যুগে যুগে কুন্তী- ময়ূৰী শৰ্মা গোস্বামী
মোক জাৰজ বুলি নকবা৷
মোক জাৰজ বুলি পুতৌ নকৰিবা৷
মই নিজেই জাৰজ হোৱা নাই৷
কৰবাততো আছেই লুকাই৷
মোৰ বোপাই, আই৷
ইতিহাস ঘূৰি ঘূৰি আহে৷
কুন্তীৰ চকুতো একেই নিৰ্দয়তা ভাহে৷
কি উৎসুকতাৰে সূৰ্য্যক আদৰিছিল
নাজানো কিদৰে কৰ্ণক উটুৱাই দিছিল৷
কঁপা নাছিল নে সেইসময়ত বুকু,
ভৰা নাছিল নে পানীৰে দুচকু,
গলি গলি শেষ হোৱা নাছিল জানো মমতা,
সেইদিনাই শেষ হৈছিল
স্বাৰ্থন্নেষী মাতৃৰ নিস্বাৰ্থ সততা৷
আজিও আছে কুন্তী৷
ভাঙি ছিঙি, গঢ়ি পিটি,
হাজাৰটা যুক্তি৷
আদিমতাৰ সোৱাদৰ পৰা লবলৈ মুক্তি,
সন্তানৰ বুকুৰ পৰা আজুৰি আনিব পাৰে
মৰম শ্ৰদ্ধা ভক্তি৷
দলিয়াই দিয়া সন্তানৰ,
কলিজাৰ পৰা ওলোৱা,
হুমুনিয়াহ কান্দোনে
মাতৃ জ্বলাব তোমাৰো পঁজা৷
ভাঙিব তোমাৰো আলয়,
নিয়তিৰ দেওধনী নাচোনে৷
বুকুৰ অমৃতক বিষ নবনাবা৷
মমতাৰ আচলক কলুষিত নকৰিবা৷
মাতৃ, মাতৃ হৈ থাকক৷
সূৰুয, সূৰুয হৈ থকাৰ দৰেই৷
মাতৃক ডাইনী নাসাজিবা৷
মোক জাৰজ বুলি ক’বলৈ নিদিবা৷
পৃথিবীৰ ক’ত বিচাৰি পাম,
আইৰ মৰম কোমল মাত,
ক’ত পাম কপালত
মাৰ মৰমিয়াল হাত,
মা, মোক জাৰজ কৰাৰ তুমি নিদিবা,
এশ এটা অজুহাত৷■■