যদি তেওঁ হয় আমাৰ দৰেই এজন (শান্তনু চাংমাই)

যদি তেওঁ হয় আমাৰ দৰেই এজন…

শান্তনু চাংমাই

হয় ঈশ্বৰ মহান
হয় ঈশ্বৰ সুন্দৰ
যদি পৰমাত্মাৰো এক নাম থাকিল হয়
আপুনি তেওঁৰ সমুখত থিয় হৈ
সেই নামেৰে কৰিলে হয় জানো তেওঁক সম্বোধন ?
তেওঁৰ বিশাল কায়াৰ সমুখত থিয় হৈ
আপোনাৰ কোনটো প্ৰশ্ন তেওঁক কৰিলে হয় ?

যদি ভগৱান আমাৰ মাজৰে এজন হয়
যদি তেওঁৱো আমাৰ দৰেই অকৰ্মণ্য হয়
যদি তেওঁ হয় আপুনি গৈ থকা বাছখনৰ এজন অচিনাকি সহযাত্ৰী
আপোনাৰ দৰেই যি সন্ধিয়া ঘৰলৈ বুলি ধাৱিত হৈছে?

যদি তেওঁৰ এক চেহেৰা থাকিল হয়
ভাবকচোন কেনে হ’ল হয় সেই চেহেৰা
কেনে চেহেৰা আপুনি চাব বিচাৰিব
চাব মানে কেনে চেহেৰা আছে বুলি আপুনি বিশ্বাস কৰে বাৰু ?
সাধুপুৰুষে কৈ যোৱাৰ দৰেই
স্বৰ্গ, ভগৱান আদিত আপুনি বিশ্বাস নাৰাখে জানো ?

যদি ভগৱান আমাৰ মাজৰে এজন হয়
যদি তেওঁৱো আমাৰ দৰেই এলেহুৱা হয়
এজন সাধাৰণ মানুহৰ দৰেই নিতান্তই সাধাৰণ
যি সৰগলৈ উভতি যাবলৈ বাট বিচাৰি ফুৰিছে
এক বাগৰি ফুৰা পাথৰৰ টুকুৰাৰ দৰেই
যি নিজৰ ঠাইলৈ যাবলৈ হাবাথুৰি খাইছে-

__________________________________________________

[Joan Osbourne ৰ বিখ্যাত গীত One of us ৰ আলমত অনুবাদিত ]

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!