যিটো আবেলি আমি হেৰুৱালো – মূলঃপাবলো নেৰুদা- ভাবানুবাদঃমধুমণি কলিতা

নীলা ৰঙৰ ৰাতিটো নামি থাকোঁতে
আবেলিৰ কাণিমুণি খিনিত
আজি কোনেও নেদেখিলে আমাক
হাতে হাত ধৰি খোজ কঢ়া

আজি আবেলিও
মই মোৰ খোলা খিৰিকীৰে অকলেই
উপভোগ কৰিলোঁ পাহাৰখনৰ সিটো পাৰে আৰম্ভ হোৱা
অন্য এটা সূৰ্য্যাস্তৰ উৎসৱ

এতিয়া প্ৰায়েই জ্বলি ওঠে মোৰ দুহাতৰ
মাজৰ শূন্যতা খিনি
মই যেন মুঠি মাৰি ধৰি থাকোঁ
জ্বলন্ত বেলিৰ দৰে এটা
উত্তপ্ত পাতি পইচা

তুমিতো জানা তুমি গুচি যোৱাৰ
পাছৰে পৰাই
কিমান দুখ আৰু গ্লানিত ভূগি আছোঁ
এতিয়া তোমালৈ মনত পেলাই
মোৰ ভিতৰৰ মানুহটোৱে
তাত ডুবি ডুবি নিজকে
নিকা কৰিছে

এতিয়া কিন্তু তুমি নাই
মই নাজানো তুমি ক’ত
কাৰ সৈতে উপভোগ কৰা আবেলি বোৰ

বৰ বেদনাদায়ক এই বাঢ়ি অহা আকৰ্ষণ
তুমি আঁতৰি যোৱাৰ দুখ যিমানেই বাঢ়িছে
সিমানেই বেছি স্মৃতি কাতৰ হৈছোঁ
আৰু সাঁচি গৈ আছোঁ তুমিহীনতাত
বাঢ়ি অহা এই অবুজন ভাল পোৱা

একেদৰেই কটাই আহিছোঁ প্ৰতিটো একাকী আবেলি
মেলি লৈয়ো পঢ়া হোৱা নাই
প্ৰিয় কবিতাৰ পুথি
আঘাত লগা কুকুৰৰ দৰে
মোৰ ভৰিত পৰি ৰয় মূৰৰ সেই
নীলা ৰঙৰ টুপী
যি তোমাৰ প্ৰিয় আছিল

সদায়ে দেখাৰ দৰে আজি আবেলিও তোমাক দেখিছিলোঁ
খোজত খোজ দি ক্ৰমশঃ দূৰ হৈ গৈ থ’কা
আৰু আবেলিৰ কাণিমুণি খিনিত নোহোৱা হৈ পৰা তোমাৰ ছাঁ এটা ৷

☆★☆

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!