লিখিব পৰা হ'লে……… (ধ্রুৱজ্যোতি শর্মা)

লিখিব পৰা হলে………
ধ্রুৱজ্যোতি শর্মা
লিখিব পৰা হ’লে
লিখি গ’লোঁহেঁতেন যাত্রাৰ বৈচিত্রতাৰ কথা
ক’ব পৰা হ’লে
কৈ গ’লোঁহেঁতেন বুকুৰ অনুচ্চ হেঁপাহবোৰৰ কথা
নিজম পৃথিবীত আঁকিব পৰাহ’লে
আঁকি গ’লোহেঁতেন বুকুৰ মেঘচন্নতা
এপল পোহৰ বিচৰা
পদাতিক অক্লান্ত হিয়া
কোন দিশে এই যাত্রা
পোহৰ নে বিচ্ছিন্নতা…
লিখিব পৰা হ’লে
লিখি গ’লোঁহেঁতেন অভিযাত্রীসকলৰ নাম
সুৰৰ ঢৌত উর্মিমিত
কণমানি মণিকোঠা
বিলীন আজি নির্লিপ্ততাত
কোন পথে এই যাত্রা
বিষণ্ণতা নে অবহেলা…
ক’ব পৰা হ’লে
কৈ গ’লোঁহেঁতেন বিষাদজর্জৰ আত্মাৰ কথা
আঁকিব পৰা হ’লে
আঁকি গ’লোঁহেঁতেন উবুৰি খাই পৰা আমাৰ ঐতিহ্যৰ কথা
গাব পৰা হ’লে গালোঁহেঁতেন এটি গান
দুখৰ পখিয়ে সাহস বিচাৰি গোৱা আর্তনাদৰ গান……।।
—————————————

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!