লাইলা ( -অঞ্জন কুমাৰ শৰ্ম্মা )

খ্ৰীষ্টানবষ্টিৰ ওচৰত জি এছ ৰোডৰ দাঁতিতে গাড়ীখন ৰখাই ফুটপাথেদি পাৰ হৈ যাওঁতেই অমৰৰ চকু পৰিল লগৰ ল’ৰা কেইটামানৰ লগত আড্ডা মাৰি থকা ষোল্ল সোতৰ বছৰমান বয়সৰ ছোৱালী এজনীলৈ৷ জিনচ্ ক’লা টি চাৰ্ট পৰিহিত ছোৱালীজনীয়ে পকেটৰ পৰা কিং চাইজ চিগাৰেটৰ পেকেট এটা উলিয়াই তাৰে এটা মুখত গুঁজি লৈ লগৰ ল’ৰা এটাক লাইটাৰ বিচাৰিলে৷ কটককে শব্দ এটা কৰি ল’ৰাটোৱেই এইবাৰ ছোৱালীজনীৰ মুখৰ চিগাৰেটত অগ্নি-সংযোগ কৰিলে আৰু লাইটাৰৰ বাবদ চিগাৰেটটোৰ ‘লাষ্ট কিচ্’কেইটামান বিচাৰিলে৷ ‘হৈ যাব বে’ বুলি কৈ সিহঁত আকৌ আড্ডাত ব্যস্ত হৈ পৰিল৷ পৰিৱেশটো বৰ ইণ্টাৰেষ্টিং যেন পাই, আৰুণো ইহঁতৰ কি আড্ডা চলে অমৰৰ অকণমান শুনিবলৈ ম’ন গ’ল৷ অনিচ্ছাস্বত্ত্বেও ওচৰৰ ফুচকা বেপাৰী এটাৰ ওচৰতে ৰৈ কাগজৰ প্লেট এখন হাতত লৈ সিহঁতৰ ফালে কাণখন দি ফুচকাৰ বাবে হাত পাতি ৰৈ থাকিল অমৰ৷ ইতিমধ্যে কেইবাটাও ফুচকা গো গ্ৰাসে গিলি পেলালে সি, ইফালে আড্ডাও জমি উঠিছে৷ এটায়ে কলে …’কালি চাল্লা লাইলাৰ বাৰ্থ ডে পাৰ্টি মষ্টি লাগিল৷ এইৰ পাপা মাম্মী বহুত ফ্ৰী বে৷

smoke
মই আণ্টিক মোৰ ক’ল্ড ড্ৰিংক গ্লাছটোত পেগ এটা বিচাৰোতে ইজিলি আনি দিলে৷ ’ এনেতে আন এটাই ক’বলৈ ধৰিলে ..’ তই চাল্লা টিউব লাইট কেতিয়াও এল ই ডি নবনিবি৷ আমিটো লাইলাৰ ৰূমত ফিটিং হৈ গ’লোঁ৷ আমাৰ বাবে তাই স্কুলৰ ওৱাটাৰ বটলত ৰেডি কৰি থৈছিল…উইথ চিকেন ৰল৷ গুৱাহাটীলৈ চাকৰিৰ সূত্ৰে অহা বেছি দিন হোৱা নাই অমৰৰ৷ চিনেমা কিছুমানত এনে দৃশ্য দেখিছে যদিও আজি তাৰ লাইভ দেখাৰ সৌভাগ্য ঘটিল৷ তাৰ বুজিবলৈ বাকী নাথাকিল যে আড্ডাটোৰ মাজত ৰৈ চিগাৰেটৰ ধোঁৱাৰ ৰিং পকাই থকা ছোৱালীজনীৰ নাম লাইলা৷ তাই পিন্ধিব লগা কাণফুলি নাক ফুলিবোৰ তাইৰ লগৰ লৰা কেইটাই পিন্ধিছে৷ লাইলাৰ চুলি চুটি কিন্তু লগৰ বন্ধু দুটামানৰ তাইতকৈ দীঘল৷ এইবাৰ অমৰৰ পঢ়ি থকা দিনৰে হোষ্টেলটোলৈ মনত পৰিল৷ লগৰ
বন্ধুবোৰৰ লগত পৰি সেইসময়ত সি চাৰমিনাৰ, কেপষ্টান, পানামা হৰেক কিচিমৰ চিগাৰেটৰ জুতি লোৱা মনত পৰিল৷ স্ক’লাৰচিপ পোৱাৰ পাছত পৰিশোধনৰ ব্যৱস্থা থকা দামী চিগাৰেটবোৰৰ
জুতি লবলৈ পাইছিল সিহঁতে৷ পিছলৈ বিয়া-বাৰু কৰি চাকৰি কৰাৰ পাছত টি ভি কাকত আলোচনীৰ লগতে মানুহজনীৰ পৰা পোৱা প্ৰবল বাধাত অবাধ্য নহৈ এদিন হঠাতে সি এই বদ অভ্যাসটো এৰি পেলালে৷ আজি জানো তাৰ কি হ’ল …দামী লাইটাৰৰ পোহৰত ছোৱালীজনীৰ অভিজাত ওঁঠত জিলিকি উঠা চিগাৰেটটো দেখি তাৰো এটা খাবলৈ মন গ’ল… সম্পূৰ্ণ ৰাজকীয় ষ্টাইলত৷ ওচৰৰ পাণ দোকানীজনক অমৰে তাৰ দোকানত থকা সবতকৈ দামী চিগাৰেট এটা বিচাৰি খমখমীয়া বিশটকা এটা পকেটৰ পৰা উলিয়াই দিলে ৷ তেৰটকামান কাটি চিগাৰেট এটা আৰু খুচুৰা পইচা নথকাত মৰটন দুটামানকে দোকানীজনে বৈয়াম এটাৰ পৰা উলিয়াই অমৰৰ হাতত গুঁজি দিলে৷ এইবাৰ সি লাইটাৰটো হাতত লৈ চিগাৰেটটো জ্বলোৱাৰ চেষ্টা চলালে৷ কটক, কটক, কটক, কটক ….“দাদা লাইটাৰটোৰ গেছ খটম ..আপুনি এই জুইশলাটো লওক “ …মষ্টিকৈ বহুদিনৰ মূৰত চিগাৰেট এটা খাম বুলি ভাবিছিলোঁ ….তহঁতে চাল্লা ভাল লাইটাৰ এটাও ৰাখিব নোৱাৰ’ …অমৰে খঙতে চিগাৰেটটো মোহাৰি দলিয়াই, মৰটন এটাকে ফৰককৈ ফালি মুখত ভৰাই, বাকীকেইটা তাৰ মৰমৰ ছোৱালীজনীলৈ বুলি পকেটত ভৰাই কিতাপৰ দোকান এখনলৈ বুলি খোজ ল’লে৷
***

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!