যান্ত্ৰিক ব’হাগ (ত্ৰিদীপ শৰ্মা)
আহক ডাঙৰীয়া, কুৰি শতিকাৰ সভ্যতাই দান দি যোৱা মহানগৰীত
আমি উদযাপন কৰো যান্ত্ৰিক বিহু…….
যদিও ব’হাগৰ সেউজীয়াই চুই যোৱা নাই আমাৰ হৃদয়,
পদাতিক দুখৰ ভৰত নতানুজ হৈ পৰিছে সময়,
যদিও আমাৰ বাবে আজি অৰ্থহীন সকলো আত্মীক-সংযোগ,
তথাপি আমি উদযাপন কৰিম-যিহেতু কেলেণ্ডাৰে কৈছে এয়া ব’হাগ…..
এই কংক্ৰীটৰ অৰণ্যত ভালপোৱাৰ কোনো ঋতুৱেই আমাক উৎসাহিত নকৰে,
ব্যস্ততাই আমাক ক্ৰমশঃ পংগু কৰি নিছে,
প্ৰাত্যহিক দুঃসংবাদেৰে সিক্ত হৈ থকা প্ৰতিদিনৰ স’তে আপুনিও সহজ হ’বলৈ শিকিছে
আৰু লাহে লাহে অভ্যস্ত হৈ পৰিছে মহানগৰীয় আদব-কায়দাৰ স’তে….
তথাপি এয়া ব’হাগ-যদিও মেঘৰ ঢোলৰ চাপৰত বৰষুণে গুণ-গুণোৱা নাই,
আইৰ আখলৰ চিৰা-পিঠাৰ গোন্ধে আমাক মতলীয়া কৰা নাই,
তাতশালৰ খট্ খট শব্দই আমনি কৰা নাই,
প্ৰিয়জনৰ হাতৰ কপৌফুলপাহলৈ বিহুৱতী খোপৰ অপেক্ষা নাই,
লিহিৰিপতীয়া আঙুলিত জেতুকা লগাই নাচনী উদবাউল হোৱা নাই,
বন্ধ ঘৰৰ ভিতৰতেই আমি উপভোগ কৰিছো বতৰীয়া বিহু
অডিও-ভিডিও ট্ৰেকত আহিছে ব’হাগ…
খমখমীয়া নোটৰ বজাৰত বেচা-কিনা হৈছে নগৰীয়া উচাহ,
পেকেটৰ লাৰু-পিঠা, ফুলাম গামোছা ,
য’ত নাথাকে আপোনজনৰ মৰমৰ উম আৰু সস্নেহ আন্তৰিকতা….
এই ব’হাগৰ সেউজীয়াই মচি দিব নোৱাৰে ভোক আৰু আকালৰ পৃষ্ঠাজোৰা পেৰাগ্ৰাফ….
তথাপিও আহক ডাঙৰীয়া,
নিৰাপত্তাহীনতাৰে মাতাল এই চহৰত
সকলো কৃত্ৰিমতাৰে আমি সজাওঁ নগৰীয়া বিহু,
ৰঙা-নীলা বিচ্ছুৰিত পোহৰত মঞ্চ পাতি উপভোগ কৰোঁ যান্ত্ৰিক বিহুৱা-বিলাস…………||