লিমাৰিক-ইন্দিমা বৰুৱা
১/
চ’তে গৈয়ে গৈয়ে বহাগী আহিলে ফুলিলে ভেবেলী লতা,
চাই চাইহে আমি বিহু মাৰো যিয়ে দিয়ে টকাৰে ওপচাই বঁটা৷
জীনচৰ ওপৰতে বান্ধি লৈ টঙালি
মোবাইলত বজাই লৈ বিহুগীত ৰঙালী
হুঁচৰি গাবলৈ ওলাই অ’ আহিছো নিদিব আমাকে ঐ গতা।।
২/
বিহুটি আহিছে বুলি গম পালো টিভিৰ যহত,
বিহুৱান, পিঠা, জলপান বনামনো কিহৰ দুখত৷
বিহু বুলি পিঠা- পনা বজাৰতে পাবা
বিহু সন্মিলনত গায়কৰ হিন্দী গান চাবা
অসমীয়াৰ সংস্কৃতি কাললৈ থাকিব কেৱল কিতাপৰ পাতত।।
৩/
ৰমাকান্ত ঠিকাদাৰৰ ইলেক্চন খেলাৰ মন,
এবছৰতে গোটাব হেনো বিপুল পৰিমাণে ধন৷
জনতাক আভুৱা ভাৰি
ভাষণৰ মাৰিব ফুলজাৰি
দহ ঠাইত মাটি- ভেটি কৰাই তেওঁৰ এতিয়া পণ।।
৪/
জোৰ জুলুম কৰি হ’লেও তুলিবই বিহুৰ চান্দা,
আহাৰলৈকে বিহু সন্মিলন পাতে নহলে বজাৰ হয় মন্দা৷
ৰাখিবই লাগিব নিজৰ সন্মিলনৰ মান
‘ৰেপ’ গায়ক আনি গোৱাম হিন্দী গান
সৰ্ব সাধাৰণৰ মাজত জনপ্ৰিয় সিহঁত চহৰৰ গুণ্ডা।।
৫ /
লৈছো এইবাৰ টঙালি বান্ধি খেলিমেই ৰাজনীতি,
শ্লোগান ‘ৰেডী’য়েই আছে ‘জাতি মাটি ভেঁটি’৷
কথা ক’ম জুখি মাখি
বিবেক বন্ধকত ৰাখি
ভাবিবলৈ নাই মোৰ অসমীয়াৰ পৰিণতি৷।