ্টৰে দেখি ধমক লগাইছিল৷ কিতাপ বহীখিনি তৃতীয় শ্ৰেণীৰ, তৰালিও তেতিয়া তৃতীয়ত৷ মাষ্টৰৰ ধমকত তৰালি ইমান কান্দিছিল, ইমানে কান্দিছিল যে মাকে আধাতে কাম এৰি তাইক ঘৰলৈ লৈ আহিব লগীয়া হৈছিল৷ পিচদিনা পিচবেলা টেবুলখন আৰু কিতাপ-বহীখিনি লগত লৈ মাষ্টৰ তৰালিহঁতৰ ঘৰ ওলাইছিলহি৷ কিতাপ-বহীখিনি তৰালিৰ হাতত দি মালতীক কিবা কৈ মাষ্টৰে সিদিনা সিহঁতৰ ঘৰত প্ৰথম বাৰৰ বাবে বহিছিল অলপ পৰ৷ সেইয়াই আৰম্ভণি ঘনকৈ অহাৰ৷ সিদিনা মাষ্টৰে কৈছিল তৰালিক- “আজিৰ পৰা সদায় স্কুললৈ যাব লাগিব তই৷ তোৰ পঢ়া-শুনা মই চাম৷ “ মালতীকো কৈছিল- “এইৰ দায়িত্ব মই ললো, স্কুললৈ যাতে নপঠিয়াকৈ নাথাক৷ “ মদনক এনে কথা কৈ লাভ নাই বুলি মাষ্টৰে জানে৷
°°°°°°°°
প্ৰথম বু-বা চলিছিল তৰালিয়ে বৃত্তি পৰীক্ষাত জিলাৰ ভিতৰতে দ্বিতীয় হওঁতে৷ মদন মদাহীৰ জীয়েক ইমান চোকানে? ইতিমধ্যে মাষ্টৰ তৰালিহঁতৰ ঘৰলৈ ঘনকৈ যোৱাটো বহুতৰ চকুত পৰিছিল যদিও ইজনে সিজনৰ লগত আলোচনা কৰিবৰ সাহস কৰা নাছিল কোনেও৷ মদন মদাহীৰ জীয়েকে বৃত্তি পৰীক্ষাত ভাল ৰিজাল্ট কৰাৰ লগে লগে দুই এজনৰ মুখ খোল খালে৷
“ইমান চোকানে তাই, সিদিনালৈ ভালকৈ স্কুললৈ যোৱাই নাছিল৷ মহেশ মাষ্টৰ সিহঁতৰ ঘৰতে থাকে আজিকালি বেচিভাগ৷ মাষ্টৰৰ জিলা সদৰতো সকলোৰে লগত চিনাকি, কিবা কৰিলে চাগে৷ “
“ মদন মদাহীৰ জীয়েকে এনে মাথা কেনেকে পাবহে? মালতী আগৰে পৰা মাষ্টৰৰ ঘৰত কাম-বন কৰে৷ বোধহয় মাষ্টৰৰে…..৷ মাষ্টৰণী মৰাৰ বছৰ নুঘূৰোতে দেখা নাই মাষ্টৰৰ দিন-ৰাতি মালতীহঁতৰ ঘৰতে৷ “
কথাবোৰ ঘূৰি ফুৰে বতাহত৷ অলপ অলপকৈ নতুন নতুন কথা যোগ হয়৷ যিমানে নহওক, মাষ্টৰক মনে মনে বেয়া পোৱা মানুহো দুই এজন আছে, তাতে কথাবোৰ আৰু ৰঙীন হয়৷ মদনৰ মদ খোৱা বাঢ়ে৷ আজিকালি কাম-বন ভালকৈ কৰিব নোৱাৰে বাবে হাজিৰা কৰিবলৈ মদনক সাধাৰণতে কোনেও নেমাতে৷ মালতীয়ে কাম পালে যায়৷ কেতিয়াবা মদৰ ভাটিত ভিন্ন কথা শুনি আহি মদনে মালতীক দুচাট দিয়ে, গালি পাৰে, সন্দেহ কৰে৷ মালতীয়ে একো নকয়, মনে মনে কান্দে৷ তৰালিৰো এনে পৰত কৰিবলগীয়া একো নেথাকে৷ মাষ্টৰৰ অহা-যোৱা বন্ধ নহয়, বোধহয় এনে কথা মাষ্টৰৰ কানত পৰাগৈ নাই৷ বোধহয় মাষ্টৰে শুনিও গুৰুত্ব দিয়া নাই৷
°°°°°°°°°°°°°°°°
মাষ্টৰ ঘনকৈ অহা কথাটোৰ বাহিৰত কিধৰণে বু-বা চলে অলপ বুজন হোৱাৰ পৰা তৰালিয়েও জানিছে৷ স্কুলতে লগৰ দুই একে ঠাট্টাৰ সুৰত কথা কয়, তাই মনে মনে থাকে৷ সমনীয়া দুই একে মাষ্টৰক প্ৰায় বাপেক বুলিয়েই কয়, তৰালি মনে মনে থাকে৷ বেয়া লাগিলেও এইবোৰ কথা বেচি মন কৰি নেথাকে তাই৷ স্কুললৈ অহা-যোৱা কৰাখিনিৰ বাহিৰে বেলেগ সময়ত তাই বাহিৰলৈ এনেয়ে খুব কমকৈ ওলাই৷
“ঐ, বাপেৰে কি দিলে এইবাৰ পূজাত? “
“বিহুত কাপোৰ পাবিনে? “
এইবোৰৰ কথা কালৈ টোৱাই তৰালিয়ে আজিকালি বুজে৷
মাজে মাজে বাপেকে মদ খাই আহি মাকক দুচাট দিয়া সময়ত তৰালিয়ে ভাবে কিবা এটা সঁচাকৈ হওক, সকলোৱে কৈ থকাৰ দৰে কিবা এটা থাকক মাক আৰু মাষ্টৰৰ মাজত৷ দুটা কোঠাৰ মাজত বাঁহৰ মাটিৰে লেপি লোৱা বেৰ৷ সিফালৰ কোঠাত কি হয় তৰালিয়ে অনুমান কৰিব পাৰে৷ ৰাতি কেতিয়াবা তৰালিয়ে গম পায় বাপেক মাকৰ কাষ চাপিছে৷ অলপ পৰৰ পিচতে যেতিয়া বাপেকৰ টোপনি যোৱা নাকৰ শব্দ শুনে আৰু গোটেই ৰাতি মাকে ইকাটি সিকাটি কৰি উজাগৰে ধৰফৰাই থকা গম পায় তেতিয়া তৰালিয়ে ভাবে মাক আৰু মাষ্টৰৰ মাজত সঁচাকৈ কিবা হওক৷
মাজতে মাষ্টৰে কিবা এটা ঔষধ আনি দিছিল, খুৱাব পাৰিলে মদ এৰে মানুহে৷ বহু বুদ্ধি কৰি তৰালি আৰু মাকে খুৱাব পাৰিছিল মদনক ঔষধ পালি৷ দুদিনমান বাপেকে মদ নোখোৱাকৈ থকা যেন দেখি ঔষধে কাম কৰা যেনো লাগিছিল তৰালিৰ৷ মদ নেখালে মদনৰ হাত-ভৰি কঁপে৷ এনেয়েও কঁপে৷ নেখালে যেন বেচি কঁপে৷ দুদিনৰ বিৰতিত আকৌ আগৰ দৰে খোৱা হ’ল৷
মাষ্টৰে কৈছে- ৰিজাল্ট ভাল কৰিব লাগিব৷ স্কুলতো তাইক লৈ সকলোৱে কিবা এটা আশা কৰে৷
তাই পঢ়া শুনাত মন দিয়ে৷ কিবা লাগে বুলি ভাবিলেই কেনেকৈ জানো মাষ্টৰে গম পায়, বস্তু আহি ঘৰ পায়৷ তাই মন দিয়ে, পঢ়াত মন দিয়ে৷
মদনৰ জীয়েক, মাষ্টৰৰ জীয়েক, মদাহীৰ জীয়েক, মালতীৰ জীয়েক এনেধৰণৰ নামেৰে তৰালিৰ কাহিনী আগবাঢ়ে৷
°°°°°°°°°°°°
দশমলৈ উঠাৰ বাৰ কিবা-কিবি কিনিবলৈ চহৰলৈ মাষ্টৰৰ লগত গৈছিল তৰালি স্কুল চুটীৰ পিচত৷ আন্ধাৰে হ’ল ইটো-সিটো কামত৷ হঠাতে মাষ্টৰৰ আৰু এটা কিবা কাম ওলাল, জৰুৰী, অলপ দেৰী হ’ব পাৰে৷ তৰালীক লৈ অসুবিধা হ’ল৷ কি কৰা যায়৷ ওচৰৰে বলীনক লগ পায় তাৰ বাইকতে তৰালিক ঘৰলৈ পঠিয়াই দিলে৷ বলীনে কিবা কিবি ছাত্ৰ সংগঠন কৰে৷ ঘৰত নমাই দিয়াৰ সময়ত তৰালিৰ বুকুত বলীনে মোহাৰি দিয়া কথাটো আৰু বলীনক লগে লগে এচৰ সোধোৱা কথাটো বেলেগ কোনেও নেজানে৷ মাষ্টৰেও নেজানে৷ বলীনে কিন্তু মনত ৰাখিছে কথাটো, তাৰ মুখত তৰালিহঁতৰ কথা ওলাই থাকে আজিকালি৷
স্কুলৰ বাৰ্ষিক অধিবেশনৰ আগে আগে হৈ থকা ৰিহাৰ্চেললৈ বাজানা বজাবলৈ অহা বীৰেণে ৰিহাৰ্চেলৰ শেষত দুদিনমান তৰালিক ঘৰতে নমাই থৈ গৈছিল বাইকেৰে৷ বীৰেণ সাংবাদিকো৷ তৰালিৰ কণ্ঠ ভাল৷ স্কুলৰ বাৰ্ষিক অধিবেশনত গাব লাগে, কোৰাছ গোৱা ছোৱালী কম৷ দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়েহে কোৰাছ গোৱাটো অঘোষিত নিয়মৰ দৰেই৷ অনিচ্ছা সত্ত্বেও অংশ ল’ব হ’ল তাই৷ সেই ৰিহাৰ্চেলৰ মাজতে সুযোগ-সুবিধা বুজি দুবাৰমান বীৰেণে তাইৰ পিঠিত হাত বুলাই দিছিল৷ শেষ ৰিহাৰ্চেলৰ দিনা বীৰেণৰ হাতখন অলপ বেচিকৈয়ে চলা যেন লাগিল তৰালিৰ৷ ভাল এজাউৰি দিলে তাই৷ মহেশ মাষ্টৰ কিয় তৰালিহঁতৰ ঘৰলৈ ঘনকৈ গৈ থাকে সেই গল্পটো আজিকালি বীৰেণৰ মুখতো থাকে প্ৰায়ে৷
হৰেণ দোকানী আহিছিল এদিন তৰালিহঁতৰ ঘৰলৈ৷ বহু সময় বহিছিল৷ তৰালিৰ পঢ়া-শুনাৰ খবৰ লৈছিল৷ মাজে মাজে মালতীয়ে হৰেণ দোকানীৰো ঘৰত হাজিৰা কাম কৰে৷ দোকানী অহা পৰত তৰালি নাছিল ঘৰত৷ মাক অকলে৷
“মাষ্টৰৰ দৰে মোৰ লগতো পাৰ দেখো মাজে মাজে৷ মোৰ পৰা সহায় পাই থাকিবি৷ মইতো বুঢ়া নহও নহয়, মাষ্টৰতকৈ এবছৰৰ হে ডাঙৰ৷ “ তামোলখন দিবলৈ লোৱা মালতীৰ হাতখন চেপি ধৰি দোকানীয়ে কোৱা কথাখিনি তৰালিয়ে শুনা বুলি মাকে নেজানে৷ তাৰ পিচত দোকানীৰ ঘৰলৈ মাতিলেও মাকে কাম কৰিব নোযোৱাৰ কাৰণটো তৰালিয়ে বুজিছে৷
°°°°°°°°°°°°
তৰালিৰ ৰিজাল্ট প্ৰথমে আনিলে মহেশ মাষ্টৰে৷ দ্বিতীয় স্থান৷ তৰালিহঁতৰ অঞ্চলটোৰ পৰা আগতে কোনেও কেতিয়াও মেট্ৰিকত স্থান পোৱা নাই, এইবাৰ প্ৰথম৷
খবৰটো পোৱাৰ পিচত কেনে লাগিছে তৰালীয়ে নেজানে৷ প্ৰথমে স্কুলত, তাৰ পিচত চাৰিয়ালিৰ সংঘটোত আৰু তাৰপিচত ঘৰত; তাইৰ চাৰিওফালে মানুহ আৰু মানুহ৷ কোনে কি কৰিছে কি সুধিছে ঠিক নাই৷
স্কুলতেই বহুকেইজন সাংবাদিকে প্ৰশ্ন সুধিছিল তাইক, উত্তৰত কি কৈছিল তাইৰ মনত নাই৷ ছাৰিআলিতো একে কথা৷ ঘৰতটো এখোপ চৰা৷ তাই চকুৱে বাৰে বাৰে মহেশ মাষ্টৰক বিছাৰি আছিল, মানুহজনক পুৱা প্ৰথম খবৰটো দিয়াৰে পৰা দেখা নাই৷ মাষ্টৰক কোনেও দেখা নাই৷
উত্তৰ দি দি ভাগৰ লাগি গ’ল তাইৰ৷ টাউনৰ সাংবাদিকে তাইৰ ঘৰৰ চাৰিওফালে কেমেৰা ঘূৰালে৷ উপস্থিত মানুহৰ, ওচৰ-চুবুৰীয়াৰ সাক্ষাৎকাৰ ল’লে৷ আবেলি পাঁচটাত ওলাব, চাব, সাংবাদিক এজনে ৰিং মাৰি মাজতে কৈ গ’ল৷
°°°°°°°°°°°°°
আবেলিলৈ মানুহৰ সমাগম অলপ কমিল৷ কাষৰ ঘৰৰ ছোৱালীজনীয়ে তৰালিক লৈ গ’ল সিহঁতৰ টিভিৰ ওচৰলৈ৷ ছোৱালীজনীৰো কথা লৈছে সাংবাদিকে, পাঁচ বাজিলেই৷ তাইৰ ফূৰ্তি, তৰালিৰ জহতে তায়ো আজি টিভিত ওলাব৷ আগে-পাছে সিহঁতৰ ঘৰত মজিয়া আৰু কাৎচিতহে মূঢ়াত বহিবলৈ পোৱা তৰালিয়ে আজি ছোফাত ঠাই পালে৷
পাঁচ বজাতেই আৰম্ভ হ’ল তৰালি বিষয়ক অনুষ্ঠান৷ ঘৰৰ বাহিৰ ভিতৰ একো দেখাবলৈ বাকী নাই তৰালিহঁতৰ৷ হাজিৰা কৰা মাক-বাপেকৰ ছোৱালী এজনীয়ে দ্বিতীয় স্থান লাভ কৰাৰ কাহিনী এটা সাংবাদিকে সজাইছে৷
“তৰালি আমাৰ গৌৰৱ৷ আমাৰ এই ভনীজনীৰ কাৰণে অঞ্চলটো আজি গৌৰৱান্বিত৷ “ সেইজন বলীন৷ বলীনে আৰু বহু কিবাকিবি ক’লে৷ তৰালীৰ বুকুৰ সোঁফালটো আজি আকৌ ঘহি ঘহি ধুবলৈ মন গ’ল৷
“ আমাৰেই ছোৱালী তাই৷ আগলৈ তাইৰ পঢ়া-শুনাৰ দায়িত্ব আমি ল’ম৷ “ হৰেণ দোকানীও ওলাল টিভিত৷
কাষৰ ঘৰৰ ছোৱালীজনীও ওলাল৷ কথাখিনিহে নেদেখুৱালে তাইৰ৷ তৰালিৰ মাক-বাপেককো দেখুৱালে দুবাৰমান৷
“ তৰালিক গান শিকাইছিলো৷ শিক্ষক হিচাবে মই আজি অত্যন্ত সুখ পাইছো৷ “ বীৰেণো ওলাল৷ তৰালি চিধা হৈ বহি ল’লে, তাইৰ পিঠিত যেন কিবা বিজলুৱা বিজলুৱা লাগিছে৷
“ আমি যিমান পাৰো সহায় কৰিছিলো তৰালিক৷ আগলৈও কৰি যাম৷ “ তপনৰ কথাষাৰ শুনি তাইৰ সঁচাকৈয়ে হাঁহি ওলাল৷ তপনৰ ভনীয়েকেও পৰীক্ষা দিছিল৷ ৰিজাল্ট বেয়া হোৱা নাই তাইৰো৷ দুখনত লেটাৰ৷ টেষ্ট পৰীক্ষাৰ পিচত তপনে ভনীয়েকৰ কাৰণে তৰালিৰ পৰা দুখন বহী নিছিল, অসমীয়াৰ, দুদিনৰ কাৰণে৷ ভনীয়েকে অসমীয়াত কম নম্বৰ পাইছে টেষ্টত৷ তৰালিয়ে বিশেষ নভবাকৈ দি দিছিল৷ বহুবাৰ বিচৰাৰ পিচতো বহী দুখন ঘূৰাই নেপালে তৰালীয়ে৷
নাই, মহেশ মাষ্টৰ এবাৰো নোলাল৷ মাষ্টৰেনো কি কয় জানিবলৈ তৰালিৰ বৰ মন গৈছিল৷ মাষ্টৰক কোনেও দেখা নাই পুৱাৰ পৰা৷
ঘৰৰ অৱস্থাটো টিভিৰ জৰিয়তে জানি তৰালিৰ ভৱিষ্যত পঢ়া-শুনাৰ দায়িত্ব ল’বলৈ আগবাঢ়ি অহা মানুহৰ নাম টিভিত ওলাই থাকিল৷
°°°°°°°°°°°°°°°°°
মাষ্টৰ গধূলিহে আহিল তৰালিহঁতৰ ঘৰলৈ৷ আজি প্ৰথমবাৰৰ বাবে তৰালিয়ে মাষ্টৰৰ ভৰি চুই সেৱা কৰিলে৷
“মোৰ ছোৱালী এজনী আছিল মনত আছে নহয় তোৰ৷ তাইতো নেথাকিল৷ তাইৰ ঠাই তই ললি৷ তাইৰ কামত আহিব বুলি কিবা-কিবি কৰি ৰাখিছিলো বেংকত৷ ইমানদিনে পাহৰিয়ে আছিলো৷ আজি মনত পৰিল৷ আজি সেইখিনিৰ খবৰ লৈ আহিলো টাউনলৈ গৈ৷ তোৰ আগলৈ পঢ়া-শুনাখিনি আৰামত হৈ যাব৷ যদি তই বিচাৰ্, সেইখিনি তোৰ নামত কৰি দিম৷ “ মাষ্টৰৰ মাতটো শেষলৈ সৰু হৈ গ’ল৷ কাৰো মুখত একো মাত নোহোৱা হ’ল৷
“আজি নহ’লে আমাৰ লগতে এসাজ খাই যাওক৷ মই ৰান্ধো৷ “ বহুপৰৰ নীৰৱতা মালতীয়ে ভাঙিলে৷
“নেলাগে দে৷ ভাত নেখাও৷ মই যাও৷ তই জনাবি তৰালি৷ “ মাষ্টৰে কাকো একো ক’ব নিদি ওলাই গ’ল৷
ৰাতি মদনৰো ভাত ভালকৈ খোৱা নহ’ল৷ খোৱাৰ মাজতে কি জানো হ’ল, “তোক জন্মহে মই দিলো, বাপেকৰ দায়িত্ব মাষ্টৰেহে পালন কৰিছে৷ এই দেৱতাহেন মানুহ এজনৰ কথা সদায় মানি চলিবি তৰালি৷ “ বুলি কৈ মদন উঠি গ’ল৷
কিয় জানো বাপেকৰ কথাখিনি শুনি তৰালিয়ে ৰিজাল্ট প্ৰথম শুনাতকৈও অধিক আনন্দ পালে৷ আঁৰ চকুৰে চাই দেখিলে, মাকৰ চকুতো চকুপানী৷ প্ৰথমবাৰ মাকৰ চকুপানীখিনি তৰালিৰ ভাল লাগিল৷
°°°°°°°°°°°°°°°°°°°
স্কুলৰ সভাঘৰত হোৱা মিটিঙত মানুহ ভৰ্তি৷ স্থানীয় বিভিন্ন দল-সংগঠন লগ হৈ তৰালিক সম্বৰ্ধনা দিলে৷
বহু কেইজনে তৰালিৰ আহি থকা দিনবোৰৰ পঢ়া-শুনাৰ খৰচ বহন কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিলে৷
শেষলৈ তৰালিৰো ভাষণৰ পাল পৰিল৷ কি ক’ব, কি ক’ব তৰালীয়ে!
প্ৰথমচোৱা কি ক’লে, কেনেকৈ ক’লে তৰালীৰ নিজৰে খেয়াল নেথাকিল৷ কিবা কিবি ক’লে৷ শেষলৈহে তাই কম বুলি ভবাখিনি কবলৈ দৃঢ় হ’ল…..
“ ….৷ বহুতে মোৰ ঘৰৰ অৱস্থাটো দেখি সহায় কৰিবলৈ আগবাঢ়ি আহিছে, আপোনালোক সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো৷ মোৰ এই ৰিজাল্টত আপোনালোক সকলোৰে অলেখ অৱদান আছে৷ আপোনালোকৰ প্ৰায় সকলোৱে মোৰ দেউতাক চিনি পায়৷ মদন দাস, আপোনালোক প্ৰয়াভাগে মদন মদাহী বুলি জনা মানুহজন মোৰ দেউতা৷ মোৰ ঘৰৰ আৰ্থিক অৱস্থা বেয়া যদিও আপোনালোকে মৰমতে ল’ব খোজা মোৰ ভবিষ্যতৰ দায়িত্ব আপোনালোকলৈ ঠেলিব নোৱাৰো, ক্ষমা কৰিব৷ আজিলৈ মোৰ সকলো দায়িত্ব লোৱা মানুহ এজনে মোৰ ভবিষ্যতৰো পঢ়া-শুনাৰ সকলো দায়িত্ব ইতিমধ্যে লৈ থৈছে৷ তেখেতৰ দায়িত্বতে মোৰ অতীত, বৰ্তমান, ভৱিষ্যত৷ তেখেত বেলেগ কোনো নহয়, মোৰ আন এজন দেউতা মহেশ বৰ্মন৷ মই মহেশ মাষ্টৰৰো ছোৱালী৷ …..“
জীয়েক আৰু ঘৈণীয়েকক একেদিনাই হেৰুৱাৰ দিনাও মহেশ মাষ্টৰৰ চকুপানী বহুতে দেখা নাছিল৷