যৌক্তিক ভ্ৰান্তি (উদ্দীপ তালুকদাৰ)
যৌক্তিক ভ্ৰান্তি (logical fallacies)
টিভিৰ আলোচনাতে হওক, ৰাজনীতিকৰ কথা বতৰাতে হওক, বা সাধাৰণ মানুহৰ চিন্তাতে হওক (অ অকব-ৰ কথাটো পাহৰিছিলোৱেই) তৰ্ক বিতৰ্ক চলিয়েই থাকে। ভাল তৰ্ক এখন হ’বলৈ বিষয়টোৰ দুটা বিপৰীত মত আৰু দুয়োপিনে সমানে যুক্তি থাকিব লাগিব, অন্যথা তৰ্কখন নহ’বই। কিন্তু দুয়োপিনে সমানে যুক্তি থাকিলে, আৰু সেইখিনিকে কৈ থাকিলে তৰ্ক কৰাই সাৰ হ’ব, সিদ্ধান্তলৈ আহিব পৰা নেযায়। তৰ্কৰ পাছত সিদ্ধান্ত লোৱাটো প্ৰয়োজনীয় হ’লে, তৰ্কৰ আগত আৰু পিছত নিৰপেক্ষসকলৰ মতামত লৈ তাৰ্কিক-ৰ সফলতা-বিফলতা চাব পাৰি, কিন্তু বেছিভাগ ক্ষেত্ৰতে সিদ্ধান্ত এটা লোৱাটো সিমান জৰুৰী নহয় বাবে তৰ্ক এখন দিঘলীয়া হৈ থাকে। যি নহওক, যুক্তি-তথ্যৰ আক্ৰমণ-প্ৰত্যাক্ৰমণেৰে ভৰা তৰ্ক এখনৰ দৰ্শক হোৱাৰ মজাই সুকীয়া। কিন্তু প্ৰায়ে যুক্তি-ৰ নামত কিছুমান যৌক্তিক ভুল কৰা দেখা যায়। যৌক্তিক ভ্ৰান্তিবোৰ দেখাত শুদ্ধ যেনেই লাগে যদিও প্ৰকৃততে সেয়া ভুল। এনে যৌক্তিক ভুলক ইংৰাজীত ‘logical fallacy’ বুলি কোৱা হয়। ইয়াৰ ওচৰে-পাঁজৰে যোৱা শব্দৰে আমি logical fallacy-ক ‘যৌক্তিক ভ্ৰান্তি’ বুলিছোঁ। ‘যৌক্তিক ভ্ৰান্তি’ সদায় ভুলতে হয় বুলিব নোৱাৰি, টিভিৰ মজিয়াত ৰাজনীতিকৰ কাজিয়াত যৌক্তিক ভ্ৰান্তিৰ প্ৰয়োগ জানি-বুজিয়েই কৰা হয়। সাধাৰণ ৰাইজক ভুল পথত পৰিচালিত কৰিবলৈ বহু নেতাই যৌক্তিক ভুলৰ আশ্ৰয় লয়। এনেবোৰ কাৰণতে যৌক্তিক ভ্ৰান্তিৰ বিষয়ে আমাৰ সম্যক জ্ঞান থকাৰ প্ৰয়োজন। আন নহ’লেও অকব-ৰ বহুকেইখন তৰ্ক তেতিয়া হ’লে সঠিক দিশত গতি কৰিব।
যৌক্তিক ভ্ৰান্তি দুই প্ৰকাৰৰ: গাঁঠনিক (formal) আৰু অগাঁঠনিক (informal)। (এই্ গাঁঠনিক আৰু অগাঁঠনিক শব্দ দুটা মই দি লোৱাহে। অসমীয়া লজিক-ৰ কিতাপত ইয়াৰ প্ৰতিশব্দ নিশ্চয় থাকিব। কোনোবাই জনালে শুদ্ধ কৰি দিম।)
গাঁঠনিক যুক্তিবোৰ সাধাৰণতে পানী-নসৰকা বিধৰ হয়, আৰু ‘অৱৰোহ প্ৰণালী’ৰে (deductive method) নিশ্চিত হয়। যেনে,
১. ক এজন মানুহ,
২. মানুহ মাত্ৰেই মৰণশীল,
-গতিকে, ক-ও এদিন মৰিব।
ইয়াত প্ৰথম আৰু দ্বিতীয় বাক্যত তথ্যৰ ভুল নাই, সেয়ে ইয়াত সিদ্ধান্তৰ যৌক্তিক নিশ্চয়তা সন্দেহাতীত। কিন্তু তথ্যত আসোঁৱাহ থাকিলে সিদ্ধান্ত ভুল হ’ব। এনে ভুলকে গাঁঠনিক ভ্ৰান্তি বোলে। যেনে,
১. ক এজন শকত মানুহ,
২. ক-ই সদায় মাছ-মঙহ খায়,
গতিকে, মাছ-মঙহ খালে মানুহ শকত হয়।
এইটো সিদ্ধান্ত কিন্তু সদায় শুদ্ধ নহয়। ইয়াত প্ৰথম শাৰীটোত তথ্য ভুল নাই, কিন্তু দ্বিতীয়টোত আছে। ক-ই সদায় মাছ-মঙহ খায়টো সম্পূৰ্ণ তথ্য নহয়, তাৰ লগত তেখেতে শাৰীৰিক পৰিশ্ৰম কৰে নে নাই, কিবা ৰোগ আছে নেকি আদি তথ্য যোগ দিলেহে, তথ্যখিনি সম্পূৰ্ণ হ’ব। যিহেতু দ্বিতীয় বাক্যটোৱে সম্পূৰ্ণ তথ্য নিদিয়ে, সেয়ে ইয়াত অৱৰোহ প্ৰণালীৰে সিদ্ধান্ত উলিয়ালে ভুল হ’ব। গাঁঠনিক ভ্ৰান্তি তথ্যভিত্তিক ভাৱে ইয়াক সহজতে দূৰ কৰিব পাৰি। কিন্তু আনবিধ ভ্ৰান্তি—অগাঁঠনিক-ত তথ্যতকৈও তাৰ পৰিৱেশন, সাল-সলনি আদিৰে কৰা ভ্ৰান্তি। সেয়ে, অগাঁঠনিক ভ্ৰান্তি দূৰ কৰাটো প্ৰায়ে বেছি টান। অগাঁঠনিক ভ্ৰান্তিত অত্যন্ত সূক্ষভাৱে কিছুমান প্ৰমেয় তুলি ধৰি যায়, যিটো নিজেই যৌক্তিক ভুলৰ ওপৰত আধাৰিত।
যৌক্তিক ভ্ৰান্তি কেবা প্ৰকাৰৰো আছে। বহুতৰে আকৌ লেটিন নাম দি থোৱাও আছে। নামবোৰ অসমীয়ালৈ অনুবাদ কৰাৰ ধৃষ্টতা নহ’ল। সেয়ে, সহজে অনুবাদ কৰিব নোৱাৰা নামবোৰ লেটিন ভাষাতে ৰাখিছোঁ।
১. Ad Hominem : (ব্যক্তিগত পৰ্যায়লৈ নিয়া) তৰ্ক এটা যুক্তিৰ ওপৰত নিৰ্ভৰশীল। কিন্তু তাক ব্যক্তিৰ পৰ্যায়লৈ নি এটা যুক্তি নস্যাৎ কৰাটো এড্ হ’মিনেম ভ্ৰান্তি। যেনে,
-গায়কজনে গানবিলাক ভাল।
-মদ খাই মাত্লামি কৰা মানুহটোৰ গান কি ভাল হ’বহে! (গানৰ মূল্যৰ লগত মানুহজনৰ মদ খোৱাৰ আপাত কোনো সম্বন্ধ নাই, সেয়ে এইটো ভুল যুক্তি।)
২. Ad Hominem Tu Quoque: ব্যক্তিৰ আগৰ কৰ্মৰ ওপৰত ভিত্তি কৰি তেখেতৰ যুক্তি নস্যাৎ কৰা। যেনে.
-অনুসূচিত জন-জাতিৰ এগৰাকী ব্যক্তিয়ে সংৰক্ষণ প্ৰথাৰ বিৰূদ্ধে যুক্তি দেখুৱালে। ভাল নহয়।
-কিন্তু তেওঁ নিজে সংৰক্ষণৰ মাজেৰেই চাকৰি পাইছে। গতিকে তেখেতে ক’লেও সংৰক্ষণ প্ৰথা বেয়া নহয়।
ইয়াত মানুহজনে যি কৰিছে, সেইটোৰ বাবে মানুহজন মিছাকথীয়া বা সুবিধাবাদী যিয়েই নহওক, তেখেতে দিয়া যুক্তিক তেখেতৰ আগৰ কৰ্মৰ ওপৰত খণ্ডন কৰাটো যুক্তিকৰ নহয়। তৰ্কৰ বাবে তেখেতে আগবঢ়োৱা যুক্তিখিনিহে প্ৰযোজ্য।
৩. বিশ্বাস, বিশ্বাসৰ পৰিণতি, লৌকিকতা, ব্যক্তিত্ব, আবেগ, ভয়, তোষামোদ, নতুনত্ব, পুতৌ, জনপ্ৰিয়তা, মানহানি, দ্বেষ, জনমত আদিৰ দোহাই দি সিদ্ধান্ত লোৱাৰ প্ৰৱণতা। যেনে,
-পৃথিৱীৰ ৮৫% মানুহে ভগৱানক বিশ্বাস কৰে, গতিকে ভগৱান আছে। (বিশ্বাস)
-মানুহে যদি মৃত্যুৰ পাছত স্বৰ্গ-নৰকৰ কথা বিচাৰ নকৰে, তেন্তে নৈতিকতাৰ বাচ-বিচাৰ নকৰিবই, সেয়ে স্বৰ্গ-নৰক থাকিবই লাগিব। (বিশ্বাসৰ পৰিণতি)
-দেৱালীৰ দিনাখন বোমা ফুটোৱাটো আমাৰ পৰম্পৰা, সেয়ে দেৱালীত বোমা ফুটাবই লাগে। (লৌকিকতা)
-ইছ্ৰোৰ বিজ্ঞানীয়েও ভগৱানৰ পূজা কৰে, গতিকে ভগৱান আছে। (ব্যক্তিত্ব)
-বলি দিয়া নিৰীহ জীৱকেইটালৈ চাই বলি বিধান বন্ধ কৰিব লাগে। (আবেগ উদ্বেলিত কৰাৰ কৌশল, ইয়াত বলি দিয়া বন্ধ কৰিবলৈ জীৱৰ নিৰীহতালৈ আঙুলিওৱাটো যৌক্তিক ভুল, কাৰণ নিৰীহ কাৰণেহে বলি বিধান বন্ধ কৰিব লাগে, এনে কথা নহয়)
-মন্দিৰত যদি দান নকৰে, তেন্তে ভগৱানে আপোনাৰ অমংগল কৰিব (ভয় দেখুওৱা)
-আপোনাৰ দৰে দানী মানুহ এজনৰপৰা এইখিনি টকা পাম বুলি আমি আশা পালি ৰৈ আছোঁ (তোষামোদ)
-অমুক দলে কেতিয়াও চৰকাৰ কৰা নাই, এইবাৰ জয় কৰি চাওকচোন, কিবা হয়েই বা (নতুনত্বৰ প্ৰলোভন)
-তুমি ভাল নাপালে মই জীয়াই থাকিম নোৱাৰিম (পুতৌ উদ্ৰেকৰ প্ৰচেষ্টা)
-ছলমান খানক ইমান মানুহে ভাল পায়, গতিকে আপুনি বেয়া অভিনেতা বুলিলেই হ’বনে (জনপ্ৰিয়তাৰ দোহাই)
-আপুনি আগতে ভালকৈ পঢ়ি আহক; তোমালোকে চালে-বেৰে কোবাই আছা (মানহানিৰ চেষ্টা)
-এই জাতিটোৱে আমাক আগতে কম শোষণ কৰিছেনে, ইহঁতক কোনো পধ্যেই সমৰ্থন কৰিব নোৱৰি (দ্বেষ)
-ইমান মানুহে ধৰ্ষণকাৰীৰ ৰাজহুৱা ফাঁচী বিচাৰিছে, গতিকে আপুনি কাৰাদণ্ডৰ কথা ক’লেই মানিম নে (জনমত)
৪. Bandwagon (নিজৰ গোটত লজ্জিত হোৱাৰ ভয়): গোটৰ বেছিভাগেই এটা কথা বিশ্বাস কৰে, সেয়ে সেইটো ভুল বুলি জানিও মানি লোৱা।
৫. Begging the question বা Circular Reasoning: (চক্ৰীয় যুক্তি) সিদ্ধান্তক ওলোটাই কৈ যুক্তি বুলি দেখুওৱা। যেনে, -দাম বেছি হ’ল নেকি?
-নহয় দাদা, একেবাৰে ঠিকে আছে দাম।
-এ: ক’ত ঠিকে আছে?
-মই আৰু দাম বঢ়াই ক’ম নে! (দেখাত কথাখিনি ঠিকেই আছে, আমি এনে কথা শুনিও থাকোঁ, মানিও লওঁ। কিন্তু ইয়াত সিদ্ধান্ত দিওঁতাই দাম সঠিক থকাৰ কোনো যুক্তি আচলতে দিয়া নাই, নিজৰ কথাখিনিকে ঘূৰাই কৈছে, যুক্তি হিচাপে এইটো নিচেই ভুল।)
৬. পক্ষপাতী তথ্যৰে আগবঢ়োৱা যুক্তি:
-অসম পঢ়া-শুনাত বৰ আগবঢ়া ৰাজ্য দেই। আমাৰ বাংগালোৰত যিমানখিনি অসমীয়া মানুহ আছে, বেছিভাগেই ইঞ্জিনীয়াৰ বা ডাক্তৰ। (বাংগালোৰত থকা অসমীয়া মানুহখিনি অসমৰ জনসাধাৰণৰ সৰু এটা অংশহে, তাকো ভালদৰে পঢ়া-শুনা কৰি চাকৰি কৰিবলৈ যোৱা, সেয়ে তাৰ ওপৰত অসমৰ মানুহ সম্বন্ধে সাধাৰণ ধাৰণা কৰিব নোৱাৰি।)
৭. Ad Ignorantiam: প্ৰমাণৰ দায়িত্ব বিপৰীত দললৈ ঠেলি দিয়া, বা প্ৰমাণৰ অভাৱক সত্য বুলি মানি লোৱা। যেনে,
-ভগৱান আছে। আপুনি প্ৰমাণ কৰক নাই বুলি, তেতিয়াহে মই মানি ল’ম।
৮. Circumstantial Ad Hominem: ব্যক্তিয়ে আগবঢ়োৱা যুক্তিক তেখেতৰ সুবিধাৰ বাবে আগবঢ়োৱা যুক্তি বুলি নস্যাৎ কৰা। যেনে,
ডাক্তৰ এজনে ক’লে,-ৰোগীয়ে ডাক্তৰক নেদেখুওৱাকে ঔষধ খোৱাটো বেয়া কথা।
-তেওঁতো ক’বই, ডাক্তৰৰ ওচৰলৈ নোযোৱাকৈ ঔষধ খালে যে ফীজটো নাপাব!
৯. Description of Composition: বস্তু/গোট এটাত থকা এটা বা দুটা ভাল বা বেয়া গুণ সম্পূৰ্ণ বস্তুটোতে প্ৰয়োগ কৰা। যেনে,
-নিমখত ছ’ডিয়াম আৰু ক্ল’ৰিন থাকে। ক্ল’ৰিন গেছ অৱস্থাত এবিধ বিহ, গতিকে নিমখো স্বাস্থ্যৰ কাৰণে ভাল হ’বই নোৱাৰে।
১০. Confusing Cause and Effect: কাৰ্য আৰু কাৰণ সানমিহলি কৰি পেলোৱা। যেনে, আমাৰ দেশত পঢ়া-শুনাৰ হাৰো বাঢ়িছে, সমানে অপৰাধৰ সংখ্যাও বাঢ়িছে। গতিকে,
-পঢ়া-শুনা বেছি হোৱা কাৰণেই অপৰাধ বাঢ়িছে।
১১. Division: বিভাজন: ইয়াত সম্পূৰ্ণ বস্তু বা ব্যৱস্থা এটাৰ ভাল-বেয়াখিনি তাৰে প্ৰতিটো অংশৰ ধৰ্ম বুলি মানি লোৱা হয়। যেনে, কংগ্ৰেছৰ চৰকাৰখনে এটাও ভাল কাম নকৰে। সেয়ে প্ৰতিজন কংগ্ৰেছীয়েই একো একোজন দগাবাজ। নক’লেও হ’ব এনে বাখ্যা আমি দিনে দিনে শুনো। অমুক সম্প্ৰদায়ৰ মানুহখিনিয়ে আমাক অতীজৰেপৰা শোষণ কৰি আহিছে, সেয়ে সিহঁতৰ এজনক আমি ইয়াত থাকিবলৈ নিদিও- এইবিলাক ভাষ্যৰে বহুত প্ৰতিবাদ, বিপ্লৱ এতিয়াও অসমতে চলি আছে। কিন্তু সমগ্ৰ জাতি-টোৱে যদি এটা সময়ত শোষণ কৰিছিল, তাৰ অৰ্থ এইটো নহয় যে সেই জাতিটোৰ প্ৰতিজন মানুহেই শোষণ কাৰ্যত জড়িত আছিল।
১২. False Dilemma (বা Black and White Thinking, মিছা দন্দ্ব): কেতিয়াবা বক্তাই দুটা প্ৰকৃততে স্বাধীন মত-ক এটাক আনটোৰ বিকল্প বুলি দেখুওৱাৰ প্ৰয়াস কৰে। ইয়াত সিদ্ধান্ত এনেকৈ লোৱা হয়: হয় ১+১=৩ বা ১+২=২, ১+১=৩ যিহেতু নহয় সেয়ে ১+২=২ হ’বই লাগিব। এইটোত তথ্য বিশ্লেষণ কৰি লগে লগে চোৱা হৈছে বাবে ভুলটৌ দেখা গৈছে। কিন্তু দৈনন্দিন ক্ষেত্ৰত ই বেলেগ বেলেগ ক্ষেত্ৰত দেখা দিয়ে। যেনে, নৰেন্দ্ৰ মোদী এগৰাকী দক্ষ প্ৰশাসক, কিন্তু নৰেন্দ্ৰ মোদী এগৰাকী উগ্ৰ হিন্দুবাদী। ইয়াৰে যিকোনো এটাৰ ভিত্তিতে নৰেন্দ্ৰ মোদী ভাল নে বেয়া বুলি সিদ্ধান্ত ল’বলৈ গ’লে ভুল হ’ব। এই দুয়োটা কথা একেসমতে মানি লৈ আপুনি নিজৰ সিদ্ধান্ত ল’ব লাগিব।
১৩. Gambler’s Fallacy (জুৱাৰীৰ ভ্ৰান্তি): ইয়াত এনেকৈ ভবা হয় যে যাদৃচ্ছিক ঘটনা এটা এটা নিৰ্দিষ্ট নিয়মত বাৰে বাৰে ঘটি থাকিব। জুৱাৰীয়ে সাধাৰণতে এনেদৰে ভাৱে, এইবাৰ মোৰ ভাল পাত অহা নাই। ইয়াৰ পাছৰ বাৰ আহিব। বা এবাৰো মই জিকা নাই, এইবাৰটো জিকিম মই। এই্ ভ্ৰান্তিৰ এটা বঢ়িয়া প্ৰয়োগ: ৰোগীক চাই ডাক্তৰে ক’লে আপোনাৰ কপাল বেয়া যে এই ৰোগবিধ হ’ল, এইটো বেমাৰৰ অস্ত্ৰোপচাৰত এশজনৰ নিৰানব্বৈজন ৰোগীয়ে মৰে, কিন্তু আপোনাৰ কপাল ভাল, কাৰণ মই অপাৰেছন কৰোঁতে ইতিমধ্যে নিৰানব্বৈজন মৰিছে। আপুনি সেই লাকী এশ নম্বৰজন।
১৪. Genetic Fallacy (উৎস বিচাৰ): কেতিয়াবা বক্তাৰ উৎস চায়েই বক্তব্য মানি লোৱা বা নাকচ কৰা হয়। যেনে, তাৰ দেউতাক আমাৰ ইয়াত গৰখীয়া আছিলহে, সি তাতকৈ বেছি কি জানিবহে! তাৰ মাক-দেউতাক আগতে আমেৰিকাত আছিল, সেয়ে যি কৈছে সিয়েই শুদ্ধ।
১৫. Guilt By Association (বা Bad Company Fallacy): (সংগ দোষৰ ভ্ৰান্তি): ইয়াত সিদ্ধান্ত এটাক যি কেইজনে সমৰ্থন কৰে, তেওঁলোকক বেয়া পোৱাৰ বাবেই তেওঁলোকে সমৰ্থন কৰা মতকো সমৰ্থন নকৰে। ধৰি লওঁ, ক-খ-গ-ই কয়, ছোৱালী মানুহে যি ইচ্ছা তাকে পিন্ধিব লাগে। কিন্তু ঘ-ই ক-খ-গ গোটটোক বেয়া পায়। গতিকে ঘ-ৰ মতে ছোৱালীয়ে যি ইচ্ছা তাকে পিন্ধিব নালগে কাৰণ ক-খ-গ-ই সেইটো বিচাৰিছে। এই ভ্ৰান্তিৰ উদাহৰণ আমাৰ অকব-ত ভাৰতৰ ধৰ্মীয় ৰাজনীতিৰ কাণ্ড-কাৰখানাত সততে দেখিবলৈ পোৱা যায়।
১৬. Hasty Generalization (Fallacy of Insufficient Statistics, Fallacy of Insufficient Sample, Leaping to A Conclusion, Hasty Induction.): তাৎক্ষণিক সিদ্ধান্ত গ্ৰহন। অকণমান তথ্যৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত লৈ লোৱা। যেনে, আপুনি যিকেইজনী ছোৱালী চিনি পায়, তাৰে যিকেইজনী মাজে মাজে দোকানলৈ গৈ চাও-মিন খাইছিল, তাৰে দুজনী দুদিনৰ ভিতৰতে কাৰোবাৰ লগত মনে মনে পলাই গৈ বিয়া পাতিলে। এতিয়া দেখোঁতাৰ মতে ‘চাও-মিন খালে ছোৱালী পলাই যায়। সেয়ে, ছোৱালীয়ে চাও-মিন খোৱা বন্ধ কৰিব লাগে’
১৭. Ignoring a Common Cause (Questionable cause): কেতিয়াবা ডাঙৰ তথ্যভিত্তিক বিশ্লেষণতো কোনো এটা কাৰকৰ এৰি থৈ গ’লে ভুল সিদ্ধান্ত লোৱা যাব পাৰে। যেনে, মাছ-মাংস খোৱা মানুহৰ হৃদ-ৰোগ বেছিকৈ হয়। কিন্তু ভালকৈ চালে দেখা যায়, যিসকলে মাছ-মাংসও বেছিকৈ খায় আৰু দৈহিক পৰিশ্ৰম নকৰে, তেওঁলোকৰহে হৃদযন্ত্ৰৰ ৰোগ হৈছে। প্ৰথমটো প্ৰমেয়ত দৈহিক পৰিশ্ৰমৰ অংশটো এৰি যোৱা হৈছিল।
১৮. Middle Ground (Golden Mean Fallacy or Fallacy of moderation) মধ্যপন্থা: দুটা বিপৰীত মন্তব্যৰ মাজত অৱস্থান কৰাটো শুদ্ধ বুলি ভবা। যেনে, ভাৰতত অন্ন সুৰক্ষাৰ নামত এপইচাৰ খৰছ কৰিব নালাগে এটা মত, আনটো ভাৰতত অন্ন সুৰক্ষা আঁচনিখনত সকলো প্ৰকাৰৰ খাদ্য-দ্ৰৱ্য সুমুৱাব লাগে। দুটা এনে সম্পূৰ্ণ বিপৰীত মতৰ দোমোজাত মানুহে কেতিয়াবা মধ্যপন্থা এটা ভাল বুলি ভাবিব পাৰে। কিন্তু সদায়ে মধ্য পন্থা ভাল নহয়। যেনে, ভাৰতৰ ব্যৱস্থা সমাজতান্ত্ৰিক হ’ব নে পুঁজিবাদী হ’ব সেইটো সিদ্ধান্ত সঠিককৈ নোলোৱাৰ বাবে ভাৰতৰ অৰ্থনীতি কোনো ফালেই আগুৱাব ৰা নাছিল বুলি কোৱা হয়।
১৯. Misleading Vividness (চকুৰ সন্মুখত থকা চাঞ্চল্য): মিডিয়া আদিৰ দ্বাৰা বহুল প্ৰচাৰিত ঘটনাবোৰ দেখি দেখি সেইটোকে নিয়ম বুলি ভবা। যেনে, ভাৰতত এতিয়া চাঞ্চল্য সৃষ্টিকাৰী বাতৰি হিচাপে পৰিৱেশিত বিভিন্ন নাৰী জনিত অপৰাধৰ বাবে সেয়া নাৰী-স্বাধীনতাৰ ফলশ্ৰূতি বুলি ভবা। যেনে, নাৰীসকল যদি ঘৰতেই থাকে, তেন্তে ধৰ্ষণ আদি হ’ব কেনেকৈ। কিন্তু এনে মত পোষণ কৰা ব্যক্তিয়ে ভাবি নেচায় যে নাৰীৰ বিৰূদ্ধে অপৰাধ আটাইতকৈ বেছি সংঘটিত হয় ঘৰতেই। কাকতত অহাখিনিয়ে ৰাস্তা-ঘাটত হোৱা।
২০. Ad Hominem Abusive. (Personal attack) যেতিয়া প্ৰমাণৰ সলনি বক্তাৰ চৰিত্ৰ/কাম-কাজক লক্ষ্য কৰি আক্ৰমণ কৰা হয়। যেনে, ছোৱালী পলুৱাই অনাটোৱে আকৌ নাৰী স্বাধীনতাৰ কথা কয়।
২১. Poisoning the Well (পুখৰীত আগতেই বিহ ঢালি থোৱা) ব্যক্তি এজনে তৰ্কত অংশগ্ৰহন কৰাৰ আগতেই তেখেতৰ বিষয়ে নীচ মন্তব্য কৰি তেখেতৰ বক্তব্য-ক দমাই ৰখা। যেনে, অ’ গুৱাহাটীলৈ গৈ আমাক পাহৰি যোৱা জনে আমাৰ গাঁৱৰ ভালৰ বাবে কি মন্তব্য দিয়ে শুনোচোন।
২২. Description of Post Hoc (কাকতলীয় সংযোগ): দুটা ঘটনাৰ মাজৰ কাকতলীয় সংযোগক কাৰণ আৰু কাৰ্য বুলি ভুল কৰা। যেনে, যোৱাকাৰি এই পেনটোৰে লিখিছিলো, পৰীক্ষা ভাল নহ’ল। পেনটোৱেই কুলক্ষণীয়া।
২৩. Questionable Cause (সন্দেহজনক কাৰণ): কেতিয়াবা দুটা ঘটনা একেসময়তে ঘটিলেও এট আনটোৰ কাৰণ নহ’বও পাৰে। যেনে, এই নতুন দানাখিনি খুউওৱাৰ পৰা গাখীৰ বেছিকৈ দিয়া হৈছে। কিন্তু নতুন দানাখিনিৰ লগতে কিজানি পাৰিপাশ্বৰ্কিত আন কিবা সাক-সলনি হোৱাৰ বাবে বেছিকৈ গাখীৰ দিব পাৰে।
২৪. Red Herring (Wild Geese Chase শিয়াল খেদা!): যুক্তি তৰ্কৰ মাজতে অপ্ৰাসংগিক কথাৰ অৱতাৰণা কৰি মূল বিষয়ক পিছ পেলাই দিয়া। যেনে, ৰঙা চাহ খোৱা ভাল নে গাখীৰ দিয়া চাহ খোৱা ভাল এই বিতৰ্কখন কোনোবাই সুমুৱাই দিলে, ‘অসমৰ চাহ ভাল নহয়, দাৰ্জিলিঙৰ চাহৰ সোৱাদ বেছি’- ইয়াৰ পাছত তৰ্কখন দাৰ্জিলিঙৰ চাহ ভাল নে অসমৰ, তৰ্কটো সেই বিষয়লৈ গুচি গ’ল।
২৫. Relativist Fallacy (Subjective fallacy মোৰ কাৰণে নহয়): কেতিয়াবা বক্তাই সামগ্ৰিক ভাৱে কথা এটা মানি লৈও নিজৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় বুলি মানি নলয়। যেনে, ভিটামিন টেবলেট খোৱাতকৈ সদায় শাৰীৰিক পৰিশ্ৰম কৰাটো স্বাস্থ্যৰ পক্ষে ভাল, কিন্তু মোৰ হাতত সময় নাই। সেয়ে মই পৰিশ্ৰম নকৰোঁ, ভিটামিন ঔষ্ধকে খাম।
২৬. Slippery Slope (পিছল গতি): কেতিয়াবা বক্তাই ইটো হ’লে সিটো হ’ব বুলি কোনো যুক্তি অবিহনেই ধৰি লয়, আৰু তাৰ আধাৰতে সিদ্ধান্ত লয়। যেনে, অসমত বহিৰাগত যদি এনেকৈ আহি থাকে, এদিন তেওঁলোকে আমাক মাৰি খেদি নিজেই ইয়াত নিগাজী হৈ বহিব। ইয়াত মাৰি-কাটি-খেদিবোৰ বক্তাই নিজে যোদ দি গৈছে। বহিৰাগত আহিলে মাৰিব-কাটিব বুলি আগতীয়া কোনো তথ্য নাই।
২৭. Special Pleading (বিশেষাধিকাৰ লাভ): কিছুমান ক্ষেত্ৰতে বক্তাই নিজকে এটা বিশেষ শ্ৰেণীত ৰাখি সামগ্ৰিক ভাৱে মানি লোৱা কথা এটাৰ বিৰোধিতা কৰিব পাৰে। যেনে, মই এজন মন্ত্ৰী তেওঁ চবৰে সমান অধিকাৰৰ কথাই কয়, কিন্তু তেওঁৰ বাবে এক বিশেষ সুবিধা যে কাম-কাজবোৰ খৰটকীয়াকৈ হ’ব লাগে বাবে ৰাজপথত ট্ৰেফিক বন্ধ কৰি হ’লেও যাবলৈ দিয়ে। কিন্তু সদাসয় শুদ্ধ নহয় শুদ্ধ নহয়, অগুৰুত্বপূৰ্ণ কাম-কাজৰ বাবে মন্ত্ৰীক ট্ৰেফিক ৰখাই আগবাঢ়ি যাবলৈ সুবিধা দিয়া হোৱা নাই।
২৮. Spotlight () এটা গোট-ৰ সকলোৱেই একে মনোবৃত্তিৰ বুলি ভাৱি ৰখা। যেনে, শ্ৰীমতী অমুক এগৰাকী নাৰীবাদী, কিন্তু তেওঁৰ মতে নাৰীয়ে বাহিৰা চব কাম-কাজ কৰিব পাৰিলেও ঘৰত নিজে ভাত ৰান্ধি পৰিয়ালক খুৱাব লাগে। তেওঁৰ বন্ধধসকলৰ মতে তেওঁ নাৰীবাদীয়েই নহয়, হ’লে সেইটো নক’লেহেঁতেন।
২৯. Straw Man (পথাৰত আৰি দিয়া চং): কেতিয়াবা এজন বক্তাৰ কথাৰ বেলেগ অৰ্থ উলিয়াই, বা তেখেতে দিয়া তথ্যৰ সৰু ভুল এটাকে বিপৰীত বক্তাই খামুচি ধৰি থাকি, মূল বক্তাৰ কথাখিনি অপ্ৰাসাংগিক বা ভুল বুলি ক’ব খোজে। যেনে, কথাৰ মাজতে কোনোবাই ক’লে অসমৰ সামূহিক ঐক্যৰ বাবে আমি বেজবৰুৱাৰ ‘অ’ মোৰ আপোনাৰ দেশ’-ৰ ঠাইত সকলো জনগোষ্ঠীৰে ভাষা ব্যৱহাৰ কৰি এটা নতুন জাতীয় সংগীত ল’ব লাগে। সামূহীক মিলা-প্ৰীতিৰ বাবে তেখেতে আগবঢ়োৱা যুক্তি উপেক্ষা কৰি তেখেতে কিয় বেজবৰুৱাৰ আদৰ্শ নস্যাৎ কৰিব বিচাৰিছে, সেইটো লৈ বিপৰীত দল ব্যস্ত হৈ পৰিল।
৩০. Two Wrongs Make a Right (দুটা ভুলক শুদ্ধ বুলি দেখুওৱা), কেতিয়াবা নিজৰ ভুলটোকে আনজনে কৰিব বুলি ধৰি লৈ নিজে ভুল কৰি নিজকে শুদ্ধ বুলি ভাবি লয়। যেনে, ক আৰু খ-ৰ কাজিয়া লাগিল। এদিন খ-ৰ ঘৰৰ আগেৰে আহোঁতে খ-ই নিজৰ বন্ধুৰ লগ হৈ ক-ক পিটি দিলে। কাৰণ তাৰ মতে, ক-য়ো তাক সিহঁতৰ চুবুৰিত পালে পিটিলেহেঁতেন।
যৌক্তিক ভ্ৰান্তিৰ বিৱৰণ ইয়াতে শেষ হ’ল। এতিয়া অকব-ৰ ক’ত কিমান এই ভুলবোৰ দেখা পায়, বিচাৰি থাকক!!
Val lagil.udaharan bor khub sundar hoise.