যোগিনীৰ দলিল (দীপালি দুৱৰা)


মূৰৰ ওপৰত হাউলি পৰিছে
বৰষুণমুখৰ
এখন আকাশ…
এয়া যে ৰঙীন হোৱাৰ বতৰ।
যমুনাত ফাগুণৰ ওভতনি সুঁত।
নীল গৰখীয়া..
তোৰ ৰঙেৰে মই ৰাঙলী ৰাধিকা।
আজি তোৰ বাঁহীত নবজাবি
চাকৈ-চকুৱাৰ বিৰহৰ গাথা।
তুলবুল ফাকুৱে ৰাঙলী
বৃন্দাবন…
ৰঙীন হোৱাৰ অজুহাতত
আজি মই তোৰ বুকুৰ ফাগুন।
নীল গৰখীয়া..
ঘৰমুৱা ফাগুণক নল’বি জোকাই।
চাচোন..আকাশে কেনেকৈ ওফোন্দ পাতিছে
আজি আকৌ তিয়াব
তোৰ যোগিনী ৰাধাক..
 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!