লেচেৰি বোটলা (নিপন নিয়ৰ শেনচোৱা)
(১)
এদিন মনোবিজ্ঞানৰ শিক্ষক এজনে মানসিক চাপৰ বিষয়ে শ্ৰেণীকোঠাত পাঠদান কৰি আছিল। গোটেই কোঠাটোত পায়চাৰি কৰি পঢ়াই থাকোঁতে তেওঁ এবাৰ হঠাৎ মেজৰ পৰা পানীৰ পিয়লাটো তুলি ললে। সকলোৱে ভাবিলে তেওঁ সুধিব- ‘পিয়লাটো আধা খালী নে আধা ভৰ্তি?’ সকলোৱে নিজৰ নিজৰ মতে উত্তৰো ভাবি ললে।
কিন্তু স্মৃত হাঁহি মাৰি তেওঁ সুধিলে: এই পানীৰ পিয়লাটো কিমান গধুৰ ?
সকলোৰে উত্তৰবোৰ ১০০ গ্ৰামৰ, ১২০ গ্ৰাম, ২০০ গ্ৰাম…. ৩৫০ গ্ৰাম ইত্যাদি ইত্যাদি আছিল।
শিক্ষক জনে ক’লে: আচলতে প্ৰকৃত ওজনটোৰ কোনো মানে নাই। ই সম্পূৰ্ণ নিৰ্ভৰ কৰে কিমান সময় মই এইটো লৈ আছো তাৰ ওপৰত। যদি মই এইটো এক মিনিটৰ বাবে লৈ আছোঁ, তেন্তে ই একেবাৰে পাতল। যদি মই ইয়াক এক ঘণ্টাৰ বাবে লৈ থাকোঁ, তেন্তে ই মোৰ বাবে যথেষ্ট গধুৰ আৰু ই মোৰ বাহুৰ বিষৰ কাৰণ হ’ব পাৰে। যদি মই পুৰা এটা দিনৰ বাবে লৈ থাকো তেন্তে ই মোৰ বাবে এটা দাঙিব নোৱাৰা বোজা হৈ পৰিব আৰু মোক একাঙী(paralysed) কৰি পেলাব। প্ৰত্যেক ক্ষেত্ৰতে কিন্তু গিলাচটোৰ ওজন বা ভৰ একেই আছে, কিন্তু যিমানেই বেছি দেৰী মই ইয়াক হাতত লৈ আছোঁ সিমানেই সি মোৰ বাবে গধুৰ হৈ গৈ আছে।
ক্ষন্তেক ৰৈ তেখেতে পুনৰ ক’লে: জীৱনৰ সমস্যা আৰু মানসিক চাপো ঠিক এই পানীৰ গিলাচটোৰ দৰেই। অলপ সময় তুমি সমস্যা বা চাপত পৰিছা, একো নাই। তাৰ বিষয়ে অলপ দীঘলীয়া চিন্তাত পৰিলে সি তোমাক কষ্ট দিবলৈ আৰম্ভ কৰিব। আৰু যদি তুমি গোটেই দিনটো সেই চাপত কটোৱা, তেন্তে সি তোমাক আন একো কৰিব নোৱাৰাকৈ একাঙী কৰি পেলাব। মানসিক চাপক লগে লগে নিস্কাসল কৰাটো অত্যন্ত জৰুৰী। যিমান সোনকালে পাৰি নিজৰ বোজা কমাব লাগে। কেতিয়াও তাক গধূলিলৈকে বা ৰাতিৰ বিচনালে লৈ নানিবা। পানীৰ পিয়লাটো নমাই থবলৈ সদায় মনত ৰাখিবা।
(২)
অন্য এদিন দৰ্শনৰ শিক্ষক এজনে হাতত এগালমান কিবা কিবি বস্তু লৈ শ্ৰেণীকোঠাত প্ৰবেশ কৰিলে। তেওঁ বস্তুবোৰ মেজত থলে আৰু উত্সুকতাৰে ভৰা ল’ৰা-ছোৱালীমখাৰ মুখলৈ চালে। সকলোৱে তেওঁৰ ফালে ভেবা লাগি চাই আছে। অলপ সময় সিহঁতৰ ফালে চাই থাকি তেওঁ একো নোকোৱাকৈয়ে মেজৰ ওপৰত থকা ডাঙৰ খালি কাচৰ পাত্ৰটো তুলি ল’লে। তাৰ পাছত তেওঁ মেজৰ পৰা দুই ইঞ্চি ব্যাসাৰ্ধৰ শিলবোৰ পাত্ৰটোৰত ভৰাবলৈ ল’লে।
সকলোৰে সন্মুখত পাত্ৰটো দাঙি ধৰি তেওঁ ক’লে : পাত্ৰটো ভৰ্তিনে খালি?
সকলোৱে একেমুখে চিঞৰি উঠিল: ভৰ্তি।
এইবাৰ শিক্ষকজনে মেজৰ পৰা সৰু সৰু পাথৰ লৈ পাত্ৰটোত ভৰাবলৈ লাগিল। তেওঁ অলপ জোকাৰি দিয়াত সৰু সৰু পাথৰবোৰ পাত্ৰটোত জৰ জৰকৈ সোমাই গ’ল। পাত্ৰটোৰ ডিঙিলৈকে পোৱাৰ পাছত তেওঁ পুনৰ পাত্ৰটো পূৰ হৈছেনে সুধিলে।
সকলোৱে একেমুখে চিঞৰি উঠিল: অ’ অ’ এইবাৰহে পূৰ হৈছে।
শিক্ষকজনে পুনৰ মেজত থকা শুকান বালি পাত্ৰটোত ভৰাবলৈ লাগিল। সকলোৰে অবাক চকুৰ সমুখত মুঠিয়ে মুঠিয়ে বালি পাত্ৰটোত সুমাই গৈয়েই থাকিল। পাত্ৰটোৰ ডিঙিলৈকে পোৱাত তেওঁ পুনৰ পাত্ৰটো পূৰ হৈছেনে সুধিলে।
সকলোৱে একেমুখে চিঞৰি উঠিল: হৈছে। হৈছে ।
এইবাৰ শিক্ষকজনে পাত্ৰটো সকলোৰে সমুখত উবুৰিয়াই দিলে। সকলোৱে দেখিলে যে জৰজৰকৈ বালিখিনি ওলাই আহিল। অলপ জুকাৰি দিয়াত সিহঁতক অবাক কৰি সৰু সৰু পাথৰবোৰো হুৰ-হুৰকৈ সৰি পৰিল। কিন্তু ডাঙৰ শিলবোৰ জোৰকৈ জোকাৰি দিয়াটো ওলাই নাহিল।
এতিয়া শিক্ষকজনে ক’লে: এই পাত্ৰটো তোমালোকৰ জীৱনৰ প্ৰতীক। এই ডাঙৰ ডাঙৰ শিলকেইটা হৈছে তোমালোকৰ আটাইতকৈ প্ৰয়োজনীয় বস্তুবোৰ যেনে তোমালোকৰ মা-দেউতা, পৰিয়ালবৰ্গ, স্বাস্থ্য, সন্তান ইত্যাদি। যদি সকলোবোৰ হেৰাই যায় তেওঁলোকহে তোমালোকৰ কাষত থাকিব, তোমালোকৰ জীৱন তেতিয়াও পূৰ্ণ হৈ থাকিব। সৰু সৰু পাথৰবোৰ অন্যবোৰ, যেনে ঘৰ, গাড়ী, চাকৰি ইত্যাদি। আৰু বালিখিনি হ’ল বাকী সকলোবোৰ, বন্ধু-বান্ধৱ,অন্য সৰু সৰু বস্তুবোৰ।
“যদি তোমালোকে প্ৰথমতেই বালিখিনি পাত্ৰটোত ভৰাই লোৱা তেন্তে তাত পাথৰ বা শিলখিনিৰ বাবে কোনো ঠাই নাথাকিব। জীৱনটোতো তেনেকুৱাই হয়। যদি তুমি তোমাৰ সকলো সময়- শক্তি এই বালিখিনিত অৰ্থাৎ সৰু সৰু কথাবোৰত ব্যৱহাৰ কৰা তেন্তে অন্য প্ৰয়োজনীয় আৰু দৰকাৰী কামবোৰৰ বাৰে সময় নহ’ব।
তোমালোকে শিলবোৰৰ যত্ন লোৱা, যিবোৰ তোমাৰ জীৱনৰ বাবে সঁচা প্ৰয়োজনীয়, নিজৰ প্ৰাৰম্ভিকতাখিনি ঠিক কৰি লোৱা। বাকীবোৰ বালি-ধূলিকণা মাত্ৰ।”
(৩)
ৰবিয়ে গছ-গছনি বৰ ভাল পায়। সৰুৰে পৰা সি বাৰীত বিভিন্ন গছৰ পুলি ৰুই, সদায় পুৱা গধুলি পানী দি দি ভগৱানক গছবোৰ সোনকালে ডাঙৰ হ’বলৈ প্ৰাৰ্থনা কৰাটো তাৰ অভ্যাসত পৰিণত হৈছে। তাৰ বাৰীৰ শকত আবত গছবোৰ চাই চাই মন ভৰি যায়।
ৰবিহঁতৰ কাষৰ ঘৰটো আছিল এজন ডাক্তৰৰ। তেওঁ আকৌ নিজৰ বাগিছাৰ গছপুলিবোৰ অদ্ভুত ধৰণে যত্ন লয়। তেওঁ “দুখ নকৰিলে মুখ নভৰে” (NO PAIN NO GAIN) বিদ্যালয়ৰ বাৰীবিজ্ঞান(হৰ্টিকালচাৰ) বিভাগৰ ছাত্ৰ। ডাক্তৰে প্ৰচলিত নিয়ম অনুসৰি গছপুলিবোৰত কেতিয়াও পানী নিদিছিল। ৰবিয়ে কাৰণ সুধিলে কয়-‘মই শিপাবোৰ মজবুত আৰু দীঘল কৰিছোঁ। যদি মই পুলিবোৰত সদায় পানী দিওঁ, শিপাবোৰে সহজতে পানী পাই দীঘল নহৈ লেহুকা আৰু চুটি হৈ থাকিব। যদি পানী নিদিওঁ সিহঁতে নিজেই পানী আৰু সাৰ বিচাৰি দীঘল আৰু শক্তিশালী হ’ব।’ ডাক্তৰৰ ঘৰটো প্ৰায় পাঁচ বিঘামান মাটিত অৱস্থিত আৰু তাত তেওঁ এখন হাবি কৰিব খুজিছিল।
এদিনাখন ৰবিয়ে ডাক্তৰৰ ঘৰৰ পৰা এক অদ্ভূত শব্দ শুনিবলৈ পালে। অতি-উত্সুকতাৰে সি জুমি চাই দেখে যে ডাক্তৰে বাতৰি কাগজ এখন লৈ গছ-পুলিবোৰক জাৰুপ জাৰুপ কোবাইছে। আচৰিত হৈ ভেবা লাগি চাই থকা ৰবিক তেওঁ ক’লে-‘মই গছবোৰক অতি প্ৰতিকুল পৰিস্থিতিলৈ প্ৰস্তুত কৰিছোঁ।’ ডাক্তৰৰ কাণ্ড কাৰখানা ৰবিৰ বাবে বৰ অদ্ভুত আছিল।
কিছু দিনৰ পাছত ৰবিয়ে প্ৰবেশিকা পাছ কৰি উচ্চশিক্ষাৰ বাবে ঘৰৰ পৰা আঁতৰি গ’ল আৰু ডাক্তৰেও ডাক্তৰীৰ বাৰে দূৰলৈ যাব লগা হ’ল। পছিশ বছৰৰ পাছত, ৰবিহতঁৰ গাওখন বৰ বেয়াকৈ ঘূৰ্ণীবতাহৰ কবলত পৰিল আৰু তাৰ খবৰ পাই ৰবিয়ে নিজৰ ঘৰখনলৈ ধপলিয়াই আহিল। সি দেখিলে যে সি ৰোৱা গছবোৰৰ মাত্ৰ কোইজোপামানহে থিয় হৈ আছে। কিন্তু সি আচৰিত হ’ল যে ডাক্তৰৰ ঘৰৰ চাৰিওকাষ কোনো হানি-বিঘিনি নোহোৱাকৈ এখন বিয়াগোম জংঘলত পৰিণত হৈ আছে।
শিপাই গছবোৰৰ ক্ষেত্ৰত যি কৰে আমাৰ জীৱন বা সংগঠনৰ ক্ষেত্ৰটো মূল বা প্ৰকৃত মূল্যবোধে তাকে কৰে। কিছুমান ব্যক্তি বা কোম্পানী খুব খৰকৈ জনপ্ৰিয় হৈ বাঢ়ি আহে, কিন্তু নিজৰ শিপাৰ প্ৰতি মনোযোগ নিদিয়াৰ বাবেই খুব খৰকৈ সময়ৰ গতিত হেৰাই যায়, অন্য কথাত নিজৰ ভেটি বা গাঠনি মজবুত নহয়। ব্যৱহাৰিক ক্ষেত্ৰত আমি কঠোৰ নিয়ম কানুনৰ প্ৰতি অৱহেলা কৰো বাবেই লাহে লাহে গাঠনি সুলোক-ঢোলোক হৈ পৰে। ফলত উচ্চ শিখৰৰ পৰা সৰি পৰিবলৈ বেছি সময় নালাগে। কিন্তু যি সকলে নিজৰ ভেটি(BASE) সবল মজবুত কৰি লৈছে তেওঁলোক কেতিয়াও খহি নপৰে। টাটা, ইনফচিচ, জনচন আদি তেনে কিছুমান প্ৰতিস্থান(ব্যক্তিৰ নাম লোৱাৰ পৰা মই বিৰত থাকিলোঁ)। যেতিয়া প্ৰকৃত মূল্যবোধৰ ওপৰত কোনো ব্যক্তি বা প্ৰতিস্থান গঢ় লৈ উঠে তেতিয়া তেওঁলোকে সহজে সঠিক সিদ্ধান্ত ল’ব পাৰে আৰু মানুহৰ মাজত নিজকে বিশ্বাসযোগ্য কৰি তুলিবলৈ সক্ষম হয়। নহ’লে সহজতে ধুমুহাত বিদ্ধস্ত হৈ পৰে।