লিমাৰিক — প্ৰাণজিৎ বৰুৱা
লিমাৰিক
✍প্ৰাণজিৎ বৰুৱা
(১)
ভাত খাবলৈ মন নাই যিদিনাই হ’ল এঞ্জেল আৰু প্ৰিঞ্চেচ ,
চাওমিন ম’ম’ নাপালেই ধৰে মম এন্দ দেদৰ ওচৰত পেছ ,
লোভত পৰি জিভাৰ,
বেয়া কৰাই লিভাৰ,
ফেচবুকত ষ্টেটাচ দিয়ে ফিলিং চেদ এম চাফাৰিং ফ্ৰম অভাৰগেছ ।
(২)
ধুনীয়া প্ৰফাইল পিকচাৰ দেখি মেচেজত দিলো তাইক মাত,
লগালগ ৰিপ্লাই পাই পৰিলেই নহয় কলিজা খন শাঁত ,
কথা পাতি ভাল পাই ,
থাকোঁতেই চেনি খাই,
পত্নীয়ে আহি দেখি একে ঘোঁচাই ভাঙি দিলে অ’ মোৰ দাঁত ।
(৩)
আজিকালি ফেচবুকৰ টাইম লাইন থাকে মুখজোঙা চেলফিৰে ভৰি,
যেন পৃথিৱীতহে গোট খালেহি আটাইবোৰ স্বৰ্গৰ পৰী অপেস্বৰী ,
দিওঁ যদিও লাইক ,
কোনে বুজাব তাইক,
ফটোশ্বপ বোৰ অহাৰ পৰাই যে বান্দৰী বোৰো হৈ পৰিল সুন্দৰী ।