লাজকুৰীয়া ছোৱালীজনী লৈ (জ্যোতি পি চি শইকীয়া)
লাজকুৰীয়া ছোৱালীজনী লৈ
নখে মাটি লিখা ছোৱালীজনী !
আকাশলৈ নেচাবি
পিলিঙা ডাৱৰে চুপতি মাৰিব ।।
নিয়ৰৰ ফুল অঁকা মেখেলাৰে
ঢাকি ল’ ঢাকি ল’
ভৰিৰ সৰু গাঁঠি ।।
উখল-মাখল বুকুত
তোৰ আবিয়ৈ হেঁপাহৰ লাজ
বাঢ়ি যাওঁক সাগৰৰ দৰে ।।
চৌপাশৰ চাৱনি বোৰতো
ওলমি ওলমি থাকে
কপটতা-অশ্লীলতা ।।
চাই চাই বুলিবি বাট
অ’ লাজুকী ছোৱালী জনী…..।।