যীঁশু ( নিশাংক মিলন )

Jisu

জীৱনৰ বাবে যি ধৰুৱা নাছিল
উশাহৰ ওচৰত,
তেঁওৰ বাবেই এদিন মূক হোৱাৰ বাঞ্চা কৰিছিল
মৃত্যুৰো বৈদেহী কথক;

এদিন এটা তৰা নামি আহি চিকুণাই থৈছিল
সেই পুত্ৰৰ আগমনি বাট,
যি পিতৃ আছিল সকলো পীড়িতৰ;
আঙুলিত পিন্ধি এটা উজুটিৰ ঋতু
এদিন তেওঁ খোজ দিছিল এটা শিলাময় আবতৰত,
নিঃস্ব দুয়োহাতত গুজি মাথো কৰুণাৰ বৈভৱ !
সকলো ঘৃণাৰ দলি গোটাই
তেঁও মহীয়ান কৰিছিল প্ৰেমৰ দেউল;

সিদিনা আছিল পৃথিৱীৰ অসুখ;
মঙহ আজুৰি নিয়া প্ৰতিডাল
খঙাল চাবুকৰ বাবে
তেঁও মেলি দিছিল মুৰ্মূৰ্ষু হাতৰ প্ৰেম, ,
নিৰ্যাতিত ওঁঠত তেঁওৰ
উচ্চাৰিত হৈছিল সিদিনা
পৃথিৱীৰ শ্ৰেষ্ঠতম কবিতাটো ;
সিদিনা আছিল পৃথিৱীৰ ভীষণ অসুখ l

ক্ষমাৰ ৰ’দেৰে এদিন যি শুকুৱাই লৈছিল
যন্ত্ৰণাৰ প্ৰতিটো টোপাল,
তেঁৱো আচলতে মানুহেই আছিল;
পৃথিৱীয়ে মাত্ৰ তেঁওক ঈশ্বৰ সজাই
নিজে তেঁওৰ দৰে হব নোৱাৰাৰ
এটা যুক্তি বিচাৰি লৈছিল !!

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!