লিমাৰিক (-প্ৰাণজিৎ বৰুৱা)

limarik
 
(১)
মহিলা সন্থাৰ প্ৰিয় কামত নিদিব যে আমনি
জি টিভি, ষ্টাৰ প্লাছৰ পিছত আহিল ৰং, ৰেঙণি
বোৱাৰী জীয়ৰী শাহুআই
সকলোকে আৰু কোনে পাই
ৰিম’ট খুজি নবহাব দেহাত হেঁতাৰ কোবৰ চামনি।
 
(২)
ফেচবুকৰ ল’ৰাবোৰ কিন্তু বিৰাটেই চেনি
একে সময়তে চাটিং কৰে উইথ চাৰি-পাঁচজনী
প্ৰথমে জনাব হেল্ল-হাই
শেষত সুধিব কোনোবা আছেনে নাই
নাই বুলি জানিলেই চলিব অবিৰাম এই চেনিৰামী প্ৰেম কাহিনী।
 
(৩)
অসমত এতিয়া অসমীয়া ভাষাৰ গতি পুতৌজনক
ইংৰাজী মাধ্যমত সন্তানক পঢ়োৱাতেহে যে সন্মানজনক
কথাই প্ৰতি আহে চ’
বাতৰিতো বিগ ব্ৰেকিংৰ শ্ব’
সকলোৱেই যেন আদৰিছে আংকল-আন্টি কৈ স্মাৰ্ট হোৱাৰ নতুন ফেশ্যনক।
 
(৪)
ফেচবুকৰ ছোৱালীবোৰো যে নহয় ধোৱা তুলসীৰ পাত
ধনী ধুনীয়া ডেকা দেখিলেহে দিয়ে মিঠা মাত
কেইজন প্ৰেমিক জনা নাযায়
মিচকলেৰেহে কাম চলায়
তিনিজনমানক নঠগালৈকে হেনো কলিজাখন নপৰেই বোলে শাঁত।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!