যাৰ যিটো কাম – আৰমান হাজৰিকা

এই কেইদিন দোকানত জলকীয়া গুৰিৰ পেকেট পাবলৈ নাই। মই কিছু বুদ্ধি খটুৱাই শুকান জলকীয়াৰ পেকেট দুটা কিনি আনিলোঁ। পৰিবাৰে জলকীয়াৰ পেকেট কেইটা দেখি বিৰক্তি দেখুৱালে, “ধেইৎ, এইবোৰ কাম বঢ়ালা!”

মইও সুবিধা বুজি চুঙা চাই সোপা দিলোঁ, “জনাৰ কাৰণে মাছ-ভাত, নজনাৰহে মহাভাৰ!” পিছে নোচোৱা-নেমেলাকৈ চুঙাত সোপা দিবলৈ গৈ মইহে চুঙাত সোমাই পৰিলোঁ। পৰিবাৰে ততালিকে দায় সাৰি ক’লে, “তুমিয়ে তেনে সেই সাঁজ মাছ-ভাত খাবা। আমাক নালাগে।”

লকডাউনৰ নামত পুৱাৰে পৰা নিশালৈকে দিনটোত গড় হিচাপে পোন্ধৰবাৰ মানকৈ ‘ইজ্জতৰ ফালুদা’ হৈছে। ভাগ্যে লকডাউন বুলি ওচৰ-চুবুৰীয়াইও দেখা নাই। আজি অলপ আগতে নিজৰ হৃত সন্মান কিছু হ’লেও উদ্ধাৰৰ কাৰণে অহোপুৰুষাৰ্থকৈ চেষ্টা কৰাৰ মানসেৰে জলকীয়া কেইটা মিক্সাৰ-গ্ৰাইন্ডাৰটোত ঢালিবলৈ যো-জা  কৰি লওঁতেই, পৰিবাৰে বেঁকাকৈ মন্তব্য কৰি গ’ল, “তোমাৰ গ্ৰাইন্ডাৰো তোমাৰ নিচিনাই বুঢ়া হ’ল। সেইবোৰ সেমেকি থকা জলকীয়া গ্ৰাইন্ডাৰত গুড়া নহয়গৈ, পাপৰি পাপৰিহে হৈ থাকিব।”

অলপ চাহাবী ঢঙত ‘Oh Sorry’ বুলি কৈ মই মুখেৰে এনে ভাৱ দেখুৱালোঁ যেন, গ্ৰাইন্ডাৰটোৰ সামৰ্থ্যটো নজনাটো মোৰ বাবে কোনো ধৰ্তব্য দোষ হ’ব নোৱাৰে। কিন্তু সন্মান ৰক্ষাৰ যুঁজত সমস্যাৰ সমাধান মই নিজেই বিচাৰিব লাগিব। নহ’লে সন্মান দুগুণে লাঘৱ হ’ব। অতঃ এব,  ‘এইটোনো কি বৰ ডাঙৰ সমস্যা! তেনেই সহজ কথা’ ধৰণে কেৰাহী এখন গেছৰ বাৰ্ণাৰৰ ওপৰত তুলি গৰম কৰিলোঁ। জলকীয়াৰ পেকেটটো তাতে খুলিবলৈ লওঁতেই পৰিবাৰে ‘হেই হেই’কৈ চোঁচা মাৰি অহাদি আহিল, ” জলকীয়াবোৰ গৰম কেৰাহীত তেনেই ক’লা পৰি যাব।”

ময়ো কথাটো গমি চাই ভাবিলোঁ, তেওঁ নিশ্চয় সত্য কথাকে কৈছে। তথাপিও সন্মান ৰক্ষাৰ যুঁজত কাওঁমাওঁকৈ হাত-ভৰি এচাৰি শেষ চেষ্টা কৰাদি মই ক’লো, “মই গৰম কেৰাহীত জলকীয়াকেইটা ভাজিব খোজা নাই। গৰম কেৰাহীত জলকীয়াকেইটা দি মই গেছটো বন্ধ কৰি তাতে ঢাকোন মাৰি থৈ দিলোহেঁতেন।”

পিছে কথাতে কয় যে, ‘বাঘে বাৰ জাপ মাৰে, হৰিণাই তেৰ জাপ মাৰে।’ মোৰ টেঙৰামিটো মোৰ কথাতে তেওঁ তেনেই ধৰা পেলালে। তেওঁ ওলোটাই মোকহে সুধিলে, “হেৰা আমি  কেৰাহীত কিবা এটা তুলি, কি কাৰণে ঢাকোন দিওঁ, কোৱাচোন!”

ইমান বেয়াকৈ জব্দ হ’ম বুলি আজি মই আশা কৰা নাছিলো। তথাপিও নাও বুৰিলেও টিঙৰ পৰা ননমা ছেৱেৰে ক’লো, “তোমাক এতিয়া কি বুলি বুজাম? সাধাৰণ হালোৱা-হজুৱা মানুহক (layman) বুজোৱাদি বুজাম নে Core scienceটো বুজাম?” এইবাৰ পৰিবাৰৰ সঁচাকৈয়ে খং উঠা যেন পালোঁ। ল’ৰালৰিকৈ তাৰ পৰা আহি মোবাইলত গুগল বাবাৰ শৰণ লোৱাত লাগিলোঁ।  

ক্ষন্তেক পিছত পৰিবাৰে অভেনৰ ট্ৰেখনত শুকান জলকীয়াকেইটাৰ ঠাৰিবোৰ আঁতৰাই আঁতৰাই মোৰ ওচৰত বহি সুধিলে, “মিষ্টাৰ Core Science, এতিয়া কোৱাচোন, কেৰাহীত ঢাকোন দি থলে জলকীয়াৰ কি হ’ব?”

দ্বিতীয় বাৰৰ বাবে যে জব্দ হ’ব পাৰো, সেইটো যোৱা বত্ৰিশ বছৰৰ অভিজ্ঞতাৰে ভালকৈয়ে জানিছিলোঁ, সেয়ে শেষ ৰক্ষাৰ নামত বৰ গপচ এটা দি গুগল বাবাৰ দীক্ষাৰে ক’বলৈ আৰম্ভ কৰিলোঁ, “জলকীয়াত capsaicinoids  নামৰ এটা ৰসায়ন থাকে, যাৰ বাবে জলকীয়াৰ জলা সোৱাদটো আমি পাওঁ….”

ইয়াৰ আগৰখিনি কোৱা নহ’লগৈ। পৰিবাৰে ভেকাহি মাৰি উঠিল, “থোৱাহে তোমাৰ এইবোৰ গুগল চাইঞ্চ। জলকীয়াৰ গুড়ি বনাবলৈ লৈ ইমানবোৰ চাইঞ্চ সঁচাকৈয়ে জনা হ’লে, তুমিয়ে আইনষ্টাইন হ’লাগৈহেঁতেন! আৰু মানুহেও মোক মিচেচ আইনষ্টাইন বুলি চিনি পালেহেঁতেন!”

আজি লকডাউনৰ মাজতে মোৰ ‘আত্মসন্মানৰ পুনৰ ফালুদা’ কৰি আন এক শিক্ষা পালোঁ, “যাৰ যিটো কাম, সেইটো তেওঁৰ হাততে এৰি দিয়া ভাল!”

০০০০০

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!