যিখন ছবি হেৰাই গ’ল ( ড° সমাদৃতা গোস্বামী )

jikhan sobi Herai gol

আপোনাৰ ঘৰৰ সন্মুখৰ পথাৰদৰাত
তিনিটা নতুন ঘৰ হ’ল৷

গোবৰে লিপা বেৰ
ধুমুহাই উৰুৱাই নিয়া টিঙ
মাছেৰে খলখলাই থকা পুখুৰী
সকলোবোৰ উচন কৰি
আপোনাৰ এটা পকীঘৰ হ’ল
গৰুৰে ভৰা গোহালিটোৰ ঠাইত এটা লোহাৰ গেৰেজ হ’ল
ভালু কালুৰ ভুকভুকনিক শান্ত কৰি
ডিঙিত চেইন পিন্ধা এটা ডগিৰ আগমন হ’ল

জোনাক নিশাৰ বগা ধুলিয়ৰি ৰাস্তা
আইতাৰ সাধু
দেউতা বজাৰৰ পৰা ঘূৰি অহাৰ অধিৰ অপেক্ষা
মাৰ হাতে ৰন্ধা মাছ ঔটেঙাৰ জোল
মাটিৰ চাকি, লেমৰ পোহৰত কলমতিয়াই কিতাপ পঢ়ি থকা সন্ধ্যাবোৰ
সকলো মৰিশালি হ’ল৷

ম’ম’, চাউমিন, চিলি চিকেন, পোলাউৰে
আপোনাৰ দৈনন্দিন আৰম্ভ হ’ল৷

এদিন বিজুলী বাটি নাছিল বাবে মমৰ পোহৰত হৈছিল ৰাতিৰ আহাৰ
আজি বিশেষ দিনটোত জীৱন সংগীৰ সৈতে আপোনাৰ কেন্দেল লাইট দিনাৰ!

আপুনি এদিন ঐশ্চৰ্য বিছাৰি কান্দিছিল
অথচ কি আচৰিত
আজি মালাই চিকেন খাওঁতে
পোৰা গৰৈ মাছ আৰু পইতা ভাতলৈ মনত পেলায়ো আপুনি উচুপিচে৷

এল ই ডিত বিভিন্ন শ্যেনেল চাওঁতে
ডি ডি ৱানৰ মহাভাৰত, ৰংগোলি, শক্তিমান, স্কুল দেইজক মনত পেলাই আপুনি
কান্দে
এইবোৰ চাবলৈ আনৰ ঘৰত জুম বন্ধাৰ
কাহিনী আনক কওঁতে আপোনাৰ চকু মুখ উজলে৷

আপুনি মনে মনে বিছাৰে এখন সৰু পথাৰ
এটা ৰবাব টেঙা
অথবা টাং গুটি
অথবা তিনিদাল জেওৰা মাৰি
মোজাৰে বনোৱা বল
এচটা সৰু কাঁঠ
আৰু এজাক সমনীয়া৷

এতিয়া আপুনি কয়
স্মাৰ্ট ফোন নথকা দিনবোৰেই ভাল আছিল ৷
হৎঠাতে কাৰোবাৰ ঘৰত গৈ ওলোৱাৰ উৎসাহ
হৎঠাতে কাৰোবাক দেখাৰ আনন্দ
হৎঠাতে কাৰোবাৰ মূখেৰে শুনা এটা ভাল খবৰ

সকলো কাহিনী হ’ল৷
সকলো কাহিনী হ’ল৷

ম’বাইল ফোনটোৱেই খালে সবকে!

কি আচৰিত প্ৰাণী আপুনি??

নথকাৰ দুখতো দুখী
থকাৰ সুখতো দুখী!

আচলতে
আপুনি হাঁহিলেও কান্দিলেও
দিনবোৰ বাগৰে
আৰু স্মৃতি হৈ
চাটিফুটি কৰে আপোনাক৷

আই-বোপাইৰো একেই কথা
ককা-আইতাৰো একেই কথা
আজো-ককা আইতাৰো একেই কথা

আগৰ দিনবোৰেই ভাল আছিল!

আপোনাৰো যে সেই একেই কথা!!

আপোনাৰ ডগিয়েই মাইনাৰ পৰম মিত্ৰ
অফিচৰ পৰা আপুনি ঘূৰি অহা সময়কনলৈ আপোনাৰ মাইনাৰ অধিৰ আগ্ৰহ
মাকৰ হাতৰ ফুলা লুচি, বিলাহী পিঁয়াজ কেপচিকাম দি বনোৱা নুদল্‌চ, পোলাউ
মাইনাৰ প্ৰিয় খাদ্য
আৰু এই যে মাইনাক স্কুলৰ পৰা আনিবলৈ যোৱা সময় কন
অথবা মাইনা স্কুল বাছত আহিব বুলি দুপৰীয়া ৰ’দত বোন্দাপৰ দি থকা সময়কন
এদিন মাইনাৰ বাবে হ’ব সোনোৱালী সময়
আৰু মাইনাই এদিন ক’ব সন্তানক

আগৰ দিনবোৰেই ভাল আছিল!

সংজ্ঞা সলনি হয় ভাল লগাৰ
সংজ্ঞা সলনি হয় সময়ক ধৰি ৰখাৰ

সেয়ে দুখ নকৰিব
যি খন ছবি হেৰাই গ’ল
যিখন ছবি সৃষ্টি হৈ আছে

ব্যক্তি আৰু সময় বিশেষে
দুয়োখনেই ভাল!

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
7 years ago

অতিকৈ সুন্দৰ

Copying is Prohibited!