যৌনব্যাধিৰ পৰা সতৰ্কীকৰণ (ডা০ ভূপেন শইকীয়া)
যৌনব্যাধিৰ পৰা সতৰ্কীকৰণ
কিছুমান নিৰ্দিষ্ট বেক্টেৰিয়া,ভাইৰাচ বা পেৰাচাইটৰ সংক্ৰমণৰ দ্বাৰা আক্ৰান্ত হৈ এজন পুৰুষ বা মহিলাৰ দেহত যৌনব্যাধিয়ে প্ৰবেশ কৰিব পাৰে৷ সাধাৰণতে অসুৰক্ষিত যৌন সম্পৰ্কৰ বাবেই যৌনব্যাধি বিয়পে যদিও যৌনক্ৰিয়া নোহোৱাকৈয়ো এনে ৰোগ বিয়পাৰ উদাহৰণ হ’ল ৰুগ্ন মাতৃৰ পৰা প্ৰসৱৰ সময়ত সন্তানলৈ ৰোগ বিয়পা৷ ভালদৰে পৰীক্ষা নকৰাকৈ কৰা ৰক্তদানৰ দ্বাৰা, ৰুগ্ন ব্যক্তিয়ে ব্যৱহাৰ কৰা চিৰিঞ্জ বা সা-সঁজুলিৰ দ্বাৰা৷ কুৰিবিধৰো অধিক ৰোগ এই যৌনব্যাধিৰ তালিকাত পৰে৷ তাৰে উল্লেখযোগ্য কিছুমানৰ বিষয়ে চমু আলোচনা এই লিখনিৰ যোগেদি আগবঢ়াম৷
যৌনব্যাধিসমূহৰ সাধাৰণ লক্ষণ কিছুমান হ’ল – প্ৰস্ৰাৱ কৰাত কষ্ট পোৱা, পুৰুষ বা নাৰীৰ জননেন্দ্ৰিয়েই দি জুলীয়া পদাৰ্থ নিৰ্গত হোৱা, জননাংগত ঘা-পানীজ্বলা- ফোঁহা-আচিনাই আদি হোৱা, পেটৰ বিষ, নাৰীৰ যৌনাংগৰ বিষ, পুৰুষৰ অণ্ডকোষৰ বিষ, জ্বৰ-বিষ-শাৰীৰিক দুৰ্বলতা হোৱা, গাঙঠি উঠা, সংগমকালত বিষ আদি৷ আকৌ যৌনব্যাধিৰ ফলত নাৰীৰ সন্তানহীনতা, গৰ্ভপাত, সময় পূৰ্ব প্ৰসৱ, অসুস্থ শিশুৰ প্ৰসৱ আদি বিসংগতিয়ে দেখা দিব পাৰে৷ যৌনব্যাধিয়ে এজন ব্যক্তিৰ ইমিউন চিষ্টেমক বহু পৰিমানে দুৰ্বল কৰি তোলে৷ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস হোৱাৰ ফলত আন জটিলৰোগত অনায়াসে আক্ৰান্ত হোৱাৰ সম্ভাৱনা প্ৰবলহৈ পৰে৷ আৰু কেইটিমান লাগতিয়াল কথা- কণ্ডোমে বহু পৰিমানে যৌন ব্যাধিৰ পৰা ব্যৱহাৰ কৰোতাক সুৰক্ষা আগবঢ়ায়৷ কিন্তু কণ্ডোম ব্যৱহাৰ কৰি সংগমত লিপ্ত হ’লেই এশ শতাংশ নিৰাপদ বুলি ভবাটো ভুল৷ কিয়নো ৰোগৰ বীজাণুৰ বাহক জননেন্দ্ৰিয়ৰ ৰসৰ ওপৰিও লেলাৱতি, থুই, তেজ, বীৰ্য, মল-মূত্ৰ আদিও হ’ব পাৰে৷ গতিকে চুম্বন, ঘৰ্ষণ, আন নানা ধৰণৰ সংস্পৰ্শও বিপদজনক হ’ব পাৰে৷ অধিক বিপদজনক লোকৰ শ্ৰেণীত পৰে বহুগামী পুৰুষ বা মহিলা৷ আকৌ একাধিক চেক্স পাৰ্টনাৰ যি দৰে বিপদজনক একেদৰে অচিনাকী ব্যক্তিৰ সৈতে কেজুৱেল চেক্সো মুঠেই বিপদমুক্ত নহয়৷ বহু ক্ষেত্ৰত ৰোগাক্ৰান্ত ব্যক্তিৰ দেহত ৰোগৰ লক্ষণসমূহ সুপ্ত বা অস্পষ্ট হৈ থাকে৷ চাকৰিৰ বাবে মেডিকেল পৰীক্ষা, ৰেচিডেন্ট ভিছা সংক্ৰান্ত কাৰণত তেজ-প্ৰসাৱ পৰীক্ষা কৰোতেহে যৌনব্যাধিত আক্ৰান্ত হোৱাটো ধৰা পৰে৷ সকলোবোৰ যৌনব্যাধি চিকিৎসাৰ দ্বাৰা নিৰ্মূল কৰা সম্ভৱপৰ নহয়৷ একেজন ব্যক্তিয়েই একেসময়তে একাধিক যৌনব্যাধিত আক্ৰান্ত হোৱাও দেখা যায়৷ এইটো সত্যযে উন্নতমানৰ এন্টিবায়’টিকৰ সফল প্ৰয়োগৰ দ্বাৰা চিফিলিচৰ দৰে যৌনৰোগক জটিল পৰ্যায় নৌপাওঁতেই নিৰাময় কৰিব পৰা গৈছে৷ তথাপিও আজিৰ দিনৰ উন্নত চিকিৎসাৰ দ্বাৰা এইচ আই ভি, হেপাটাইটিচ- বি আৰু চি আদি যৌনৰোগত ভোগা ব্যক্তিৰ আয়ুস দীঘলীয়া কৰিব পাৰিলেও এশ শতাংশ ৰোগমুক্ত কৰাটো সম্ভৱপৰ হৈ উঠা নাই৷ এটা কথা পৰিষ্কাৰ কৰা ভাল –আজিৰ আধুনিক লাইফ ষ্টাইলে বা জীৱন ধাৰণৰ শৈলীয়ে লিভিং টুগেদাৰ, সমকামিতা, গে, লেচবিয়ান আদিক যিমানে সহজভাবে নলওক কিয়, যিমান স্বীকৃতি নিদিয়ক কিয় সকলো ধৰণৰ যৌনব্যাধিৰ দ্বাৰা এই শ্ৰেণীৰ লোক সহজে আক্ৰান্ত হয়৷ অপ্ৰাকৃতিক মৈথুন যেনে গুহ্যদ্বাৰত সম্ভোগ স্বাস্থ্যদিশৰ পৰা মুঠেই নিৰাপদ নহয়৷
এতিয়া চমুকৈ কেইবিধমান যৌনৰোগৰ বিষয়ে দুআষাৰ লিখিম ৷
এইচ আই ভি বা এইডচ- ভাইৰাচে কৰা এইবিধ সবাতকৈ বিপদজনক যৌনৰোগৰ পূৰ্ণ নিৰাময় আজিৰ তাৰিখলৈ সম্ভৱপৰ হৈ উঠা নাই৷ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সাংঘাটিকভাবে কমি যোৱাৰ ফলত ৰোগৰ সমষ্টিয়ে আক্ৰান্তক জৰাজীৰ্ণ কৰি তোলে৷ মাতৃৰ পৰা গৰ্ভস্থ সন্তান ৰোগাক্ৰান্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা ইয়াত থাকে৷
গনোৰিয়া – নাইচেৰিয়া গনোৰিয়াই নামৰ বেক্টেৰিয়াই কৰা এই ৰোগৰ আন পাৰ্শ্বক্ৰিয়া হ’ল -গাঁঠিৰ বিষ,চকুৰ অসুখ, পেলভিক ইনফ্লেমেটৰি ডিজিজ,সন্তানহীনতা৷ মাতৃৰ পৰা গৰ্ভস্থ সন্তানো ৰোগাক্ৰান্ত হোৱাৰ সম্ভাৱনা ইয়াতো থাকে৷
ক্লেমিডিয়া – ক্লেমিডিয়া ট্ৰাইকোমেটিচ বেক্টিৰিয়াই এই ৰোগ কৰিলে পুৰুষৰ অণ্ডকোষত বিষ, মহিলাৰ সংগমকালত বিষ, জননেন্দ্ৰিয়ৰ প্ৰদাহ,জ্বৰ আদি লক্ষণে দেখা দিয়ে৷
জেনাইটেল হাৰপিজ – এইচ এচ ভি-১ আৰু এইচ এচ ভি-২ ভাইৰাচে কৰা এই ৰোগৰ বিষয়ে অকবৰ পাতত প্ৰকাশিত মোৰ নিবন্ধ সাহিত্য ডটঅৰ্গৰ পূৰণি সংখ্যাত আগ্ৰহী পাঠকে পঢ়িব পাৰে৷ নাৰ্ভত এই ৰোগ বছৰৰ পিছত বছৰ ধৰি লুকাই থাকি সময়ে সময়ে অশান্তি দি থাকিব পাৰে৷
হাৰপিজ পেপিলমা ভাইৰাচ – অন্তত: ৪০বিধ ভাইৰাচৰ প্ৰজাতিয়ে জননেন্দ্ৰিয়ত আঁচিনাই উৎপন্ন কৰিব পাৰে৷
চিফিলিচ- ট্ৰেপানমা পেলাইডাম নামৰ বেক্টেৰিয়াই কৰা এই ৰোগত জননেন্দ্ৰিয়ত ঘা হয়৷ চিকিৎসা নকৰিলে মস্তিস্ক, হৃদয়প্ৰণালী আদিত গুৰুতৰ বিসংগতি কৰিব পাৰে৷
ভাইৰেল হেপাটাইটিচ -বি,চি আদিও যৌনব্যাধিৰ তালিকাত পৰে৷ আনহাতে হেপাটাইটিচ-এ ৰোগো যৌনক্ৰিয়াৰ দ্বাৰা সোঁচৰিব পাৰে৷
ট্ৰাইক’মনিয়াচিচ- ট্ৰাইক’মনিয়াচিচ ভেজাইনেলিচ নামৰ এককোষী পৰাশ্ৰয়ী প্ৰটোযোৱাৰ দ্বাৰা বিয়পা এই ৰোগত সঘনাই কষ্টপ্ৰদ প্ৰসাৱ হয়৷ ৰোগ নিৰাময়ৰ বাবে দুয়োজন চেক্স পাৰ্টনাৰক একেলগে চিকিৎসা দিয়াটো বাঞ্চনীয়৷
বেক্টেৰিয়েল ভেজাইনচিচ-কিছুমান মহিলাৰ দেখাত গাখীৰৰ দৰে, কিন্তু দূৰ্গন্ধময় প্ৰদাহৰ কাৰণ এইবিধ যৌনৰোগ হব পাৰে৷ সচৰাচৰ বহুজন পুৰুষৰ লগত সংগম কৰা তিৰোতাৰ এই ৰোগ হব পাৰে যাৰ ফলত ফেলপিয়ান টিউব ব্লকহৈ বন্ধ্যাত্বও হব পাৰে৷
সামৰণিত মোৰ ক’বলগীয়া ইমানেই যে সময়ৰৰ নাটনিৰ বাবে এইলিখনিৰ মাধ্যমেৰে যৌনৰোগসমূহৰ এক চমু আভাসহে ইয়াত ডাঙি ধৰাৰ প্ৰয়াস কৰা হ’ল- ঠিক চিনেমাৰ ট্ৰেইলাৰৰ দৰে-যাতে দীঘলীয়া মূল চিনেমাখনৰ পাঠকে কল্পনা এটি কৰি ল’ব পাৰে৷