লালন ফকীৰৰ গীত — মুনীন্দ্ৰ মহন্ত

চিনাকী বামুণৰ লগুণ নাচায়
চিনাকী মোল্লাৰ ছুন্নত বিচাৰ্য নহয়
অচিনাকী বামুণীৰ
মোল্লাৰ বিবীৰ চিন বা কি

কাৰ স্ত্ৰী
কোন জাত

ওৰণি লোৱাজনী
ওৰণি – সেন্দুৰ
বোৰ্খাহীন গৰাকী

কাৰ স্ত্ৰী
কোন জাত

লালনে কয়
গাঁতত থাকিলে নাদ’ৰ পানী
গঙ্গাত থাকিলে গঙ্গাৰ পানী

পানী হ’ল
উদাৰতাৰ বিৰাট হিমালয়
কঠিনতাৰ তূষাৰ বলয়

পানী যেনে
নাৰী তেনে

মহাসাগৰৰ নে সাগৰৰ
নদীৰ নে পুখুৰীৰ
নলাৰ নে নাদ’ৰ পানী
গাঁতত থাকিলেই বিচাৰ হয়

মহাসাগৰত নাথাকে নাৰীৰ জাত

মহাসাগৰৰ নাৰী
পৱিত্ৰ পানী
মানুহৰ গান

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!