যন্ত্ৰণা – জ্যোতিকা ৰাজখোৱা বৰা
আমাৰ জীয়ৰীৰ ফুটুকী ফ্ৰকত
যিদিনা প্ৰথম তেজৰ কঁৰাল দেখিছিলোঁ,
মূৰত হাত ফুৰাই কৈছিলোঁ,
আই, আজিৰ পৰা তই ডাঙৰ হ’লি,
অনাই বনাই নুফুৰিবি৷
ডাঙৰ হোৱাৰ যন্ত্ৰণাত
ফেঁকুৰি ফেঁকুৰি কান্দি উঠিছিল তাই,
আৰু ময়ো সশব্দে উচুপিছিলোঁ
তাইক ডাঙৰ কৰাৰ যন্ত্ৰণাত৷
জীৱনৰ বাট বৰ পিচল অ’ আই
সাৱধানে খোজ দিবি,
এবাৰ যদি ভৰি পিচল খায়
নিজকে বচাবলৈ বৰ টান হয় অ’৷
এতিয়াৰ পৰা যে মই নিজকে সলাব লাগিব,
মাক ভালেই বোলে জীয়েক ভাল,
কথাষাৰি মই অন্তঃকৰণেৰে বিশ্বাস কৰোঁ
মই যি বাটেৰে বাট বুলিম
তায়ো মোক অনুকৰণ কৰিয়েই আগবাঢ়ি
যাব জীৱনত৷
নাৰী হোৱাৰো থাকে বহু যন্ত্ৰণা,
জীৱনত বহু ঘাত-প্ৰতিঘাত পাবি,
সাহসেৰে মুখামুখি হ’লেহে জীৱনত সফল হ’বি৷
আৰু বহু পাঠ আছে তোক শিকাবলৈ,
আমাৰ থাকে খোজে প্ৰতি বিপদৰ আগজাননী,
তথাপিও কওঁ,
কাৰোবাৰ ভগ্নী, কাৰোবাৰ পত্নী,
কাৰোবাৰ মাতৃ হোৱাৰ আগতে
নিজকে এগৰাকী প্ৰকৃত মানুহ হিচাপে গঢ়িবি৷
নিজৰ অস্তিত্ব কেতিয়াও বিলীন হ’বলৈ নিদিবি৷